Jun 24, 2016

ডাৰ্ক ৱেব-ইন্টাৰনেটৰ অন্ধকাৰ জগত

ৰাজীৱ ফুকন
হেল্ল, মই ৰাজীৱ আৰু Me, Myself & Rajiv Phukan”অলৈ আপোনালোকক স্বাগতম জনাইছোঁ৷ আমাৰ আজিৰ ভিডিঅ' আৰু লেখাটোৰ বিষয়বস্তু হৈছে ডাৰ্ক ৱেব (Dark Web)

ব্লগৰ এই লেখাবোৰ আমাৰ ইউটিউব চেনলত ভিডিঅ’ ৰূপতো আপল’ড কৰা হয়।আমাৰ আজিৰ ভিডিঅটোৰ লিং ইয়াতে আগবঢ়ালোঁ।




আপোনালোকে জানেনে, ইন্টাৰনেটৰ শতাংশহে আমি দেখিবলৈ পাওঁ৷ যাক চাৰ্ফেছ ৱেব (surface Web) বুলি কোৱা হয়৷ বাকী ৯৫ শতাংশ তলত লুকাই থাকে৷ গুগুল বা আন কোনো চাৰ্চ ইঞ্জিনত ইয়াক বিচাৰি পোৱা নাযায়৷ ইয়াক ডিপ-ৱেব (Deep Web) বুলি কোৱা হ'য়৷ যেনে আমাৰ ফেচবুকৰ পাৰ্চনেল মেছেজবোৰ, ইমেইল বোৰ; গুগুল ড্ৰাইভ, ড্ৰপবক্স আদি ক্লাউডত সংৰক্ষণ হৈ থকা আমাৰ পাৰ্চনেল ফাইল সমূহ, ইত্যাদি ইত্যাদি৷ যি বোৰ আহৰণ কৰিবলৈ আপোনাক ইউজাৰনেম, পাচৱৰ্ড আদি লাগিব৷ 

ইন্টাৰনেটৰ স্তৰ সমূহ

কিন্তু এই ডিপ ৱেবৰ আন এটা ভয়ংকৰ স্তৰ আছে, য'ত অস্ত্ৰ-সস্ত্ৰৰ সৰবৰাহ হয়, ড্ৰাগছৰ বিক্ৰী হয়, প্ৰফেচনল কিলাৰ ভাৰাত ল'ব পাৰি; নাৰী দেহ, মানুহৰ অং-প্ৰত্যংগৰ বিক্ৰী, চাইল্ড পৰ্ণ, আদিৰ উপৰিও কিছুমান চাইকো নৰখাদকৰ কাৰণে মানুহৰ মঙহৰো বজাৰ বহে৷ ইন্টাৰনেটৰ এই জগতখনক ডাৰ্ক ৱেব বুলি কোৱা হয়৷ যিখন জগত কোনো দিনে আপুনি গুগুলত বিচাৰি নাপাব৷ আৰু আজি মই আপোনালোকক আঙুলিয়াই দিম ডাৰ্ক ৱেবলৈ যোৱা সেই সৰু গলিটোলৈ৷


TOR ব্ৰাউজাৰ
ডাৰ্ক ৱেবত ভুমুকি মাৰিবলৈ আপোনাক প্ৰয়োজন হ'ব, এক বিশেষ ধৰণৰ ৱেব ব্ৰাউজাৰৰ৷ নাম The Onion Router  , চমুকৈ (TOR) ৱেব ব্ৰাউজাৰ৷  এই ব্ৰাউজাৰটো প্ৰথমতে U.S. নেভিয়ে(U.S. Naval Research Laboratory) নিৰ্মাণ কৰিছিল, তেওঁলোকৰ নিৰাপত্তাজনিত গোপন তথ্যৰ আদান প্ৰদানৰ কাৰণে কিন্তু ওপেন ৰ্চ কাৰণে ইয়াক সকলোৱে ব্যৱহাৰ কৰিব পাৰে৷ ব্ৰাউজাৰটোৱে এক বিশেষ ধৰণৰ কৌশল অৱলম্বন কৰে, যাৰ বাবে ব্যৱহাৰ কৰ্তাৰ প্ৰকৃত পৰিচয় কোনেও বিচাৰি উলিয়াব নোৱাৰে৷
  

