Apr 1, 2014

য়েটি অভিযান - অষ্টাদশ অধ্যায়

ৰাজীৱ ফুকন
Yeti Obhijan By Rajiv Phukan

মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

অষ্টাদশ অধ্যায়

খুৰাদেউৱে ৰিভলভাৰটো তুলি লৈ দেৱালখনৰ পিনে পিছুৱাই গ'ল৷ তাৰ পিছত ৰিভলভাৰটো দঙি ধৰিল মানুহজনৰ পিনে৷
 
পৰি যোৱাৰ পিছত মানুহজনে একো শব্দ কৰা নাছিল, অকণো লৰচৰো কৰা নাছিল৷ একেই ঠাইতে পৰি ৰ'ল ওপৰলৈ মুখ কৰি৷ খুৰাদেউৱে ভাবিলে, মানুহজন হয়তো অজ্ঞান হৈ পৰিছে শিলত ঠেকা খাই! কিন্তু ইমান জোৰতো পৰা নাছিল সি! নে কিবা বেলেগ মতলব কৰিছে সি?
 
খুৰাদেউৱে ক'লে, "আপুনি উঠি বহক, তাৰ পিছত মোৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিয়ক৷ কোনোধৰণৰ চালাকি কৰিবলৈ চেষ্টা নকৰিব, মোৰ এইম বহুত ভাল, এটা গুলীত আপোনাৰ মূৰৰ খোলা উৰুৱাই দিব পাৰিম৷"
 
মানুহজনে তেতিয়াও লৰ চৰ নকৰিলে৷
 
খুৰাদেউৱে বুজিলে তেওঁ আগুৱাই গৈ মানুহজনক উঠাবলৈ চেষ্টা কৰিলেই সি জঁপিয়াই পৰিব তেওঁৰ ওপৰত৷
 
খুৰাদেউৱে কুকুৰটোক দলিয়াই দিয়াৰ পিছতেই সি ভয় খাই পলাই গৈছে৷ কিছু দূৰলৈ গৈ সি কুঁ-কুঁৱাই আছে৷ খুৰাদেউৱে সেইপিনে মন নিদিলে৷ মানুহজনক উদ্দেশ্যি পুনৰ ক'লে, "মই একৰ পৰা পাঁচলৈ গণিম৷ তাৰ আগতেই যদি উঠি নবহে, মই আপোনাৰ গালৈ গুলী কৰি দিম৷ এক... দুই ...."
 
লগে লগেই শক্তিশালী চাৰ্ছ লাইটৰ পোহৰত উজলি উঠিল সুৰঙ্গটো৷ ইমানেই উজ্জল পোহৰ যে চকু চাত মাৰি ধৰিলে খুৰাদেউৰ৷ এখন হাতেৰে তেওঁ চকু ঢাকি কৰিলে৷
 
মানুহজন লাহে লাহে উঠি বহিল৷
 
খুৰাদেউৱে তাক ধমক দি ক'লে, "পোহৰলৈ পিছ দি বহক৷ উঠিবলৈ চেষ্টা নকৰিব৷"
 
তেনেতে গমগমাই উঠিল লাউড স্পীকাৰৰ শব্দ৷ কোনোবা এজনে ক'লে, "এটেনছন প্লীজ! মিঃ ৰায়চৌধুৰী, কেন ইউ হীয়াৰ মি? মিঃ ৰায় চৌধুৰী, আপোনাৰ হাতৰ পিষ্টলটো পেলাই দিয়ক! প্লীজ!"
 
খুৰাদেউৱে চাবলৈ চেষ্টা কৰিলে, সুৰঙ্গৰ ভিতৰত ক'ত লাউড স্পীকাৰ লগোৱা আছে৷ একো নেদেখিলে৷ ভালদৰে চকু মেলিবই পৰা নাই তেওঁ৷
 
স্পীকাৰত পুনৰ সেই একেখিনি কথা ভাহি আহিল৷
 
খুৰাদেউৱে এইবাৰ উত্তৰ দিলে, "হু এভাৰ ইউ আৰ... সন্মুখলৈ আহি কথা কওঁক, মই পিষ্টল নেপেলাওঁ৷"
 
মাইক্ৰ'ফোনৰ শব্দটো বন্ধ হৈ গ'ল৷ হঠাৎ যেন নিস্তব্ধ হৈ পৰিল ঠাইখন৷ মুখা পিন্ধা মানুহজনে খুৰাদেউৰ পিনে একে দৃষ্টিৰে চাই আছে৷
 
খুৰাদেউৱে সুধিলে, "আপোনালোক কোন দেশৰ মানুহ?"
 
