মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
উনবিংশ অধ্যায়
খুৰাদেউৱে প্ৰথমতে সঁচাকৈয়ে ভয় খাই
গৈছিল৷
পাথৰ কাটি বনোৱা হৈছে এখন চাৰিকুণীয়া
টেবুল৷ তাৰ ওপৰত হাত ভৰি মেলি পৰি আছে সন্তু৷ দেখিলে ভাব হয়, তাৰ মৃত্যু হৈছে৷
খুৰাদেউৱে ল'ৰ মাৰি যাব খুজিছিল তাৰ ওচৰলৈ৷ কিন্তু
দুজন মুখাধাৰীয়ে ধৰি আছিল তেওঁক৷ প্ৰচণ্ড শক্তি প্ৰয়োগ কৰিও তেওঁ নিজক এৰুৱাব
নোৱাৰিলে৷
তেওঁ খঙেৰে ক'লে, "এয়া কি? সন্তু কেনেকৈ ইয়ালৈ আহিল? তোমালোকে কি কৰিছা তাৰ লগত?"
মুখাধাৰী কেইজনৰ কোনেও উত্তৰ নিদিলে৷ সোঁফালৰ
পৰা আন কোনোবা এজনে মাত দিলে, "হেল্ল', মিঃ ৰায়চৌধুৰী৷ ডু ইউ ৰিক'গনাইজ মি?"
খুৰাদেউৱে সেইফালে চাই দেখিলে, অত্যন্ত ওখ চকী এখনত এজন চাহাব বহি আছে,
ভৰিৰ
পৰা মূৰলৈকে ক'লা ৰঙৰ পোছাকেৰে আবৰা৷ এওঁৰ মুখত মুখা নাই৷ মূৰৰ চুলি টিকটিকীয়া ৰঙা৷
ডিঙিত ওলমি আছে এডাল সোণৰ হাৰ, তাত লাগি আছে এটা লকেট৷ লকেটটো বেলেগ একো নহয়,
মানুহৰ
দাঁততকৈ বহুগুণে ডাঙৰ সোণেৰে বন্ধোৱা এটা দাঁত৷
খুৰাদেউৱে প্ৰথমতে ভালদৰে দেখা নাছিল৷
তেওঁৰ চকু চকুলোৰে উপচি পৰিছে৷ সন্তুক যে তেওঁ ইমান ভাল পায়, সেই কথা তেওঁ আগতে জনা নাছিল৷ বহুত দুখ
কষ্টতো চকু পানী নোলায় তেওঁৰ৷ মানুহৰ আগত কন্দা মানুহেই নহয় তেওঁ৷ কিন্তু তেওঁ চকু
পানী মচিবও পৰা নাই এতিয়া, মুখাধাৰী কেইজনে পিছফালে মেৰিয়াই ধৰি আছে তেওঁৰ
হাত দুখন৷
তেওঁ ঘৃণাৰে ক'লে, "তোক মই নিচিনিম? কেইন ছিপটন৷ মোৰ ভতিজাটোক তহঁতে মাৰি
পেলালি৷ ইমান কণমানি ল'ৰা এটাক মাৰিবলৈও তোৰ দ্বিধা নহ'ল? ইমান নিকৃষ্ট হত্যাকাৰী তই? ছিঃ!"