ফোন নাম্বাৰৰ দৰে প্ৰতিটো ইন্টাৰনেট সংযুক্ত ডিভাইছৰে একোটা নিৰ্দিষ্ট নম্বৰ থাকে৷ যাক IP address বুলি কোৱা হয়৷ যাৰ দাৰা আপুনি এয়াৰটেল,ৰিলায়েন্স বা আন কি কোম্পানীৰ ইন্টাৰনেট ব্যৱহাৰ কৰি আছে জনা যায়৷ আৰু তাৰ পৰা আপোনাৰ প্ৰকৃত ঠিকনা বিচাৰি উলিয়াব পাৰি৷  কিন্তু জড়িয়তে ইন্টাৰনেট কৰিলে আপোনাৰ ৰিকুৱেষ্টটো নেটৱৰ্কত থকা কেবাটাও কম্পিউটাৰৰ মাজেৰে ঘুৰি-পাকি যায়৷ ফলত আপোনাক কোনেও বিচাৰি উলিয়াব নোৱাৰে৷ সেয়ে  এই ডাৰ্ক ৱেবখন আজিও বন্ধ কৰিব পৰা নাই৷

 নেটৱৰ্কত থকা কম্পিউটাৰ


ডাৰ্ক ৱেবত বস্তু কিনা বেচাৰ বাবে বিটকইন (Bitcoin) নামৰ এবিধ টকাৰ ব্যৱহাৰ কৰা হয়৷ বিটকইন হৈছে এবিধ ভাৰ্চুৱ্ল টকা৷ যাৰ অৱস্থিতি কেৱল ইণ্টাৰনেটৰ জগতত৷ বিটকইনৰ ওপৰত মোৰ আন এটা লেখা পঢ়িবলৈ বা ভিডিঅ চাবলৈ, ইয়াত ক্লিক কৰক

ব্ৰাউজাৰটো  ডাউনল'দ কৰিবলৈ আপুনি https://www.torproject.org/index.html.en ৱেবচাইটোলৈ যাব লাগিব,   কিন্তু এই ব্ৰাউজাৰটোত ডাৰ্ক ৱেবখন খুচৰিবলৈ কোনো চাৰ্চ ইঞ্জিন নাপাব৷ তাৰ বাবে Hidden Wiki নামৰ এটা ৱেব চাইটলৈকে আপুনি যাব লাগিব৷ য'ত এনেকুৱা ইলিগেল চাইট বোৰৰ এখন দীঘল তালিকা আছে৷ হিদেন উইকিৰ লিংটো হল, http://zqktlwi4fecvo6ri.onion/wiki/index.php/Main_Page 'ৰৰ এই চাইট সমূহে .com বা  .in আদি ডোমেইনৰ সলনি .onion ডোমেইন ব্যৱহাৰ কৰে৷

ইয়াৰ পিছৰ আন এটা ভিডিঅ' আৰু লেখাৰ জড়িয়তে মই আপোনালোকক ডাৰ্কৱেবৰ ভিতৰৰ কিছু অংশ দেখোৱাবলৈ চেষ্টা কৰিম৷ আজিৰ এই লেখাটো আৰু ভিডিঅটো মই আপোনালোকক ডিপ-ৱেব আৰু ডাৰ্ক-ৱেবৰ বিষয়ে সাম্যক ধাৰণা দিবলৈহে লিখিছোঁ৷ কিন্তু মই আপোনালোকক অনুৰোধ কৰিছো যাতে কৌতুহলৰ বশৱৰ্তী হৈ ডাৰ্ক-ৱেবত ভুমুকি মাৰি কোনোধৰণৰ নিষিদ্ধ কাৰ্য-কলাপৰ লগত  যেন নিজকে জড়িত নকৰে৷ কাৰণ এই ডাৰ্ক-বেৱৰ কোনো এটা এন্ধাৰ গলিত আপুনি হেৰাই যাব লাগিলে আমি জগৰীয়া নহ'ম৷

এইখিনিতে এটা কথা উল্লেখ কৰো যে যে কেব’ল নিষিদ্ধ কামতহে ব্যৱহাৰ হয়, তেনেকুৱা নহয়৷ চৰকাৰ, ৰাজনৈতিক নেতা, বৈপ্লবীক সংগঠন বোৰেও গোপনীয়তা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰে৷ ২০১৪চনত ফেচবুকেও ডাৰ্ক ৱেবত এটা .onion ভাৰ্চন ৰিলিজ কৰিছে৷