মানুহজনে একো উত্তৰ নিদি হাঁহিলে কেৱল৷
 
খুৰাদেউৱে ক'লে, "উত্তৰ নিদিলে মই কিন্তু গুলীয়াই দিম৷"
 
মানুহজনে তেতিয়াও অবাধ্যৰ ভঙ্গিত কান্ধ জোকাৰিলে৷
 
তেনেতে গপ-গপ শব্দ হোৱাত খুৰাদেউ চমকি উঠিল৷ ঠিক একেই ধৰণৰ হালধীয়া মুখা পিন্ধা তিনিজন মানুহ মাৰ্চ কৰাৰ দৰে একেলগে খোজ কাঢ়ি আহিছে এইপিনে৷ সিহঁতৰ হাতত ৰিভলভাৰৰ নিচিনা দীঘল কোনো অস্ত্ৰ৷
 
সিহঁত ওচৰ পালত খুৰাদেউৱে ক'লে, "সাৱধান, আৰু এখোজো নাগুৱাব! নহ'লে মই এই মানুহজনক গুলীয়াই মাৰি পেলাম৷"
 
মানুহ কেইজন তেতিয়াও নৰ', সিহঁতৰ মাজৰ এজনে ক'লে, "মাৰক! তাক মাৰক!"
 
চকু চাত মাৰি ধৰা পোহৰৰ মাজতে মুখখন এফালে ঘূৰাই খুৰাদেউৱে ৰিভলভাৰৰ নলীটো উঠাই ট্ৰিগাৰত হাত দিলে৷
 
মানুহ তিনিজন খুৰাদেউৰ একেবাৰে ওচৰত আহি ৰ'ল৷ এজনে ক'লে, "কি হ', নামাৰে তাক? ট্ৰিগাৰ টিপক৷"
 
খুৰাদেউৱে ক'লে, "মানুহ মৰাটো মোৰ পেছা নহয়৷ বিশেষকৈ কোনো নিৰস্ত্ৰ মানুহক মই অস্ত্ৰৰে আক্ৰমণ নকৰো কেতিয়াও৷"
 
সেই মানুহ জনে ক'লে, "মিঃ ৰায়চৌধুৰী, দয়া কৰি ইয়াত কোনো গণ্ডগোলৰ সৃষ্টি নকৰিব৷ আপোনাক আমি অত্যাচাৰ কৰিব খজা নাই৷"
 
খুৰাদেউৱে সুধিলে, "আপোনালোক কোন?"
 
"আপুনি ইয়াত কোনো প্ৰশ্ন কৰিব নোৱাৰিব৷ আমিহে প্ৰশ্ন কৰিম৷ সদ্যহতে আমি আপোনাৰ চকু দুটা বান্ধি দিব খোজো৷"
 
"নাই৷"
 
"আমাক জোৰ কৰিবলৈ বাধ্য নকৰিব৷"
 
"আপোনালোক দেখিছো ভদ্ৰতাৰ প্ৰতিমূৰ্তি! শুনক, মই মানুহ মাৰিবলৈ গুলী নচলাওঁ সঁচা, কিন্তু আত্মৰক্ষাৰ খাতিৰত কাৰোবাৰ ভৰি খোৰা কৰি দিয়াত মোৰ আপত্তি নাই৷ আপোনালোকে মোৰ গাত হাত দিলেই মই এই মানুহজনৰ ভৰিত গুলীয়াম৷"
 
"ঠিক আছে, তাক গুলি কৰক না৷ খোৰা কৰি দিয়ক তাক৷ সি শাস্তি পোৱাৰেই যোগ্য৷"
 
সন্মুখৰ মানুহজনে এইবাৰ ভয় খোৱাৰ ভংগিত কৈ উঠিল, "আৰে বাপৰে, নাই নাই! মই মূৰত এনেই বহুত দুখ পাই থৈছো, তেওঁ ইমান জোৰত বগৰাই দিছিল!"
 