কেইন ছিপটনে হাঁ হাঁ কৈ হাঁহি উঠিল৷
খুৰাদেউৱে আকৌ ক'লে, "তোৰ দেউতাৰক মই জানিছিলো৷ কিমান ডাঙৰ
মানুহ আছিল তেওঁ, তেখেতৰ ল'ৰা হৈ তোৰ এই কাণ্ড! তোৰ বিষয়ে একো খবৰ ল'বলৈ বাকী নাই মোৰ৷ কম বয়সৰ পৰাই তোৰ
ৰাতিৰ ভিতৰতে ধনী হোৱাৰ চখ৷ সেই কাৰণেই তই এবাৰ ভাৰাতীয় সৈন্য হৈ আফ্ৰিকাৰ কঙ্গোলৈ
গৈছিলি নিৰীহ মানুহ হত্যা কৰিবলৈ৷ তাৰ পিছত এটা এভাৰেষ্ট আৰোহণকাৰীৰ দলৰ লগ হৈ
ইয়ালৈ আহিছ৷ বনাই বনাই য়েটিৰ কাহিনী কৈ এদিন উধাও হৈ গ'লি৷ ইয়াত যে তই কোনোবা বিদেশী গুপ্তচৰ
সংস্থাৰ হৈ কাম কৰি আছ৷ মই জানো৷ সেই বুলি তই ইমান কণমানি ল'ৰাটোক মাৰি পেলালি! তোৰ কি বিবেক বোলা
একোৱেই নাই? তাৰ সলনিতো তই মোকেই মাৰি পেলাব পাৰিলিহেঁতেন! মইয়েহে তোৰ আচল
শত্ৰু৷"
কেইন ছিপটনে হাত দাঙি ক'লে, "বহুত কথা কলা, এতিয়া বন্ধ কৰা মিঃ ৰায়চৌধুৰী৷ তোমাৰ
এই ভতিজাটো এটা টেৰিবল কিড৷ আজিলৈকে যিটো কাম কোনেও কৰিব পৰা নাই, আনকি তুমিও পৰা নাই, সেইটো কাম সি কৰি পেলাইছে৷ আমাৰ এই
মাটিৰ তলৰ বাঙ্কাৰত সোমোৱা দৰ্জাখন সি বিচাৰি উলিয়াইছে৷ তাৰ আৰু জীয়াই থকাৰ কোনো
অধিকাৰ নাই৷"
খুৰাদেউৱে এটা দীৰ্ঘ নিশ্বাস পেলাই ক'লে, "যাহওঁক, তেনেহ'লে তাৰ মৃত্যু অথলে যোৱা নাই৷ সি দেশৰ
কাম কৰাৰ হকে মৰিছে৷ সি যিহেতু দৰজাখন আৱিষ্কাৰ কৰি নিজে সোমাইছে, বাহিৰত নিশ্চয় কিবা চিন ৰাখি থৈ আহিছে৷
বাহিৰৰ পৰা সহায় আহিবই, তহঁত চব ধৰা পৰিবি৷"
কেইন ছিপটনে ক'লে, "ড'ন্ট বি টু অপটিমিছটিক, ৰায়চৌধুৰী৷ দৰজাখন আমি আকৌ চিল কৰি
দিছো, বাহিৰৰ পৰা চিনি পোৱাৰ কোনো উপায় নাই৷ তাৰোপৰি তোমাৰ খেলনাটোও আৰু
কামত নাহিব৷"
কেইন ছিপটনে এইবাৰ হুকুমৰ সুৰত ক'লে, "আনড্ৰেছ হিম৷"
লগে লগে চাৰি পাঁচজন মান মুখাধাৰীয়ে
খুৰাদেউক জপটিয়াই ধৰি তেওঁৰ কাপোৰ-কানিবোৰ খুলিবলৈ ধৰিলে৷ বাধা দি একো লাভ নাই
কাৰণে তেওঁ নীৰৱে থিয় হৈ ৰ'ল৷ তেওঁৰ অভাৰকোট, ৱেষ্টকোট, চুৱেটাৰ, ছাৰ্ট সকলো খুলি পেলোৱাৰ পিছত যন্ত্ৰ
এটা পোৱা গ'ল গেঞ্জীত লগাই থোৱা অৱস্থাত৷ মুখাধাৰীয়ে যন্ত্ৰটো খুলি নি কেইন
ছিপটনৰ হাতত তুলি দিলে৷
কেইন ছিপটনে সেইটো ঘুৰাই পকাই চাই ক'লে, "হুঁ, কিউট লিটিল ঠিং৷ শুনা ৰায়চৌধুৰী,
তুমি
গম্বুজত বহি ৰেডিঅ'-টেলিফোন যোগে যিবোৰ খবৰ পঠোৱা, সেই চব খবৰেই আমি ইন্টাৰছেপ্ট কৰিছো৷