আজিলৈ ইমানেই৷ আশা কৰো আপোনালোকে কিছু কথা জানিব পাৰিলে৷ আমাৰ এই লেখাটো আৰু ভিডিঅটো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, চেয়াৰ কৰিব৷ আমাৰ আন-আন লেখাবোৰৰ কাৰণে এই ব্লগটো চেক কৰি থাকিব৷ ব্লগৰ কথাবোৰ ভিডিঅ' ৰূপত চাবলৈ আমাৰ ইউটিউব চেনেল Me, Myself and Rajiv Phukan চাবস্ক্ৰাইব কৰিব৷ আৰু আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে, বিনাদ্বিধাই ক'মেন্ট বক্সত পোষ্ট কৰিব৷ তেন্তে আজিলৈ বিদায়৷ ধন্যবাদ৷









  1. Apuni nissoi TECHNICAL GURUJI r subscriber

    ReplyDelete
    Replies
    1. ক’মেন্ট কৰাৰ কাৰণে ধন্যবাদ, আমাৰ এই চেনেলটোৰ জড়িয়তে আমি টেকন’ল’জিৰ নিউজৰ উপৰিও, ইয়াৰ আভ্যন্তৰীণ কাৰ্য প্ৰণালীটো সহজ ভাষাত বৰ্ণনা কৰাৰ চেষ্টা কৰো৷ তাৰ বাবে বহুখিনি অধ্যয়ন কৰিব লগীয়া হয়। সেয়ে কেব’ল টেকনিকেল গুৰুজিয়ে নহয়, টেকন'লজি বিষয়ক কেবাটাও নিউজৰ চাইট, ব্লগ আৰু ইউটিউব চেনেলৰ মই চাবস্ক্ৰাইবাৰ। ডিপ ৱেব আৰু ডাৰ্ক ৱেবৰ বিষয়ে অধিক জানিব খুজিলে আমাৰ অতিকৈ প্ৰিয় আৰু বিশ্বৰ শ্ৰেষ্ঠতম টেক গুৰুজি Linus Sebastianঅৰ Deep Web and Dark Web as Fast As Possible ভিডিঅ’টো চাব পাৰে।

      আমাৰ শেহতীয়া ভিডিঅ’ আৰু লেখা’টো বিটিকইনৰ আভ্যন্তৰীণ কাৰ্য প্ৰণালী আৰু ইয়াৰ চিকিউৰিটি ব্যৱস্থাটোৰ ওপৰত বৰ্ণনা কৰা হৈছিলে। আপুনি ইয়াতে ক্লিক কৰিলে সেই পোষ্টটোলৈ যাব পাৰিব।

      ধন্যবাদ




      Delete
    2. aaponar kiba page asse neki , jat aami najana kathabor janib pario...

      Delete
    3. Me, Myself & Rajiv Phukan নামৰ এই ব্লগটো চেক কৰি থাকিব। ইয়াতে আমাৰ পোষ্ট বোৰ পাব। আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত আমাৰ লগত যোগাযোগত থাকিব। facebook.com/rajivborphukan এইটো মোৰ ফেচবুকৰ URL ।

      Delete
  2. Dark Web ৰ বিষয়ে বিতংভাৱে জানিবলৈ পাই সুখী হ'লো। আমি কম্পিউটাৰ বিজ্ঞানত পোৱা 'Intranet' শব্দটোৰ Dark Net বা Deep Webৰ লগত কিবা সম্পৰ্ক আছে নি?

    ReplyDelete
    Replies
    1. Dark Webৰ লগত Intranetৰ সম্পৰ্ক নাই। Intranetটো এটা বিশাল আকৃতিৰ প্ৰাইভেট নেটৱৰ্ক, যিটো কেৱল এটা Company বা Organizationৰ ভিতৰতে সীমাবদ্ধ। যেনে বেংক বোৰে Intranet ব্যৱহাৰ কৰে। ই Deep Webৰ ভিতৰত পৰে।

      Delete
  3. Thank you ,Very informative article ,it would have been more informative and effective if give importance on the opportunities of bitcoin as well as cryptocurrency.Thank you very much and expecting an article on it because cryptocurrency literacy in Assam is very poor.

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ... এই বিষয়ত পিছলৈ বহলাই লিখাৰ পৰিকল্পনা আছে.....

      Delete