Aug 6, 2014

ৰূপ - দ্বিতীয় অধ্যায়

ৰাজীৱ ফুকন
Roop Assamese Ditective Story by Rajiv Phukan 
*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 
দ্বিতীয় অধ্যায়

গাৰ্গীয়ে তল মূৰ কৰিলে৷ তাৰ পিছত পুনৰ মূৰ তুলি ক'লে, "ইমানবোৰ খবৰ কোনে জানো আপোনাক চাপ্লাই দিছে৷"
 
"ইনষ্টিংক্ট৷"
 
"বিজিতে ঘৰলৈকে অহা নাছিল৷ সি এদিন মোক ফোন কৰিছিল৷ লগ কৰিব বিচাৰে৷ মই বিৰক্ত হৈ কৈছিলো যে মোৰ ইচ্ছা নাই৷ সি ফোন কাটি দিলে৷ পিছত সি বাৰে বাৰে ফোন কৰি থকা কৰিলে, দৈনিক৷ মই কাটি দিওঁ৷ তাৰ পিছত এদিন এটা ডাঙৰ কোম্পানীৰ মডেলিং টেষ্টৰ বাবে সিহঁতৰ এজেন্টে মোক ফোন কৰি এটা এপয়ন্টমেন্ট দিয়ে৷ মই জনা নাছিলো যে সেইটো বিজিতৰে পতা ফান্দ আছিল৷ যি কি নহওক, তাত, সেই এজেন্টৰ অফিচত বিজিতৰ সৈতে মোৰ দেখা দেখি হয়৷"
 
"কি কৈছিল বিজিতে?"
 
"কি কোৱা বুলি ভাবে আপুনি?"
 
"প্ৰেম ভালপোৱাৰ কথাই, নহয় জানো?"
 
"পুৰুষেতো সেইবোৰকেই কয়৷ এণ্ড হি ৱাজ মেড এবাউট ডেট৷ সি স্পষ্টকৈ কৈছিল, নম্ৰতাক সি ভাল নাপায়, সি মোক বিচাৰে৷"
 
"আপুনি কি কৰিলে?"
 
গাৰ্গীয়ে কৰুণ হাঁহি এটা মাৰি ক'লে, "মোৰ পুনৰ তপা হ'বলৈ মন গৈছিল৷"
 
"এজন ডাঙৰ ডাক্তৰ আৰু এজন ধনী ঘৰৰ জোৱাই৷ দুয়োজনেই পাৱাৰফুল আৰু দুয়োজনেই দুৰ্দান্ত প্ৰকৃতিৰ৷ আপুনি ভাল বিপদতে পৰিছিল৷ নহয় জানো?"
 
"নিজৰ ৰূপ-সৌন্দৰ্য্যৰ বাবে সেয়ে মোৰ আজিকালি লাজ লাগে৷"
 
"কিন্তু ভুলটোতো আপোনাৰ নহয়, সৃষ্টি কৰ্তাৰ, নহয় জানো? বাৰু, আপুনি পিছে মডেলিঙৰ কন্ট্ৰেক্টটো পাইছিলনে নাই?"
 
"পাইছিলো৷"
 
"বিগ অফাৰ?"
 
"অঁ, মোটামুটি ভালেই অফাৰ৷"
 
"যোৱা আঠ মাহত মোৰ হিচাপ মতে আপুনি কমেও আঠটা কোম্পানীৰ হৈ ভিডিঅ' মডেলিং কৰিছে৷ তাৰোপৰি বাতৰি কাকতৰ বিজ্ঞাপন, প্ৰডাক্ট লেবেল আৰু পোষ্টাৰিংতো আছেই৷ টিভি চিৰিয়েলতো আপোনাক লাহে লাহে দেখিবলৈ পোৱা গৈছে৷"
 
"এই বিলাকতো আৰু গোপন খবৰ হৈ থকা নাই৷ চবে জানে৷"
 
"ঠিকেই কৈছে মিছ মিত্ৰ৷ কিন্তু চবে জনা কথাৰ আঁৰে আঁৰেও কিছুমান গোপন খবৰৰ সৃষ্টি নহয় জানো?"
 
