Aug 30, 2015

জীৱন্ত উপৱীত - প্ৰথম অধ্যায়

ৰাজীৱ ফুকন
Jiwanta Upabit Assamese Horror Novel by Rajiv Phukan   
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*  
প্ৰথম অধ্যায়   

ষ্টেট বাছৰ পিছ ছিটত বহি খিৰিকিৰে বাহিৰলৈ চাই আছিল নৱাৰুণে৷ ইচ্ছা কৰিয়েই পিছৰ ছিটখন বাচি লৈছে সি৷ যাতে সহযাত্ৰীৰ দৃষ্টি কমকৈ পৰে তাৰ ওপৰত৷
 
এই দুটা বছৰত বহুবাৰ টিভি চেনেল, বাতৰি কাকতত ফটো ওলাইছে তাৰ৷ আজিকালি কোনোবাই তালৈ চালেই নৱাৰুণৰ ভাব হয়, মানুহজনে তাক চিনি পালে নেকি! তালৈ চাই মানুহজনে মনে মনে ভাবিছে নেকি, আৰে এইটো দেখোন সেই অৰ্থলোভী নৰপিশাচ ডাক্তৰ নৱাৰুণ গুপ্ত, যাৰ বাবে চৰকাৰী হস্পিতালত এটা ফুল কুমলীয়া শিশুৰ মৃত্যু হৈছিল৷
 
অঁ, এই অৰ্থলোভী, অবিবেচক, দায়িত্বজ্ঞানহীন, নৰপিশাচ, এই ধৰণৰ বিশেষণবোৰেই তাৰ বাবে ব্যৱহাৰ কৰা হয় সংবাদ মাধ্যমৰ আলোচনাত৷ সংবাদ মাধ্যমত কলংকৰ খবৰ যিমান বিস্তৃতভাৱে ছপা কৰা হয়, কলংক মোচনৰ খবৰ তেনেদৰে ছপা কৰা নহয়৷ মেডিকেল কাউন্সিল, আইন, আদালতে তাক নিৰ্দোষী ঘোষণা কৰিলেও মানুহৰ ওচৰলৈ সেই খবৰ গৈ পোৱা নাই৷ সমাজৰ ওচৰত ঘৃণনীয় মানুহ বুলিয়েই হয়তো তাৰ কলংক গোটেই জীৱন থাকি যাব৷
 
পিছে তাতকৈও ডাঙৰ আঘাত মালৱিকাৰ মৃত্যুটো৷ সেই দুৰ্ঘটনাটোৰ পিছৰ মানসিক চাপ সহিব পৰা নাছিল তাই৷ প্ৰথমে তাই নিজকে লাহে লাহে দূৰলৈ আঁতৰাই লৈ গৈছিল৷ সন্তান-সম্ভৱা আছিল মালৱিকা৷ হয়তো সামাজিক লজ্জাৰ ভয়তেই তাৰ পিছত তাই গুচি গ'ল পৃথিৱী এৰি৷ যোৱা দুবছৰ আগৰ হস্পিতালৰ সেই শিশুটোৰ মৃত্যুৰ ঘটনাটোৱে একেবাৰে থানবান কৰি থৈ গ'ল নৱাৰুণৰ জীৱনটো৷
 
মসৃণ পিছ দিয়া ৰাস্তাটোৰে উল্কাৰ গতিত উৰি গৈছে বাছখন৷ হো-হোৱাই বতাহ সোমাইছে খিৰিকিৰে৷ ৰাস্তাৰ দুয়োফালে মুকলি পথাৰ, 'ৰবাত ক'ৰবাত কহুৱা বন৷ তাৰেই মাজে মাজে কেতিয়াবা কেতিয়াবা চকুত পৰিছে মদিৰালয়৷ জাকজমকীয়া ৰিজোৰ্ট, অকলশৰে থিয় হৈ থকা নিৰ্মীয়মান অট্টালিকা, বহুজাতিক কোম্পানীৰ হ'ৰ্ডিং - মোবাইল, বাইকৰ বিজ্ঞাপন৷ চহৰ এখনে যেন হাত মেলিছে গাঁওৰ পিনে৷
 