দুজন মানুহে খুৰাদেউৰ কান্ধত হাত দিয়াৰ লগে লগেই তেওঁ গুলী চলালে সিহঁতক ভয় দেখুৱাবলৈ৷ ৰিভলভাৰটোৰ ভিতৰত ঘৰ-ৰ ঘৰ-ৰ শব্দ হ'ল আৰু মুখেৰে অকণমান পোহৰ ওলাই আহিল৷ কিন্তু গুলী নোলাল৷
 
সকলোৱে সমস্বৰে হাঁহি উঠিল, হাঁ হাঁ কৈ৷ মাটিত বহি থকা মানুহজনেও ভাগ ল'লে সেই হাঁহিত৷
 
খুৰাদেউৱে অবাক আৰু বিৰক্ত হৈ ৰিভলভাৰটো পৰীক্ষা কৰাত লাগিল৷
 
এজন মুখাধাৰীয়ে ক'লে, "এতিয়া বুজিছে চাগে, সেইটো যে এটা খেলনা পিষ্টল!"

 
খুৰাদেউৱে সেইটো দূৰলৈ দলিয়াই দি ক'লে, "এটা খেলনা পিষ্টল হাতত দি য়েটিৰ পোছাক পিন্ধাই এই ক্লাউনটেক আপোনালোকে মোৰ ওচৰলৈ পঠাইছিল? আপোনালোকে কি ভাবিছিল, মোৰ নিচিনা মানুহে ইমানতেই ভয় খাই যাম?"
 
তিনিওজন মুখাধাৰীৰ মাজৰ এজনেই কথাবোৰ কৈ আছিল৷ সি ক'লে, "আমাৰ ইয়াৰে জীৱনত কোনো বৈচিত্ৰতা নাই, সেয়ে আপোনাৰ সৈতে অলপ ধেমালি কৰিলো৷ আমাৰ হাতৰ এই কেইটা কিন্তু খেলনা নহয়! চাব নেকি?"
 
মানুহজনে সেই ৰিভলভাৰৰ দৰে অস্ত্ৰটো কান্ধৰ ওপৰত থৈ পিছ ফালে গুলীয়াই দিলে৷ সাধাৰণ ৰিভলভাৰৰ তুলনাত বহুত বেছি ডাঙৰ শব্দ হ', দেৱালত গুলী লাগি পাথৰৰ টুকুৰা উফৰি গ'ল চাৰিওপিনে, তাৰে এটুকুৰা খুৰাদেউৰ গাতো পৰিল৷
 
তাৰ পিছত মানুহজনে ক'লে, "নাম্বাৰ চেভেন, উঠা, ৰায়চৌধুৰীৰ চকু দুটা বান্ধি দিয়া৷"
 
খুৰাদেউৱে ক'লে, "কিয়? আপোনালোকে মোৰ চকু বান্ধিব খুজিছে কিয়?"
 
"ছিঃ ছিঃ ৰায়চৌধুৰী, পাহৰি গ'লেই নে ইমানখিনি সময়ৰ ভিতিৰতে? কৈছো নহয়, আপুনি প্ৰশ্ন কৰিব নোৱাৰিব৷"
 
দুজন মানুহে দুফালে ধৰি খুৰাদেউক উঠাই দিলে৷ খুৰাদেউৱে কঠোৰ ভাৱে ক'লে, "আপোনালোক চাৰিজনে মিলি জোৰ-জবৰদস্তি কৰি যি ইচ্ছা তাকে কৰিব পাৰে৷ কিন্তু মই চকু মেলি থাকিব খোজো৷ আৰু মোৰ পেংযোৰ ঘূৰাই দিলে ভাল পাম৷"
 
"আপুনি চকু মেলি থাকিব খোজে? বাৰু, দেখা যাওঁক, আপুনি চকু মেলি থাকিব পাৰে নে নাই, আমি জোৰ নকৰো৷"
 
মানুহ কেইজনে সিহঁতৰ জেপৰ পৰা এক বিশেষ ধৰণৰ চচমা উলিয়াই ল'লে৷ তাৰ পিছত এজনে চিঞৰি ক'লে, "লাইট৷"
 
পোহৰটো আৰু বাঢ়ি গ'ল৷ খুৰাদেউৱে চকু মুদি দিলে৷ মানুহ কেইজনে হাঁহি উঠিল৷ সিহঁতৰ দলপতিজনে ক'লে, "পাৰিলে নে চকু মেলি থাকিব?"
 