"ভালকৈ বুজি পোৱা নাই৷"
 
"আপুনি হয়তো শুনিছে নিশ্চয় যে সেই বিউটি কনটেষ্টৰ তিনি মাহ পিছত ডাক্তৰ সঞ্জীত চৌধুৰীৰ পত্নী অসুস্থ হৈ পৰে৷ হেপাটাইটিছ ই৷ কেনেদৰে ৰোগটো হ'ল সেয়া অতি ৰহস্যময়৷ কোনেও নাজানে৷ ময়ো নাজানো৷ কিন্তু বহুত অনুসন্ধান কৰি কেৱল এইটোকে জানিবলৈ সক্ষম হৈছো যে ক্ৰণিক চৰ্দি কাহৰ বাবে তেওঁ এটা বিদেশী এন্টিজেন ইনজেক্সন লৈছিল৷ হ'ব পাৰে তাৰ পৰাই ইনফেকছনটো হৈছে৷"
 
"হয় নেকি?"
 
মূৰ জোকাৰি শৱৰে ক'লে, "ব্যাখ্যা কৰা মোৰ পক্ষে অসম্ভৱ৷ ইট ৱাজ এ ভেৰি নেচাৰেল ডেথ৷"
 
গাৰ্গীয়ে মনে মনে ৰ'ল৷
 
"কিবা ভাবিছে?"
 
"ভাবিছো মই কিবা ভবা উচিত হয় নে নহয়?"
 
"আৰে নাই মিছ মিত্ৰ, আপোনাক চিন্তাত পেলাবলৈকে কথাটো কোৱা নাই৷ আচলতে ঘটনাখিনিক একেটা সূত্ৰত বান্ধিব পৰা যায় নেকি তাকে চাইছিলো৷ কিন্তু নাই, মিছেছ চৌধুৰীৰ আকস্মিক মৃত্যুত অকণো পঁচা এন্দুৰৰ গোন্ধ ওলোৱা নাই৷"
 
"তেনেহ'লে কথাটো ওলাইছে কিয়?"
 
"পুলিচৰ মন হ'ল সন্দেহবাদী৷ বিউটি কন্টেষ্টৰ ছমাহ পিছত ডাঃ চৌধুৰী যিখন নাৰ্ছিং হোমত কাম কৰিছিল তাত তেওঁৰ এগৰাকী ৰোগীৰ মৃত্যু হয়, আৰু ৰোগীৰ ঘৰৰ আৰু চুবুৰিৰ মানুহে আহি এনেকৈ আক্ৰমণ কৰে যে নাৰ্ছিং হোমখন ভাঙি লণ্ডভণ্ড কৰি পেলায়৷ ডাক্তৰ চৌধুৰীও আহত হৈছিল৷"
 
"জানো৷ শুনিছিলো৷ এইটোও বাৰু অস্বাভাৱিক ঘটনা নেকি?"
 
"নাই, কলিকতাত এনেকুৱা ঘটনা প্ৰায়ে ঘটে৷"
 
"তেনেহ'লে?"
 
এটা নিশ্বাস পেলায় শৱৰে ক'লে, "ঘটনাটো ওপৰে ওপৰে চালে এটা আৱেগজনিত ঘটনা মাত্ৰ৷ কিন্তু তদন্ত কৰিবলৈ গৈ দেখা পোৱা গ', আক্ৰমণকাৰীবোৰৰ কোনো ৰোগীৰ আত্মীয় বা চুবুৰিৰ মানুহ নহয়৷ সিহঁত কোন তাকো জনা নগ'ল৷ কিন্তু যিমানখিনি জানিব পৰা গৈছে সেয়া হ'ল সিহঁত আছিল পেছাদাৰী বা ভাৰাতীয়া গুণ্ডা "
 
"কিয় যে মোক এইবোৰ কৈ আছে!"
 
শৱৰে অকণমান হাঁহি ক'লে, "সঞ্জীত চৌধুৰী এজন ডাঙৰ ডাক্তৰ৷ কেনেকৈ তেওঁৰ পত্নীৰ হেপাটাইটিছ ই হৈছিল সেয়া মই নাজানিলেও তেওঁ নিশ্চয় জানিব৷ মই কেৱল জানিব খোজো, কিয় হৈছিল? এটা বিশেষ সময়ত সঞ্জীত চৌধুৰীৰ পত্নীৰ মৃত্যু হোৱাটো বাৰু প্ৰয়োজনীয় হৈ পৰিছিল নেকি?"
 
"মই একো ধৰিব পৰা নাই কি কৈ আছে৷"
 
"ধৰিব যে ময়ো পাৰিছো, তেনেকুৱা নহয়৷ কেৱল এইটোকে জানো, এজন ডাক্তৰৰ বাবে কাৰোবাৰ মৃত্যুৰ আয়োজন কৰাতো বৰ কঠিন কাম নহয়৷"
 
"হে হৰি! আপুনি কি ক'ব খুজিছে সেইটো হত্যা আছিল?"
 