তোমাৰ বুকুৰ এই যন্ত্ৰটোত মাজে মাজে বিপ বিপ শব্দ হয়, আৰু ছিয়াংবচিৰ ৰিচিভং চেন্টাৰত সেইটো
ধৰা পৰে৷ তাৰ পৰা সিহঁতে গম পায়, তুমি কেতিয়া ক'ত আছা৷ তুমি আগৰে পৰাই এই ব্যৱস্থাটো
কৰি ৰাখিছিলা৷ কিন্তু আমি জানিছিলো, সেই কাৰণে যোৱা চৌবিশ ঘন্টা ধৰি আমি সকলো
ৱেভলেংথ জাম কৰি থৈছো, তোমাৰ এই যন্ত্ৰটোৱে পঠোৱা ছিগনেল কোনেও নাপায়, বুজিলা? গতিকে তুমি এতিয়া ক'ত আছা, সেয়া জনাৰ সাধ্য বাহিৰৰ কাৰোৰে নাই৷
ক্লিয়াৰ?"
খুৰাদেউৱে ইয়াৰ উত্তৰত সংক্ষেপতে ক'লে, "মোৰ কাপোৰ খিনি ঘূৰাই পামনে? মোৰ ঠাণ্ডা লাগিছে৷"
মাটিৰ তলৰ এই ঠাইখন কিছু গৰম যদিও মাজে
মাজে যেন ঠাণ্ডা বতাহ এচাতি সোমাই আহে ক'ৰবাৰ পৰা৷ খুৰাদেউৱে কাপোৰ পিন্ধিবলৈ
ধৰিলে, মুখাধাৰী কেইজন অলপ আঁতৰত গৈ থিয় হৈ থাকিল৷ সিহঁতৰ হাতৰ পৰা মুক্ত হ’ব পাৰি খুৰাদেউৱে আৰু থিৰেৰে থাকিব
নোৱাৰিলে৷ তেওঁ দৌৰি গৈ সাৱটি ধৰিলে সন্তুক৷
মুখাধাৰী কেইজনে তেওঁক পুনৰ ধৰাৰ আগতেই
তেওঁ উঠিল৷ তেওঁৰ মুখত হাঁহি বিৰিঙি উঠিছে৷ সন্তুৰ গা গৰম৷ মৰা মানুহৰ গা ইমান গৰম
নহয়৷
কেইন ছিপটনে ক'লে, "হয়, এতিয়াও জীয়াই আছে৷ ল'ৰাটো ওপৰৰ পৰা পৰি অজ্ঞান হৈ পৰিছিল,
লগে
লগে তাক টোপনিৰ ইঞ্জেক্সন দিয়া হৈছে৷ যাতে সি গুহাটোৰ ভিতৰখন দেখিবলৈ নাপায়,
বা
বুজিব নোৱাৰে৷"
খুৰাদেউৱে ক'লে, "ধন্যবাদ৷ তেনেহ'লে তাক এনেদৰে হাত ভৰি মেলি পেলাই থৈছা
কিয়? দেখিলে ভাব হয়, এতিয়াই তাৰ পোষ্টমৰ্টেম কৰা হ'ব৷"
কেইন ছিপটনে ক'লে, "তাৰ ভাগ্য এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ
কৰিছে৷ তাক আমি মাৰি পেলাবও পাৰো, বা ওপৰলৈ নি শুৱাই থৈ আহিবও পাৰো৷ গুহাটোৰ কথা
তাৰ একোৱেই মনত নাথাকিব৷"
খুৰাদেউৱে খুব খৰকৈ চিন্তা কৰিবলৈ
ধৰিলে৷ সন্তুৱে ইয়ালৈ অকলে আহিল কেনেকৈ? সি দৰজাখন আৱিষ্কাৰ কৰি ইয়ালৈ সোমাই
অহা আন কোনেও দেখা নাই নে? অকলে আছিল সি? ৰানা, ভাৰ্মা, মিংমা- সিহঁত ক'লৈ গ'ল? ইহঁতে যদি সন্তুক এই অৱস্থাত ওপৰত থৈ
আহ, সি জানো বাচিব? এতিয়া দিন নে ৰাতি তাকো জনাৰ উপায় নাই৷ যদি
ৰাতি, তেনেহ'লে বাহিৰত ঠাণ্ডাত গোট মাৰি যাব সি৷
উত্তৰত তেওঁ ক'লে, "মোৰ ওপৰত নিৰ্ভৰ কৰিছে মানে? ইয়াৰ জীৱনৰ বিনিময়ত তোমালোকে মোৰ পৰা
কি বিচৰা?"