যদিও নৱাৰুণৰ মাজে মাজে মনত পৰিছে যোৱা দুবছৰ ধৰি চলা বিভিন্ন ঘটনা বা দুৰ্ঘটনাৰ নানা টুকুৰা টুকুৰ খণ্ডচিত্ৰ, বিশেষকৈ মালৱিকাৰ সেই মৃত্যু-শীতল মুখখনৰ কথা৷ হ'লেও বহুদিনৰ মূৰত সেইবোৰৰ পৰা অকণমান মুক্তিৰ আনন্দ যেন অনুভৱ কৰিছে সি৷ প্ৰফেছাৰ ঘটকেও কৈছিল, সকলো ঠিক হৈ যাব৷ ইয়াত সি একো অসুবিধা নাপায়৷ নাৰ্ছিংহোমতেই তাৰ থকাৰ ব্যৱস্থা হ'ব৷ মন নাথাকিলে নাৰ্ছিংহোম এৰি বাহিৰলৈ যোৱাৰ প্ৰয়োজনেই নাই৷
 
বাহিৰৰ পিনে চাই বহি আছিল নৱাৰুণে৷ কলিকতাৰ পৰা গোটেই ৰাতি একেদৰেই বহি আহিছে সি৷ মাজৰাতি এবাৰ এখন ধাবাত বাছ ৰখাইছিল৷ তেতিয়া মাত্ৰ এবাৰ চাহ খাবলৈ নামিছিল সি৷ ৰাতিপুৱা দহ বাজিবৰ হৈছে, তেনেতেই হঠাৎ জোকাৰণি এটা মাৰি বাছখনৰ গতি কমি গ'ল৷ কণ্ডাক্টৰে ঘূৰি চাই নৱাৰুণক ক'লে, "দাদা, ওলাই আহক৷ আপোনাৰ নাৰ্ছিংহোম পাইছো৷"
 
বেগটো লৈ উঠিল নৱাৰুণ৷ এক মিনিটৰ ভিতৰতেই বাছখনে তাক ৰাস্তাৰ কাষত নমাই থৈ গোঁ-গোঁৱাই শব্দ কৰি গুচি গ'ল৷
 
অলপ আঁতৰত দেখা গৈছে তিনিমহলীয়া নাৰ্ছিংহোমখন৷ মূৰৰ ওপৰত চাইনবোৰ্ডত ইংৰাজীত লেখা আছে 'ঘটক নাৰ্ছিংহোম৷' দূৰৈৰ পৰাই ঘৰটোৰ পিছফালে দেৱালেৰে ঘেৰি ৰখা চাৰি বিঘামান মাটিৰ এটা বিশাল প্লট চকুত পৰিছে৷ হয়তো নাৰ্ছিংহোমৰে মাটি৷ ক'লা ৰঙৰ এখন এছ ইউ ভি ৰৈ আছে নাৰ্ছিংহোমৰ সন্মুখত, পিছে মানুহ-দুনুহ তেনেকৈ চকুত পৰা নাই৷
 
তিনিমহলীয়া বগা ৰঙৰ ঘৰটো যেন কিবা বিৱৰ্ণ-বিষণ্ণ যেন লাগিছে৷ তাৰ জাকজমকীয়া ভাৱটো নাই৷ হয়তো বিল্ডিংটো একেবাৰে ৰাস্তাৰ গাতে লাগি থকাৰ কাৰণে ধূলি, ধোঁৱা আদি লাগি বিৱৰ্ণ হৈ পৰিছে৷ নৱাৰুণে অলপ দূৰ খোজ কাঢ়ি গৈ নাৰ্ছিংহোমখনৰ গেটৰ সন্মুখত ৰ'ল৷ ভিতৰৰ পৰা কোনো শব্দ অহা নাই৷ মূৰৰ ওপৰলৈ এবাৰ চালে নৱাৰুণে৷ দ্বিতীয়, তৃতীয় মহলাৰ কোঠাবোৰৰ শাৰী শাৰী কাঁচৰ খিৰিকিবোৰ ভিতৰৰ পৰা বন্ধ৷
 
নৱাৰুণক দেখি গেটৰ আঁৰৰ পৰা ওলাই আহিল সেউজীয়া পোছাক পিন্ধা এজন চিকিউৰিটি গাৰ্ড৷ গেটৰ মুখত থিয় হৈ সি নৱাৰুণক উদ্দেশ্যি প্ৰশ্ন কৰিলে, "পেছেন্ট পাৰ্টি? নে ঔষধ কোম্পানীৰ মানুহ?"
 