"এতিয়াও কোৱা নাই৷ কাৰণ প্ৰমাণ নাই৷ পিছে মোটিভ হয়তো আছে৷"
 
"কি মোটিভ?"
 
"ডাক্তৰ চৌধুৰীৰ সৈতে তেওঁৰ পত্নীৰ বিয়া হৈছিল প্ৰায় ছবছৰ আগতে৷ তেওঁলোকৰ এজনী তিনি বছৰীয়া ছোৱালীও আছে৷ মোটামুটি এটা সুস্থিৰ পৰিয়াল৷ স্বামী-স্ত্ৰীৰ মাজত বৰ এটা বাদ বিবাদো নাছিল৷ কিন্তু তেওঁলোকৰ মাজত হঠাৎ এটা মিছ আণ্ডাৰ্ষ্টেণ্ডিঙৰ আৰম্ভ হৈছিল বুলি ঘৰৰ দুজন কাম কৰা মানুহে মোক জনাইছিল৷ মহিলাগৰাকী অসুস্থ হৈ পৰাৰ আগতে হেনো এদিন দুয়োৰে মাজত ভীষণ কাজিয়া লাগিছিল আৰু মহিলাগৰাকীয়ে বোলে কৈছিল, তুমি মোক ডিভোৰ্ছ দিব খুজিছা? তোমাৰ মই নাক কাটি কলা খাৰ দিহে এৰিম৷ ইত্যাদি ইত্যাদি৷ তাৰ পিছতেই হঠাৎ অসুখ আৰু মৃত্যু৷"
 
"কেৱল কাজিয়াৰ বাবেই জানো কোনোবাই কাৰোবাক হত্যা কৰে?"
 
"নহয়, মেডাম৷ চাব লাগিব কাজিয়াৰ উৎসটো কি? সেইটোহে মেইন৷ পৃথিৱীত গিৰিয়েকে যেতিয়াই ঘৈণীয়েকক হত্যা কৰে, তেতিয়া বেছিভাগ ক্ষেত্ৰতে দেখা যায় হত্যাৰ পিছত আন এগৰাকী মহিলা আছে৷ পিছে আগতেই কৈছো, মোৰ হাতত প্ৰমাণ নাই৷ আৰু এটা কথা হ'ল ডাক্তৰ চৌধুৰী এগৰাকী গায়ন'''জিষ্ট৷ মাইকী মানুহৰ সৈতেই তেওঁৰ দৈনিক কাম৷ গতিকে মাইকী মানুহৰ প্ৰতি তেওঁৰ এটা ইমিউনিটি গঢ় লৈ উঠাটো স্বাভাৱিক কথা, যদিহে কোনো এক্সট্ৰা অৰ্ডিনাৰী মহিলাৰ সৈতে তেওঁৰ ইনভলভমেন্ট নঘটে৷"
 
"পুনৰ মোৰ মূৰৰ ওপৰেৰে উৰি গৈছে৷"
 
"মোৰো৷ ডাক্তৰ চৌধুৰীয়ে তেওঁৰ পত্নীক হত্যা কৰিছে এনেকুৱা সন্দেহ কোনেও কৰা নাই৷ প্ৰশ্নও উঠা নাই৷ কোনো মহিলাৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথাও কোনেও নাজানে৷"
 
"তেনেহ'লে?"
 
"তেনেহ'লেও এটা কথা আছে৷ পত্নীৰ মৃত্যুৰ পিছত দেখা যায় ডাক্তৰ চৌধুৰীয়ে ৰাতি সাৰে থাকি কাৰোবাক বহু সময় ধৰি দীঘলীয়া ফোন কৰা কৰিছিল৷ এগৰাকী বিশেষ কাৰোবাক৷ সেই সময়ত তেওঁৰ চকু-মুখ অন্যৰকমৰ হৈ পৰিছিল৷ কিছুদিন পিছতেই নাৰ্ছিং হোমত তেওঁৰ ওপৰত আক্ৰমণ হয়৷ ইয়াৰ মাজতো কোনেও একো শুংসূত্ৰ বিচাৰি চোৱা নাই৷"
 
"মাথোঁ আপুনিহে বিচাৰিছে৷"
 
"অঁ৷ এই আক্ৰমণটো বিশেষ এজন ব্যক্তিয়ে কৰাইছিল৷ যাৰ লগত সেই পেচেন্টগৰাকীৰ সম্পৰ্ক নাছিল৷"
 
"কোন তেওঁ?"
 