খুৰাদেউৱে বিপৰীত ফালে মুখ কৰি ক'লে, "এইবাৰ দেখিছো৷"
 
"কিন্তু আমি যদি অনবৰতে লাইট কেইটা জ্বলাই ৰাখো, আপুনি কি এইপিনেই মুখ কৰি থাকিব নেকি? তেনেকৈ জানো হ'?"
 
"আপোনালোকে চকু বান্ধি মোক ক'লৈ নিব খুজিছে?"
 
"উহু, প্ৰশ্ন নচলিব, কোনো প্ৰশ্ন নচলিব৷"
 
এজনে এটা কলা ৰঙৰ গাৰুৰ গিলিপৰ দৰে বস্তু পিন্ধাই দিলে খুৰাদেউৰ মূৰত৷ আৰু  পিছফালে টানি বান্ধি দিলে৷
 
খুৰাদেউৱে ঠাত্তাৰ সুৰত ক'লে, "এইবাৰ মোৰ হাত দুখন নাবান্ধে নেকি?"
 
"নাই, তাৰ দৰকাৰ নাই৷"
 
"তেনেহ'লে চোন মই যেতিয়াই মন যায় তেতিয়াই গাঁঠি খুলিব পাৰিম৷"
 
"চেষ্টা কৰি চাওঁক না এবাৰ৷ পাৰ্ছিয়ান নটৰ কথা শুনিছে নিশ্চয়? স্বয়ং আলেকজেন্দাৰেও যি গাঁঠি খুলিব পৰা নাছিল, এয়া হল সেই গাঁঠি৷"
 
"হুঁ, কিছু শিক্ষা-দীক্ষাও আছে দেখিছো! আপোনালোক শিক্ষিত মানুহ, অথচ মুখা পিন্ধি হাতত ৰিভলভাৰ লৈ ফুৰে, এক কথাত ক'বলৈ গ'লে গুণ্ডা, ইয়াতে কিবা বে-আইনী কাম কৰি আছে নিশ্চয়!"
 
"আপুনি ফেন্টমৰ কমিক্স পঢ়ে? ফেন্টমেওতো মুখা পিন্ধে, তাৰ লগতো ৰিভলভাৰ থাকে, সি জানো গুণ্ডা?"
 
"ডোনট বি ৰিডিকুলাছ! ক'ত যাব লাগে ব'লক৷ আপোনালোকে আজি মোৰ লগত ঠাত্তা-মস্কৰা কৰিছে, কিন্তু আজিৰ পৰা তিনি দিনৰ ভিতৰত আপোনালোক চব জেলত যাব লাগিব৷"
 
"সঁচাকৈ, মিঃ ৰায়চৌধুৰী? আপুনি আমাক ভয় দেখুৱাইছে?"
 
"মই কাকো মিছাকৈ ভয় নেদেখুৱাওঁ৷ ভালুকৰ ছালৰে বনোৱা য়েটিৰ পোছাক পিন্ধি মানুহক ভয় দেখুওৱা আৰু খৰমৰ নিচিনা কোনো বস্তুৰে বৰফ ওপৰত ভৰিৰ খোজ পেলাই থৈ অহা, আপোনালোকৰ এইবিলাক ভেল্কীবাজি বেছিদিন নচলিব৷"
 
"তাৰমানে তিনিদিন পিছতেই আমি ধৰা পৰি যাম? কোন আহিব ধৰিবলৈ?"
 
"মিলিটেৰী, পুলিচ৷ আপোনালোকৰ ইয়াত যিমানেই দল-বল নাথাকক কিয়, কিন্তু কোনো দেশৰ চৰকাৰৰ সৈতে যুঁজাৰ ক্ষমতা নিশ্চয় আপোনালোকৰ নাই৷"
 
"কিন্তু পুলিচ মিলিটেৰীয়ে গম কেনেকৈ পাব আমি কত আছো?"
 