নৱাৰুণে উত্তৰ দিলে, "মই ডাক্তৰ অম্বৰীশ ঘটকৰ ওচৰলৈ আহিছো৷"
 
"কি কাম?" সন্দিগ্ধ চকুৰে আকৌ প্ৰশ্ন কৰিলে মানুহজনে৷
 
নৱাৰুণে উত্তৰ দিব খুজিছিল, কিন্তু তাৰ আগতেই নাৰ্ছিংহোমৰ ভিতৰৰ পৰা ওলাই আহিল ডাক্তৰ ঘটক৷ নৱাৰুণে তেওঁক প্ৰায় সাত-আঠ বছৰ পিছত দেখিলে৷ তেওঁক সি শেষবাৰ লগ পাইছিল যেতিয়া সি মেডিকেল কলেজৰ ফাইনেল ইয়াৰৰ ছাত্ৰ আছিল৷ সিহঁতৰ প্ৰফেছাৰ আছিল ডাঃ ঘটক৷ এই সাত আঠ বছৰত তেওঁৰ বয়স অলপ বাঢ়িছে, মূৰৰ চুলিও কমিছে, কাণৰ ওচৰৰ খিনি পকিবলৈ আৰম্ভ কৰিছে৷ কিন্তু তেওঁৰ পোছাক-পৰিচ্ছদত আভিজাত্যতা বাঢ়িছে বহুখিনি৷ পিন্ধনত বগা ৰঙৰ দামী ছ্যুট৷ সূৰ্য্যৰ পোহৰত চিকমিকাই আছে হাতৰ ৰ'লেক্স, চকুত সোণৰ ফ্ৰেমৰ বাইফোকেল৷ নৱাৰুণক দেখিয়েই তেওঁ গেটমেনক ক'লে, "তেওঁক সোমাবলৈ দিয়া৷ তেওঁ আমাৰ নতুন ডাক্তৰ৷"
 
মানুহজনে কথাটো জানিব পাৰি অকণমান লাজ পালে, "আহক আহক ছাৰ" বুলি সি গেটখন খুলি দিলে৷ হাতৰ বেগটোও টানি নিব খুজিছিল, কিন্তু নৱাৰুণে ইংগিতেৰে বাধা দিলে৷ নৱাৰুণে প্ৰৱেশ কৰিলে নাৰ্ছিংহোমখনত৷ ডাক্তৰ ঘটক কেইখোজমান আগুৱাই আহিল তাৰ ওচৰলৈ৷ তীক্ষ্ণ, অন্তৰ্ভেদী দৃষ্টিৰে এবাৰ নৱাৰুণলৈ চাই ওঁঠৰ কোণত হাঁহি ফুটাই তাৰ কান্ধত হাত এখন থৈ ক'লে, "ৱেলকাম মাই বয়৷ আহা, ভিতৰলৈ আহা৷"
 
নৱাৰুণৰ কান্ধত ভৰসাৰ হাত, বিশ্বাসৰ হাত৷ বহুদিনৰ মূৰত কোনোবাই এনেদৰে হাত থ'লে তাৰ কান্ধত৷ নৱাৰুণৰ বন্ধু-বান্ধৱ, এৰি অহা কলিগবোৰেতো কেতিয়াবাই তাৰ সংগ ত্যাগ কৰিছে, বদনামৰ অংশীদাৰ হোৱাৰ ভয়ত, বা ঘৃণাত৷ নৱাৰুণে হাউলি তাৰ ছাৰক সেৱা কৰিব খুজিছিল৷ কিন্তু তাক তুলি ধৰি ডাক্তৰ ঘটকে ক'লে, "এইবিলাকৰ কোনো দৰকাৰ নাই৷ মেডিকেল কলেজতো তুমি মোৰ প্ৰিয় ছাত্ৰ আছিলা, এতিয়াও একেই আছা৷ ব'লা, আগতে ভিতৰলৈ ব'লা৷"
 
ডাক্তৰ ঘটকৰ সৈতে ঘৰটোৰ ভিতৰত খোজ পেলালে নৱাৰুণে৷ দৰজাৰ কাষতে ৰিচেপচন, কেছ কাউন্টাৰ, কিন্তু কোনো ক'তো নাই৷ কেইখোজমান আগবাঢ়ি এফালে এটা লিফ্ট৷ তাৰ ঠিক বিপৰীত দিশত ওপৰলৈ যোৱা চিৰি৷ সন্মুখত এটা দীঘল পাছেজ গৈছে নাৰ্চিংহোমৰ ভিতৰলৈ৷ আৰু তাৰ দুয়োফালে শাৰী শাৰী কোঠা৷ তাৰে কোনোবাটো এক্স-ৰে ৰূম, কোনোবাটো পেথ''জী ৰূম, দৰজাত লিখা আছে৷ তাৰেই এটা কোঠাৰ সন্মুখত আহি ৰ'ল ডাক্তৰ ঘটক৷
 