"সেইটো কোৱা মানে অন্ধকাৰত কাঁড় মৰাৰ দৰে কথা হ'ব৷ পিছে এনেকুৱা এজন যি পাৱাৰফুল, ষ্ট্ৰং মটিভ আছে আৰু বেপৰোৱা৷ এইবিলাক ঘটনা যেতিয়া ঘটে তেতিয়া মই পিক্সাৰত নাছিলো৷ কোনো তদন্তৰ ভাৰো মোক দিয়া হোৱা নাছিল, বা এইবিলাক ঘটনা যে ঘটিছে তাকো মই জনা নাছিলো৷ মই এইবিলাক ঘটনা জানিব পাৰিছো মাত্ৰ সাত দিন আগতে৷ যেতিয়া মোক ডক্তৰ সঞ্জীত চৌধুৰীৰ -- বাই দি বাই, আপুনি জানেনে যে সঞ্জীত চৌধুৰীৰ মৃত্যু হৈছে?"
 
অবাক গাৰ্গী চৌধুৰীয়ে তাইৰ বিস্ফোৰিত চকুৰে চাই ক'লে, "মৃত্যু হৈছে! কেতিয়া? মইতো শুনা নাই!"
 
চিন্তিত শৱৰে তাইৰ মুখলৈ চাই ক'লে, "নাজানে?"
 
"ওহো!"
 
"ওহ, আপুনিচোন বাতৰি কাকত নপঢ়ে৷"
 
"নাই৷ নপঢ়ো৷"
 
"খবৰটো অৱশ্যে সিমান গুৰুত্ব সহকাৰে ছপোৱাও নাই৷ সঞ্জীত চৌধুৰীৰ মৃত্যু হৈছে এটা কাৰ এক্সিডেন্টত৷"
 
"ইছ৷ বৰ দুখ লগা কথা৷"
 
"মৃত্যু মানেই দুখঃজনক৷ মই -- শৱৰ দাশগুপ্তই কোনো মৃত্যু পচন্দ নকৰো৷"
 
"কোনেও নকৰে শৱৰবাবু৷ কিন্তু মৃত্যুতো চিৰন্তন৷ নহয় জানো?"
 
"অঁ, মিছ মিত্ৰ, মৃত্যু আমাৰ পিছে পিছেই ঘূৰি ফুৰে৷ কিমান সুন্দৰ মুখ, কিমান সুন্দৰ শৰীৰ, কিমান প্ৰতিভা, কিমান মেধা, কিমান অতৃপ্ত বাসনা, কিমান লোভ, কিমান আসক্তি মৃত্যুতে শেষ হৈ যায়৷"
 
"অঁ৷ কথাটো ট্ৰেজিক, কিন্তু আমিতো অসহায়৷"
 
শৱৰে মূৰ জোকাৰি ক'লে, "সঞ্জীত চৌধুৰীৰ মৃত্যু নোহোৱাহেঁতেন ইমান কথা মই নাজানিলোহেঁতেন, আপোনাৰ সৈতেও চিনাকি নহ'লহেঁতেন৷ কাৰ এক্সিডেন্টত মৃত্যু হ'লেও তাৰ মাজত কিছু বিসংগতি থকাত তদন্তৰ ভাৰ মোৰ ওপৰত পৰে৷ দুৰ্ঘটনাটো ঘটিছিল মাজ ৰাতি৷ হয়তো বাৰটা বা তাতকৈও পলমকৈ৷ তেওঁলোকৰ নাৰ্ছিং হোমত এগৰাকী ভি আই পিৰ পত্নী আছিল৷ ৰাতি বাৰটাত হঠাৎ ফোন আহে যে ৰোগীৰ অৱস্থা বেয়া, ডাক্তৰ চৌধুৰীয়ে এতিয়াই যাব লাগে৷ চৌধুৰীয়ে লগে লগে গাড়ী লৈ ওলাই যায়৷ নিউ আলিপুৰৰ নিৰ্জন ৰাস্তাত এখন লো ভৰ্তি ট্ৰাকে তেওঁৰ গাড়ীখন মহতীয়াই লৈ যায়৷ ইন্সিডেন্টলি গাড়ীখন পৰীক্ষা কৰি দেখা গৈছে যে তাত ব্ৰেক অইল নাছিল৷ তাৰ মানে বিপদৰ সময়ত চৌধুৰীৰ গাড়ীৰ ব্ৰেকেও কাম কৰা নাছিল৷ ট্ৰাকখনে তেওঁক খুন্দিয়াই পলাই যায়৷"
 
"ইছ ইছ৷"
 
"ঘটনাটো ইমানৰ পিছতো উপেক্ষা কৰিব পৰা গ'লহেঁতেন৷ কিন্তু তদন্তত নামি দেখিছো নাৰ্ছিং হোমৰ পৰা সিদিনা কোনেও ফোন কৰা নাছিল আৰু ৰোগীৰ অৱস্থাও সেই ৰাতি ভালেই আছিল৷"
 
"হে হৰি! তেনেহ'লে?"
 
