Jul 14, 2016

কবিত-অকবিতা, ৰাজীৱ ফুকন

ৰাজীৱ ফুকন
যিবোৰ কবিতা মোৰ ভাল লাগে, আবেগক চুই যায়৷ বাৰে বাৰে পঢ়িবলৈ মন যায়৷ আনকো শুনাবলৈ মন যায়৷ মোৰ বাবে সেয়াই কবিতা৷ আজি কালি ফেচবুক খুলিলেই ভাল লগা কবিতা কিছুমান দেখিবলৈ পাওঁ৷ তাকো বিনামূলীয়াকৈ৷ মনটো ভাল লাগি যায়৷ তাৰে মাজতে কিছুমান বিৰক্তিকৰ কবিতাও ওলায়৷ মানে কামুৰ৷



এতিয়া দেখিছোঁ এই কবিতাবোৰক লৈ ফেচবুকত দুটা গ্ৰুপ হৈছে৷ কবি আৰু অকবি৷ কোন, কোনটো গ্ৰুপত পৰিছে, নিজেও ভালকৈ নাজানে৷ তাৰমাজতে দেখিছোঁ নিজৰ কামৰ ওপৰত পূৰা বিশ্বাস থকা কিছু সংখ্যকে নিজৰ নিজৰ পচন্দৰ গ্ৰুপত যোগ দি লৈছে৷

আমি পিছে পাঠক হিচাপে কবিতাবোৰক কেতিয়াবাই গ্ৰুপত ভগাই লৈছিলোঁ৷ কোনবোৰ পঢ়িম, সজাই থম, বা তলা মাৰি থম৷ বা আন কাৰোবাক সপি দি নিজে মুক্ত হ’ম৷ কেনেকুৱা কবিতা পঢ়িবলৈ ভাল পাওঁ ওপৰত উল্লেখ কৰিলোঁৱেই৷ কেনেকুৱাবোৰ পঢ়িব নোখোজোঁ তাৰে কেইটামান তলত উল্লেখ কৰিলোঁ৷


ৰহস্য কবিতা: যি বিলাক কবিতা প্ৰকৃতাৰ্থত সাঁথৰ স্বৰূপ৷ নিৰস, দুৰ্বোধ্য ভাব, ভাষাৰ সমষ্টি৷ যাক ডিক'ড কৰা শাৰ্লোক হোল্মছৰ পক্ষেও অসম্ভৱ৷

মন্ত্ৰোচাৰণ: দুৰ্বোধ্য শব্দৰ প্ৰদৰ্শনী৷ বেছিভাগ সংস্কৃত, বঙালীৰ পৰা ধাৰলৈ লোৱা আৰু প্ৰাচীন৷ যি বোৰ শব্দ আমাৰ বাবে অচিনাকি আৰু অৰ্থহীন৷ তেনেকুৱা কবিতাৰ পৰা পোৱা মেন্টেল হেৰাচমেন্টৰ কথা বাদেই দিলোঁ৷ উচ্চাৰণৰ ফলত দাত, ওঁঠ, জিভাত আঘাত পাই শাৰীৰিক ভাবে হেৰাচ হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷৷ তেনেকুৱা কবিতাক ধোঁৱাচাঙত তুলি থোৱাৰ বাদে আন কোনো উপায় নেদেখোঁ৷
“য়াহু! মোৰ কেবাখনো শব্দকোষ আছে, তহঁতৰ কি আছে?” এনেকুৱা ধৰণৰ টেগ লাইন এটা কঢ়িয়াই ফুৰা যেন লাগে তেনেবোৰ কবিতাই৷

প্ৰলাপ: কবি জনাৰ পচন্দৰ শব্দ, বাক্য কিছুমান যোগাৰ কৰি ল’লে৷ লিখিব বহিলে৷ কিন্তু মিলাই আনিব পৰা নাই৷ কাক ক'ত বহুৱাব৷ শেষত উপায় নাপায় তেওঁ ব্ৰহ্মাস্ত্ৰডাল তুলি ল'লে৷ নাম এবষ্ট্ৰেক্ট৷ অক্কৰ বক্কৰ বোম্বে বোল বুলি সকলো শব্দ বাক্য, অ'ত ত'ত বহুৱাই কবিতা এটা সজাই উলিয়ালে৷ এতিয়া পাঠকে ভাবি থাকক তাৰ গুঢ়াৰ্থ, বুজি নাপালেও পাগলৰ দৰে হাত তালি দিয়ক আৰু বাহ বাহ কৰি যাওঁক৷ সিওঁ এটা ফেচন৷


বিদেশী বাদী: বিদেশী পণ্ডিত, মুক্তিযোদ্ধা, শিল্পী, বিপ্লবী, চৰাই, চিৰিকটি বা ফল-মূল কিবা এটাৰ নামক কেন্দ্ৰ কৰি লেখা কবিতা৷ ধৰক এটা শব্দ, “এলভিয়ানিমু”৷ এতিয়া এওঁ কোনোবা বিপ্লবীয়ে নে খোৱা বস্তু, কাক সুধিব৷ আজি কালি যেনিবা ইন্টাৰনেটৰ যুগ৷ গুগুলক সুধিব পাৰি৷ কেতিয়াবা গুগুলো ভাগৰি পৰা দেখিছোঁ৷ তেতিয়া সন্দেহ হয় কবিজনৰ মানসিক অৱস্থাৰ ওপৰত৷

এতিয়া আহোঁ নিচুকনি কবিতা কিছুমানৰ মাজলৈ৷

প্ৰেমালাপ: জানো গাৰ্লফ্ৰেন্দে এৰি গৈছে৷ কষ্ট পাইছা, সেয়ে কান্দিবলৈ এৰি কবিতা লিখিছা৷ দুখ লাগিছে বুলি ক'লে আমি নুবুজো কাৰণে, অলপ দীঘলকৈ, অঁকাই পকাই বৰ্ণনা কৰিছা আৰু আমি কোমেন্তেৰ জড়িয়তে নিচুকাইছো তোমাক৷

নৰ্মেল কথা বাৰ্তা: “আজি বতৰটো ভাল কৰিছে৷ আকাশ খন ফৰকাল৷” জানো আমি৷ গৰমো পৰিছে৷ তাকে যদি কবিতাৰ ফৰমেটত লিখিছা৷ কামুৰিছা তুমি৷

এনেদৰেই মোৰ সুবিধা হোৱাকৈ কবিতাবোৰক কেইটামান ভাগত ভাগ কৰি লৈছোঁ৷ আপুনিও যদি এনেকুৱা কিবা গ্ৰুপ বনাইছে৷ আমাক জানিবলৈ দিব৷
  1. ভাল লাগিল পঢ়ি। আগলৈ আশাৰে বাট চাই ৰ'ম।

    ReplyDelete
  2. ভাল লাগিল পঢ়ি। আগলৈ আশাৰে বাট চাই ৰ'ম।

    ReplyDelete