কোঠাটো তেওঁৰ অফিচ ৰূম৷ নৱাৰুণক লৈ তেওঁ প্ৰৱেশ কৰিলে কোঠাটোৰ ভিতৰত৷ কাঁচৰ টেবুল এখনৰ চাৰিওফালে শাৰী শাৰী চকী৷ নৱাৰুণক তাৰে এখনত বহিবলৈ কৈ তেওঁ গৈ বহিল তেওঁৰ নিজৰ ৰিভলভিং চেয়াৰত, নৱাৰুণৰ মুখামুখিকৈ৷ ডাক্তৰ ঘটক য'ত বহিছিল, ঠিক তেওঁৰ মূৰৰ পিছফালে এজন সন্যাসীৰ ছবি৷ তীক্ষ্ণ দৃষ্টিৰে তেওঁ চাই আছে ফটোৰ ফ্ৰেমৰ ভিতৰৰ পৰা৷ যেন তেওঁ নৱাৰুণলৈকেই চাই আছে৷
 
ডাক্তৰ ঘটকৰ কোঠাত ওলোমাই থোৱা এই ছবিখন দেখি খুব আচৰিত হ'ল নৱাৰুণ৷ মুহূৰ্তৰ বাবে তাৰ মনত পৰি গ'ল এটা পুৰণি কথা৷ মেডিকেল কলেজত তাৰ এজন সহপাঠী আছিল সুপ্ৰিয় বুলি৷ কোনো এজন গুৰুৰ শিষ্য আছিল সি৷ অপাৰেছন টেবুলৰ সন্মুখত ৰৈ কাম আৰম্ভ কৰাৰ আগতে সি তাৰ পকেটৰ পৰা গুৰুৰ ফটো এখন উলিয়াই সেৱা কৰি লয়৷ কথাটো এবাৰ ধৰা পৰিল প্ৰফেছাৰ ঘটকৰ চকুত৷ লগে লগে তেওঁ সকলোৰে আগত সুপ্ৰিয়ক তিৰস্কাৰ কৰি কৈছিল, "এই ৰোগীজনক যদি কোনোবাই বচাব পাৰে, সেয়া একমাত্ৰ মেডিকেল চাইন্সেহে পাৰিব৷ এই ৰোগীজনৰ জীৱন-মৃত্যু-আৰোগ্য সকলো নিৰ্ভৰ কৰিছে বিজ্ঞানৰ ওপৰত৷ আমাৰ হাতৰ ওপৰত৷ তোমাৰ সেই ছবিখনৰ ওপৰত নহয়৷ ছিঃ, ছিঃ, তুমি আকৌ বিজ্ঞানৰ ছাত্ৰ৷ ভবিষ্যতে এনেকুৱা ঘটনা দেখিলে তোমাক অ'টিৰ পৰা বাহিৰ কৰি দিম৷ ডাক্তৰি পঢ়া বাদ দি তুমি তাতকৈ তোমাৰ গুৰুদেৱৰ আশ্ৰমলৈ গুচি যাবা৷ অলৌকিকভাৱে ৰোগীৰ চিকিৎসা কৰিবা৷"
 
এনেকুৱা এজন ডাক্তৰৰ মূৰৰ পিছফালে সেয়ে সাধু-সন্যাসীৰ ফটো দেখি খুবেই আচৰিত হ'ল নৱাৰুণ৷ সি নিজে অৱশ্যে সাধু-সন্যাসী, পূজা-পাতলত বিশ্বাস নকৰিলেও সেইবোৰক অশ্ৰদ্ধাও নকৰে৷ কাৰণ সকলোৰে নিজা নিজা বিশ্বাস৷ সেই বিশ্বাসক অবিশ্বাস কৰিলেও অশ্ৰদ্ধা কৰা উচিত নহয়৷
 
বেছ কিছু সময় নিৰৱে বহি ৰ'ল ডাক্তৰ ঘটক৷ তাৰ পিছত এটা পেপাৰ ৱেইট তুলি লৈ সেইটো ঘূৰাই ঘূৰাই ক'লে, "বহু বছৰ পিছত দেখা হ'ল তোমাৰ লগত৷ তুমি যেতিয়া ফাইনেল ইয়াৰৰ ছাত্ৰ আছিলা তেতিয়াইচোন মই চাকৰিৰ পৰা ৰেজিগনেছন দিছিলো৷ তাৰ পিছত কেইদিন মানৰ পিছতেই কলিকতাৰ পৰা বহুত দূৰৈৰ ইয়ালৈ গুচি আহিলো৷ প্ৰায় যোগাযোগ বিচ্ছিন্ন হৈ গৈছিল মেডিকেল কলেজৰ চবৰে লগত৷ তাৰ পিছত যেতিয়া তোমাৰ ঘটনাটো ঘটিল, তেতিয়া বাতৰি কাকতত, টেলিভিছনৰ পৰ্দাত তোমাৰ ফটো দেখি তোমাক চিনি পালো৷ বহুত বেয়া লাগিছিল তোমাৰ কথাটো শুনি৷ মোৰ বিশ্বাস হোৱা নাছিল কথাটো৷ সেই সময়ত কেবাবাৰো তোমাৰ টেলিফোন নম্বৰ যোগাৰ কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু নোৱাৰিলো৷ কিন্তু কেইদিনমান আগতে ঘটনাক্ৰমে তোমাৰ নম্বৰটো এজন মেডিকেল ৰিপ্ৰেজেন্টিটিভৰ পৰা পাই যোগাযোগ কৰিলো তোমাৰ সৈতে৷ তোমাক আহিবলৈ ক'লো মোৰ ইয়ালৈ৷
 