কেইন ছিপটনে ক'লে, "আমাৰ কাম ইয়াত প্ৰায় শেষ হৈ আহিছে৷ আৰু
দুমাহৰ ভিতৰতে আমি ইয়াৰ পৰা গুছি যাম৷ যন্ত্ৰপাতি সকলো বহোৱা হৈ গৈছে৷ এই
যন্ত্ৰবোৰ এতিয়াৰ পৰা নিজে নিজে চলি থাকিব৷"
খুৰাদেউৱে পিছলৈ এবাৰ ঘূৰি চালে৷ ওচৰতে
গোলকৈ অকণমান ঠাই ৰেলিং দি বন্ধা৷ তাৰ ভিতৰত নিশ্চয় কুঁৱাৰ দৰে কিবা এটা আছে৷ তলৰ
পৰা নীলা ৰঙৰ পোহৰ ওলাই আছে, আৰু ওলাই আছে পাতল ধোঁৱা৷
খুৰাদেউৱে সুধিলে, "কি যন্ত্ৰপাতি? চোৰাংচোৱাগিৰীৰ বাবেই নিশ্চয়৷ তোমালোকে
কোনখন দেশৰ হৈ কাম কৰি আছা?"
"সেইটো তুমি জনাৰ প্ৰয়োজন নাই৷ অঁ... কি
কৈ আছিলো, দুমাহ পিছত আমি ইয়াৰ পৰা গুছি যাম, কেৱল এজন মানুহ ইয়াত থাকিব৷ আৰু সেই
মানুহজন কোন কোৱাচোন? তুমি৷"
"মই?"
"অঁ৷ তোমাক আৰু আমি ওপৰলৈ যাব দিব
নোৱাৰিম৷ তুমি বহুত কথা জানি গ'লা৷ তোমাক আমি খাবলৈ নিদি লাহে লাহে মাৰি পেলাব
পাৰো, কিন্তু তুমি যদি আমাৰ হৈ কাম কৰিবলৈ ৰাজী হোৱা, তেতিয়া তোমাৰ বাবেই ভাল৷ খোৱা বোৱা
ইয়াত সকলো পাবা, বেছ আৰামতেই থাকিব পাৰিবা৷ তিনি চাৰি মাহৰ মূৰে মূৰে আমাৰ মানুহ আহি
তোমাক যি যি বস্তু লাগে দি যাব৷ মাত্ৰ এটাই কথা, জীৱনত তুমি আৰু ওপৰলৈ কেতিয়াও যাব
নোৱাৰিবা৷"
"তুমি মূৰ্খৰ দৰে কথা কৈছা কেইন ছিপটন৷
ধৰা মই তোমাৰ কথাত মান্তি হ'লো৷ কিন্তু তোমালোক পিছ দিয়াৰ লগে লগেই চোন মই
ইয়াৰ যন্ত্ৰপাতি বিলাক ভাঙিবলৈ আৰম্ভ কৰিম৷ জানি বুজি মই বিদেশী গুপ্তচৰক সহায়
কৰিম? কিহ'ৰ বাবে? টকাৰ বাবে? মই যদি কোনোদিনে ওপৰলৈকেই যাব নোৱাৰো, তেনেহ'লে টকাৰে কি কৰিম মই?"