"য়েটি যেতিয়াই তেতিয়াই অদৃশ্য হৈ যায়, এক মুহূৰ্ত দেখা দিয়েই নাইকিয়া হৈ যায়, এইবিলাক শুনিয়েই মই বুজিছিলো যে ইয়াতে মাটিৰ তলত কিবা এটা চলি আছে৷"
 
"সেইটো কথা বুজি পোৱাটো স্বাভাৱিক৷ বিশেষকৈ আপোনাৰ দৰে বুধিয়ক মানুহেতো বুজি পাবই৷ কিন্তু মিলিটাৰী বা পুলিচে কেনেকৈ জানিব যে মাটিৰ তলৰ ঠিক কোনখিনি ঠাইত আমি আছো?"
 
খুৰাদেউ মনে মনে ৰ'ল৷
 
দলপতিজনে ক'লে, "মানে সেই বিষয়ে আপুনি আমাক জনাব খোজা নাই৷ নহয় জানো? মই যদি কওঁ, আপুনি আমাক এনেয়ে ভয় দেখুৱাইছে! আমাৰ সন্ধান  বাহিৰৰ মানুহে পোৱাৰ কোনো সম্ভাৱনা নাই৷"
 
খুৰাদেউৱে ক'লে, " সম্ভাৱনা নিশ্চয় আছে৷ ধৰি লওঁক, মোৰ এটা আলৌকিক ক্ষমতা আছে৷ মই মনে মনে খবৰ পঠাব পাৰো৷ মই য'তেই নাথাকো কিয়, মোৰ সংগীবৃন্দই তাৰ উমান পাই যায়৷ মোক উদ্ধাৰ কৰিবলৈকে সিহঁত ইয়ালৈ আহি ওলাবই৷"
 
মুখাধাৰী কেইজনে একেলগে হাঁহি উঠিল৷
 
দলপতিজনে ক'লে, "আপোনাৰ কি আলৌকিক ক্ষমতা আছে, সেয়া আমি জানো৷ তাৰ ব্যৱস্থাও কৰা হৈছে! এতিয়া ব'লক, আন এঠাইত কথা পাতিম৷"
 
দুজনে দুফালে ধৰি খুৰাদেউক খোজ কঢ়াই লৈ গ'ল৷ খুৰাদেউৰ ভাব হ', ফাঁচীৰ মঞ্চলৈ লৈ যাবৰ পৰত আচামীক এনেদৰে চকু মুখ ঢাকি লৈ যোৱা হয়৷ কিন্তু ইহঁতে তেওঁক মাৰি পেলাব বুলি তেওঁৰ বিশ্বাস নহ'ল৷
 
এজন মুখাধাৰীয়ে ক'লে, "ইছ, সঁচাকৈ মিঃ ৰায়চৌধুৰীৰ পেং যোৰৰ কথা ভবা উচিত আছিল৷ তেওঁৰ খোজ কঢ়াত বৰ অসুবিধা হৈছে৷"
 
আন এজনে ক'লে, "তেওঁক দাঙি লৈ যোৱা ভাল৷"
 
খুৰাদেউৱে আপত্তি কৰাৰ আগতেই সিহঁত চবে মিলি খুৰাদেউক দাঙি লৈ দৌৰিবলৈ ধৰিলে৷ বাধা দি লাভ নাই কাৰণে খুৰাদেউ মনে মনে থাকিল৷
 
বেছ কিছু দূৰ যোৱাৰ পিছত সিহঁত এঠাইত আহি ৰ', খুৰাদেউক নমাই দিলে মাটিত৷ আন কোনোবা এজনে গম্ভীৰ মাতেৰে ক'লে, "মিঃ ৰায়চৌধুৰীক সৌ চকীখনত বহাই দিয়া৷ আৰু মুখৰ কাপোৰখন খুলি দিয়া৷"
 
খুৰাদেউৱে মন কৰিলে, সিহঁতে পিছফালৰ গাঁঠিটো খোলাৰ চেষ্টাই নকৰিলে, এখন চুৰিৰে খচ খচকৈ ফালি দিলে কাপোৰখন৷ পাৰছিয়ান নটেই হ'য় চাগে!
 
সন্মুখলৈ চায়েই খুৰাদেউ উচপ খাই উঠিল, এয়া কি!

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