"তোমাৰ ঘটনাটোৰ বিষয়ে বহুত কথাই ওলাইছিল সংবাদ-মাধ্যমত৷ মই জানো সংবাদ-মাধ্যমৰ সকলো খবৰ শুদ্ধ নহয়৷ আচল ঘটনাটো কি হৈছিল, সেইটো আকৌ এবাৰ সংক্ষেপতে জানিব খোজো৷ নিশ্চিন্ত মনে কোৱা৷ তোমাৰ ভয় কৰিবলগীয়া একো নাই৷ মেডিকেল কাউন্সিল, আদালতেতো তোমাক ক্লিনচিট দিছেই৷ তুমি মোৰ ইয়াত কাম কৰিবা, অতীতত যিয়েই নঘটক কিয়৷" একেবাৰতে কথাখিনি কৈ নৱাৰুণৰ উত্তৰৰ আশাত চছমাৰ ফাঁকেৰে তাৰ পিনে চাই ৰ'ল ডাক্তৰ ঘটকে৷
 
নৱাৰুণে অলপ সময় নিশ্চুপ হৈ থাকি ক'বলৈ আৰম্ভ কৰিলে, "আপোনাক ফোনত যিখিনি কৈছো, সেইটোৱেই সঁচা ছাৰ৷ আমাৰ সেই চৰকাৰী হস্পিতালৰ অ'টিত নাইট ডিউটি আছিল মোৰ৷ ঠিক দুবছৰ আগৰ কালী পূজাৰ ৰাতি৷ এজনে আহি ক'লে পেচেন্ট আহিছে৷ আঠ বছৰমান বয়সৰ ল'ৰা এটা৷ হেড ইনজিউৰি৷ ফটকা ফুটাবলৈ গৈ চাদৰ পৰা পৰি গৈছে৷ মই এটেণ্ড কৰিলো ল'ৰাটোক৷ দেখিলো তাৰ মূৰত গভীৰ ঘাঁ৷ ষ্টিচ কৰিব লাগিব৷ তাক অ'টিলৈ লৈ যাবলৈ কৈ মই যেতিয়া সাজু হৈ অ'টিত সোমাবলৈ লৈছো, ঠিক তেতিয়াই মোবাইলত হস্পিতালৰ ছুপাৰৰ মেছেজ আহিল, 'কাম ছাৰ্প, আৰ্জেন্ট মেটাৰ৷'
 
মই লগে লগে ছুপাৰক ফোন কৰাত তেওঁ জনালে, "এতিয়াই মোৰ অফিচলৈ আহিব লাগিব৷ বাহিৰলৈ যাব লাগিব৷"
 
মই তেওঁক ক'লো, "কিন্তু মইতো এতিয়া অ'টিত সোমাইছো৷ হেড ইনজিউৰি লৈ এটা সৰু ল'ৰা আহিছে৷ ষ্টিচ কৰিব লাগিব৷"
 
তেওঁ ক'লে, "মই এতিয়াই আন এজনক তালৈ পঠাইছো৷ কিন্তু তুমি গুচি আহা ইয়ালৈ৷"
 