"ৰায়চৌধুৰী, ইয়াৰ যন্ত্ৰপাতি ভঙাৰ সাধ্য তোমাৰ নাই৷
ইয়াতে এনেকুৱা যন্ত্ৰপাতি কিছুমান আছে, যিবোৰ চুলেই তুমি মৰি যাবা৷"
"নিউক্লিয়াৰ ডিভাইছ?"
"মই ভাবিছিলো, তুমি সেইটো নক'লেও বুজি পাবা৷"
"বুজা নাছিলো৷ কিন্তু সন্দেহ হৈছিল৷
ইয়াত যে বিদেশী চেৰাংচোৱা সংস্থা এটাই ডাঙৰ কিবা এটা কৰি আছে, এই সন্দেহটোৰ কথা মই ভাৰত চৰকাৰ আৰু
নেপাল চৰকাৰক বাৰংবাৰ জনাইছো৷ কোনেও মোৰ কথা বিশ্বাস কৰা নাছিল৷"
"সেই কাৰণেই তুমি সেই পিকিং দাঁত এটা
লগত লৈ ইয়াত কিবা প্ৰি-হিষ্টোৰিক মানুহৰ সন্ধান কৰাৰ বাহানা কৰি গুছি আহিছা৷"
"তেনেকুৱা এটা দাঁত তুমিওতো ডিঙিত
পিন্ধি আছা৷"
"ই সৌভাগ্য কঢ়িয়াই আনে৷ এইটো ডিঙিত
পিন্ধিবৰে পৰা মই কোনো কামতে ব্যৰ্থ হোৱা নাই৷"
"সম্পূৰ্ণ অন্ধবিশ্বাস৷ তোমালোকৰ দৰে
চাহাববোৰেও এই বিলাক কথা মানা? মোৰ বিশ্বাস, এনেকুৱা ধৰণৰ দাঁত থকা আদিম যুগৰ কিছু
সংখ্যক মানুহ এতিয়াও এইপিনে ক'ৰবাত আছে৷ কোনো দুৰ্গম অঞ্চলত৷"
"সিহঁতৰ সন্ধানত নিজকে ব্যস্ত ৰখা হ'লেই ভাল আছিল৷ মোৰ কামত নাক গুজিবলৈ
নহা হ'লে তুমি এই বিপদত নপৰিলাহেঁতেন৷ বাৰু, শুনা, আমি গুছি যোৱাৰ পিছত যে ইয়াত
কোনোবা থাকিব লাগিব তেনেকুৱা নহয়৷ তোমাক এই প্ৰস্তাৱটো দিয়াৰ কাৰণটো হ'ল, তোমাৰ জীয়াই থকাৰ এইটোৱেই একমাত্ৰ
উপায়৷ তুমি আমাক সহায় নকৰিলে, আমি তোমাক জীয়াই কিয় ৰাখিম?"
"মোক মৃত্যু ভয় নেদেখুৱাবা কেইন ছিপটন৷
এজন সাধৰণ মানুহৰ জীৱনত যিবোৰ ঘটনা ঘটে, মোৰ জীৱনত অন্ততঃ তাৰ দহগুণ বেছি ঘটনা
ঘটি গৈছে৷ তাৰ হিচাপত মই দহগুণ বেছি জীৱন যাপন কৰিছো৷ এতিয়া মৰিলেও মোৰ কোনো দুখ
নাই৷ তোমাক মই স্পষ্টকৈ জনাই থলো, মোৰ শেষ নিশ্বাস থকালৈকে মই চেষ্টা কৰি যাম
তোমালোকক ধৰা পেলাই দিবলৈ৷ মোৰ ওপৰত তোমালোকে যিমানেই অত্যাচাৰ নকৰা কিয়, তোমালোকৰ নিচিনা ঘৃণনীয় গুপ্তচৰক মই
কোনো দিনে সহায় নকৰো৷ কিন্তু..."