ছুপাৰৰ নিৰ্দেশ৷ গতিকে অলপ ইতস্ততঃ কৰি মই গ'লো কাষৰ বিল্ডিঙটোৰ তেওঁৰ অফিচলৈ৷ মই তেওঁৰ চেম্বাৰত সোমালো৷ আমাৰ চৰকাৰী হস্পিতালৰ ওচৰতে এখন নতুন নাৰ্ছিংহোম বহিছে৷ ছুপাৰ চাহাবে ক'লে যে মই তালৈ এতিয়াই এবাৰ যাব লাগিব৷ এজন ডাঙৰ উদ্যোগপতিৰ ছোৱালী কাৰ এক্সিডেন্টেত ভৰিত আঘাত পাই তাত ভৰ্তি হৈছে৷ ঢাক-ঢোল কোবাই বিজ্ঞাপন কৰিলেও সিমান ইনফ্ৰাষ্ট্ৰাক্সাৰ গঢ়ি উঠা নাই নাৰ্ছিংহোমখনৰ৷ যি কেইজন চাৰ্জন নিয়োজিত আছে সিহঁত কালী পূজাৰ ৰাতি ডিউটিলৈ অহা নাই৷ তেওঁলোকলৈ খবৰ পঠোৱা হৈছে হয়, কিন্তু তেওঁলোক আহি পাওঁতে কমেও এক ঘন্টা লাগিব৷ আন কোনোবা হোৱা হ'লে  সেই নাৰ্ছিংহোমখনে হয়তো পেছেন্টক আন ক'ৰবালৈ যাবলৈ ক'লেহেঁতেন৷ কিন্তু ক্ষমতাশালী বিশিষ্ট উদ্যোগপতিৰ জীয়েক কাৰণে তাইক ঘূৰাই পঠাব পৰা নাই৷
 
সেই উদ্যোগপতিৰ পলিটিকেল কানেক্সন আছে শাসক দলৰ সৰ্বোচ্চ মহলাত৷ আৰু সেই সূত্ৰেই সেই উদ্যোগপতিয়ে স্বাস্থ্য বিভাগৰ এক উচ্চ পদস্থ কৰ্মচাৰীক ফোন কৰি সহায় বিচাৰে৷ সেই অফিচাৰে ছুপাৰ চাহাবক ফোন কৰিছে এজন চাৰ্জনক তালৈ পঠাবৰ বাবে৷ কাৰণ আমাৰ চৰকাৰী হস্পিতালখন সেই নাৰ্ছিংহোমৰ ওচৰতেই৷ ছুপাৰ চাহাবৰ কথা শুনি মই তেওঁক ক'লো, "কিন্তু ছাৰ, ডিউটি আৱাৰত এনেদৰে বাহিৰলৈ যোৱাতো জানো ঠিক হ'? তাৰোপৰি মই অ'টিত ল'ৰাটোক সুমুৱাই থৈ আহিছো৷"
 
ছুপাৰ চাহাবে ক'লে, নগ'লে তেওঁৰ আৰু মোৰ পৰিণতি ভাল নহ'ব৷ সেই উদ্যোগপতিজন ৰাজনৈতিক ক্ষমতাশালী ব্যক্তি৷ তালৈ গ'লে মোৰ চিন্তা কৰিবলগীয়া একো নাই৷ আৰু অ'টিলৈ এতিয়াই আন এজন চাৰ্জনক পঠাব তেওঁ৷ তেওঁৰ কথাত ভৰসা কৰি কিছু অনিচ্ছা স্বত্বেও হস্পিতালৰ চৰকাৰী গাড়ীতেই সেই নাৰ্ছিংহোমখনলৈ গ'লো৷
 
গৈ দেখিলো ঘটনাটো তেনেকুৱা বিশেষ একো নহয়৷ ধনীৰ দুলালীয়ে মাতাল অৱস্থাত ধৰ্মতলাৰ এখন বাৰৰ পৰা ওলাই গাড়ীৰে খুন্দা মাৰিছিল ৰাস্তাৰ ডিভাইডাৰত৷ গাড়ীত বহি থকা অৱস্থাতেই তাই বাঁও ভৰিখনত আঘাত পাইছে৷ দুটা চিলায়েই যথেষ্ট৷ কিন্তু সেই সৰু কামটো কৰোতেই দুঘন্টা লাগি গ'ল৷ প্ৰথম কথা তাই মাতাল অৱস্থাত আছিল, তাৰোপৰি বাপেকৰ মৰমৰ জীয়েক৷ কোনো কাৰণতেই তাই ভৰিখন চুবলৈ দিবলৈ ৰাজী হোৱা নাছিল৷ চিৎকাৰ কৰিছিল, অশ্ৰাব্য গালি-গালাজ কৰিছিল৷
 
কাম শেষ কৰি মই যেতিয়া হস্পিতাল পাওঁ তেতিয়া প্ৰায় তিনি ঘন্টা পাৰ হৈ গৈছে৷ হস্পিতালত সোমায়েই শুনিলো খবৰটো৷ মোৰ অ'টিত ৰখা সেই ল'ৰাটো হেনো ঢুকাইছে৷ আচলতে ছুপাৰে অ'টিলৈ কাৰোবাক পঠাবলৈ পাহৰি গৈছিল৷ ৰক্তক্ষৰণত মৃত্যু হৈছে তাৰ৷
 
পিছদিনাখন কেনেকৈ জানো খবৰটো বিয়পি পৰিল মিডিয়াত৷ চৰকাৰী হস্পিতালৰ ডাক্তৰে ৰোগী এৰি থৈ টকাৰ লোভত নাৰ্ছিংহোমত উদ্যোগপতিৰ জীয়েকৰ চিকিৎসা কৰিবলৈ গৈছিল৷ মোৰ লোভ আৰু কৰ্তব্যত অৱহেলাৰ কাৰণেই মৃত্যু হৈছে শিশুটোৰ৷ অথচ মই সেই নাৰ্ছিংহোমৰ পৰা এক পইছাও লোৱা নাই৷ মোৰ কোনো যোগাযোগেই নাছিল সেই নাৰ্ছিংহোমখনৰ লগত৷ খবৰটো কাকতত ওলোৱাৰ লগে লগেই বিৰোধী ৰাজনৈতিক দল, সমাজকৰ্মী, বুদ্ধিজীৱীসকলে হৈ-হাল্লা কৰি ৰাস্তাত নামি পৰিল৷ পৰিস্থিতি বেয়াৰ ফালে যোৱা দেখি ছুপাৰেও ঘটনাৰ পৰা দায় সাৰিবলৈ ক'লে, তেওঁ হেনো নাজানেই এইবোৰ কথা৷ আৰু তাৰ পিছত..."
 
দীৰ্ঘ সময় ধৰি কথাখিনি কৈ অকণমান নিৰৱে ৰ'ল নৱাৰুণ৷ তাৰ চকুত ভাহি উঠিল সেই সময়ৰ ঘটনাপ্ৰৱাহ৷ তাৰ চাচপেনছন, কোৰ্ট-কাছাৰী, মিডিয়াৰ আক্ৰমণ, মালৱিকাৰ আত্মহত্যা৷ শেষৰ পিনে এদিন তাই কৈছিল --- কি হ'ব মোৰ? কি হ'ব আমাৰ গৰ্ভজাত সন্তানটোৰ?
 
"মোৰ এগৰাকী পেছেন্ট আছিল নামজ্বলা এডভোকেট৷ সিদিনাখন হস্পিতালৰ ডিউটিলৈ গ'লেও এটেণ্ডেন্সৰ ৰেজিষ্টাৰত চহী কৰা নাছিলো৷ সেই সূত্ৰ ধৰিয়েই তেওঁ মোক শেষপৰ্যন্ত বচাই দিলে৷ মই চাকৰি ঘূৰাই পালেও বুজি পাইছিলো সেই হস্পিতালখনত চাকৰি কৰা আৰু মোৰ পক্ষে সম্ভৱ নহয়৷ ৰেজিগনেছন দি দিলো৷"
 
কথাখিনি কৈ নিশ্চুপ হৈ পৰিল নৱাৰুণ৷ বেছ কিছু সময়ৰ নিস্তব্ধতা৷ তল মূৰ কৰি বহি আছিল নৱাৰুণ৷ ডাক্তৰ ঘটকে তাক উদ্দেশ্যি ক'লে, "চিয়েৰ আপ৷ বহুতৰ জীৱনত এনেকুৱা দুৰ্ঘটনা ঘটে৷ তাৰ পিছত লাহে লাহে সকলো ঠিক হৈ যাব৷ তাৰোপৰি মই তোমাৰ লগত আছো৷"
 
নৱাৰুণে ক'লে, "আপোনাৰ ভৰসাতেই ইয়ালৈ আহিছো৷ কিন্তু ইয়াতে কোনোবাই মোক চিনি নেপেলায়তো? আপুনি কোনো অসুবিধাত পৰিবলগীয়া নহয়তো?"
 