"আৰু কিবা ক'বা? আমি চবেই আজি ছুটীৰ মুদত আছো, সেয়ে তোমাৰ এই দীঘল দীঘল লেক্সাৰ বিলাক
শুনিছো৷ আন দিনাখন হোৱা হ'লে আমি এইখিনি টাইমত চব কামত ব্যস্ত
থাকিলোহেঁতেন৷ কোৱা, কি কিন্তু?"
"মই বিচাৰো, ল'ৰাটো জীয়াই থাকক৷ মোৰ ভতিজা সন্তু,
ইমান
কম বয়সতে... অৱশ্যে দেশৰ কিবা কাম কৰিবলৈ গৈ যদি তাৰ মৃত্যু হয়, তাত মই দুখ নকৰো৷ তোমালোকে মোক ইয়াত
বন্দী কৰি ৰাখিব খুজিছা ৰাখা, কিন্তু তাক এৰি দিয়া৷"
"কিন্তু তুমি তোমাৰ খোৰা ভৰিৰে কাৰোবাক
গুৰিয়াবা, কাৰোবাৰ ডিঙি চেপি ধৰিবা, এইবিলাক উপদ্ৰৱ কিন্তু আমি বাৰে বাৰে
সহ্য কৰি নাথাকিম৷ তুমি যদি আমাক সহায় কৰিবলৈ ৰাজী নহয়, তেনেহ'লে তোমাৰ হাত ভৰি শিকলিৰে বান্ধি এঠাইত
পেলাই থৈ দিম৷"
"তাকেই কৰা৷ কিন্তু এই ল'ৰাটোক অজ্ঞান অৱস্থাত বাহিৰত পেলাই থৈ
আহিলে সি ক'ত বাচিব? তুষাৰপাত হ'লেইচোন মৰি থাকিব৷"
"সেইটো তাৰ ভাগ্যৰ কথা৷ বাচিবও পাৰে,
মৰিবও
পাৰে৷ সি য'ত পৰি থাকিব, তাৰ ওচৰে পাজৰে দেখা যাব কেইবাটাও য়েটিৰ খোজ৷
সি যদি কোনো গুহাৰ কথাও কয়, মানুহে ভাবিব সেইটো য়েটিৰ গুহা৷ য়েটিয়েই তাক
ওভোতাই থৈ গৈছে৷"
তেনেতে খুৰাদেউৰ চকু পৰিল সন্তুৰ ওপৰত৷
তাৰ চকুৰ পতা দুখন যেন কঁপি উঠিল দুবাৰমান৷ এখন হাত কাষত ওলমি আছিল, সেইখন লাহেকৈ সি বুকুৰ ওপৰত থলে৷
কেইন ছিপটনেও দেখিছিল ঘটনাটো৷ সি লগে
লগে ব্যস্ত ভাৱে কৈ উঠিল, "কুইক, কুইক, ইনজেক্সন দিয়া৷ দি কিড মাস্ত নট চি হিজ
আংকল হিয়াৰ৷"
দুজন মুখাধাৰী দৌৰি গ'ল ৰুম এটাৰ ভিতৰলৈ৷ প্ৰায় লগে লগেই ওলাই
আহিল ইনজেক্সনৰ চিৰিঞ্জ লৈ৷
সন্তুৱে এবাৰ বাগৰ সলাই কাতৰ ভাৱে শব্দ
কৰিলে, 'আঃ'৷ তেতিয়াও তাৰ চকু দুটা মুদ খাই আছে৷
কেইন ছিপটনে বাকী কেইজন মুখাধাৰীক ক'লে, "শীঘ্ৰে ৰায়চৈধুৰীক ইয়াৰ পৰা লৈ
যোৱা৷"
সিহঁতে খুৰাদেউক হেঁচি ধৰাৰ লগে লগেই
তেওঁ চিঞৰি উঠিল, "নাই,তাক আৰু ইনজেক্সন নিদিবা৷"
***
পূৰ্ববৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