ডাক্তৰ ঘটকে ক'লে, "সেইবিলাক লৈ চিন্তা নকৰিবা৷ পাবলিক মেম'ৰী খুব চৰ্ট৷ হয়তো সিহঁতে ইতিমধ্যেই ঘটনাটো পাহৰিবলৈ আৰম্ভ কৰিছে বা পাহৰিয়েই গৈছে৷ তোমাৰ ডাক্তৰ মাইতিৰ সেই ঘটনাটো মনত আছে নহয়? যিয়ে ৰোগীৰ পেটৰ ভিতৰৰ পৰা নিডল নুলিওৱাকৈয়ে চিলাই কৰি দিছিল৷ তাক লৈ মিডিয়াত কিমান হৈ-চৈ হৈছিল৷ কিন্তু সিটো এতিয়াও প্ৰেক্টিছ কৰি আছে৷ তিনিখন নাৰ্ছিংহোম বনালে৷ তাৰে আকৌ এখন কলিকতা চহৰত৷ ইয়াত মিডিয়াৰ দপদপনি নাই, একো সমস্যা নহয় তোমাৰ৷"
 
এইখিনি কথা কোৱাৰ পিছত ডাক্তৰ ঘটকে ক'লে, "এতিয়া ইয়াৰ কথা কওঁ তোমাক৷ ইয়াতেই কেইদিন মান থাকিব লাগিব তুমি৷ খোৱা লোৱাৰ ব্যৱস্থা কেয়াৰটেকাৰ মানে সেই গেটমেনে কৰি দিব৷ মোৰ নতুন নাৰ্ছিংহোমখন চহৰৰ ভিতৰত৷ সেইখন অ'পেন হ'লেই তালৈকে চিফ্ট কৰিবা তুমি৷ এইখন নাৰ্ছিংহোমত তোমাৰ সিমান কাম নাই৷ এইখন বন্ধ কৰি দিছো৷ ইয়াত ক'ল্ড ড্ৰিংকছৰ বটলিং প্লেন্ট বনাম৷ যন্ত্ৰপাতি সকলো চিফ্ট হৈছে ইয়াৰ পৰা নতুন নাৰ্ছিংহোমখনলৈ৷ ইয়াত নতুন কোনো ৰোগীক এডমিট কৰা হোৱা নাই৷ দুজন মাত্ৰ ৰোগী আছে ইয়াত৷ তাৰে এজন বৃদ্ধ, বাৰ্ধক্যজনিত অসুবিধাৰ কাৰণে ভৰ্তি হৈছে৷ আনজন এজন মাজ বয়সীয়া মানুহ৷ ভৰি ভাঙিছে, ট্ৰাকছন দিয়া আছে৷ হাউছ ফিজিছিয়ান ডাক্তৰ দাসে আহি দুবেলা তেওঁলোকক চাই যায়৷ কেইদিনমানৰ ভিতৰতে তেওঁলোকক চুটি দিয়া হ'ব৷ আৰু আছে দুগৰাকী আয়া৷ নাৰ্ছিঙৰ কাম সিহঁতেই কৰে৷ নতুন নাৰ্ছিংহোমখন খুলিলেহে তোমাৰ কাম আৰম্ভ হ'ব৷"
 
নৱাৰুণে সুধিলে, "কিমান কাম বাকী আছে তাৰ?"
 
ডাক্তৰ ঘটকে ক'লে, "যিমান সম্ভৱ সোনকালে তাৰ কাম শেষ কৰাৰ চেষ্টা কৰা হৈছে৷ দেখা যাওঁক৷ তাৰ আগতে এটা কাম বাকী আছে৷"
 
তাৰ পিছত হঠাৎ ডাক্তৰ ঘটকে তেওঁৰ হাত-ঘড়ীটোলৈ চাই ক'লে, "'লা, এইবাৰ তোমাক তোমাৰ কোঠালৈ লৈ যাওঁ৷ গোটেই ৰাতি জাৰ্ণি কৰি আহিছা৷ জিৰণি লোৱা৷ মই আকৌ ষ্টেচনলৈ যাব লাগিব এজনক আনিবলৈ৷ আবেলি মই আকৌ আহিম৷" চকীৰ পৰা উঠিল ডাক্তৰ ঘটক৷ উঠি থিয় হ'ল নৱাৰুণো৷ সেই কোঠাটোৰ পৰা ওলাই ডাক্তৰ ঘটকৰ পিছে পিছে খোজ কাঢ়ি আহি থাকোতে নৱাৰুণে ক'লে  "তেনেহ'লে মোৰ ইয়াত একো কাম নাই বুলিছে?"
 
ডাক্তৰ ঘটকে হাঁহি ক'লে, "অঁ, নাই৷ পিছে ইচ্ছা কৰিলে পেছেন্ট দুজনৰ কেবিনত ভিজিট কৰিব পাৰা৷ অলপ পাল্ছ, প্ৰেছাৰ আদি চাই মেলি দিব পাৰিবা৷ পেছেন্ট দুজনো সুখী হ', দুজন ডাক্তৰে তেওঁলোকক চাবলৈ আহিছে বুলি৷"

***

 সূচীপত্ৰলৈ                                                 পৰৱৰ্তী অধ্যায়লৈ