শৱৰে অকণমান হাঁহিলে, "আপুনি বুধিয়ক, বুজি লওঁক৷"
 
"ইজ ইট এ মাৰ্ডাৰ এগেইন?"
 
"অতি নিখুঁতভাৱে পৰিকল্পনা কৰি চৌধুৰীক হত্যা কৰা হৈছিল৷"
 
"কোনে হত্যা কৰিলে তেওঁক?"
 
"আপুনি কিবা অনুমান কৰিব পাৰিছেনে?"
 
"নাই৷ মই কেনেকৈ অনুমান কৰিম?"
 
"ক্ষমা কৰিব৷ ভুল প্ৰশ্ন কৰিলো বোধহয়৷ বাৰু আপোনাৰ মোবাইল ফোন আছেনে?"
 
"নাই৷"
 
"চৌধুৰীৰ আছিল, বিজিতৰ আছিল, নম্ৰতাৰো আছিল৷"
 
"কিয় সুধিছে?"
 
"ডাক্তৰ চৌধুৰীৰ মোবাইল ফোনৰ ৰেকৰ্ড চেক কৰি দেখা গৈছে যে তেওঁ এটা নম্বৰ খুব ফেবাৰ কৰিছিল৷ সেই নম্বৰটো আপোনাৰ৷"
 
"অঁ৷ কৈছোৱেইচোন, তেওঁ মাজে মাজে মোক ফোন কৰিছিল৷"
 
"কি কৈছিল তেওঁ আপোনাক?"
 
"দৰকাৰী কথা একো নহয়৷ এনেই গল্প-গুজব৷"
 
"কেতিয়াবা কেতিয়াবা ৰাতি বাৰটাতো?"
 
"মোৰ সিমান মনত নাই৷"
 
"অলপ ভাবি কওক৷"
 
"হয়তো এবাৰ দুবাৰ ৰাতিও কৰিছে৷"
 
"ইমান ৰাতি ফোন কৰাৰ কোনো বিশেষ কাৰণ আছিল?"
 
এটা দীৰ্ঘ নিশ্বাস পেলাই গাৰ্গীয়ে ক'লে, "তেওঁ পাগলামি কৰিছিল৷"
 
"কেনেকুৱা পাগলামি?"
 
"বিয়া কৰোৱাৰ কথা কৈছিল৷ বহুত কিবা কিবি প্ৰমিজ কৰিছিল৷ লোভ দেখুৱাইছিল বিদেশলৈ লৈ যোৱাৰ৷"
 
"আপুনি তেওঁক প্ৰশ্ৰয় দিছিল নেকি?"
 
"প্ৰশ্নই নুঠে৷ মোকতো তেনেকুৱা প্ৰস্তাৱ কিমানে দিছে৷ প্ৰশ্ৰয় দিয়াৰ কথা ওলাইছে কিয়, মিষ্টাৰ দাশগুপ্ত?"
 
"কাৰণ, কোনো কোনো ফোন কলৰ ডিউৰেছন আধা ঘন্টা বা তাতকৈও বেছি আছিল৷"
 
"কৈছো নহয়, তেওঁ বহুত কথা কৈ থাকে৷ মই তাৰ কিছু শুনো, কিছু নুশুনো৷ পিছে অভদ্ৰতা কৰি ফোনটো কাটি দিবও নোৱাৰো৷"
 
"ঠিক আছে, মিছ মিত্ৰ৷"
 
"একো দোষ হোৱা নাইতো?"
 
"আৰে নাই নাই৷ দোষৰ কি আছে? মই কেৱল জানি ল'লো৷"
 
"আৰু কি জানিব খোজে?"
 
"বেছি একো নহয়৷ আপুনি বাৰু জানেনে যে পৰহি নম্ৰতাৰ ঘৰৰ চুইমিং পুলত ডুবি বিজিত ৰায়চৌধুৰীৰ মৃত্যু হৈছে৷"
 
"হে হৰি? সঁচাকৈ নেকি?"
 
"মিছ মিত্ৰ, গল্প-গুজব কৰা মোৰ কাম নহয়৷"
 
"চুইমিং পুলত?"
 
"অঁ৷ ঘোৰ মাতাল অৱস্থাত৷ সাক্ষ্য প্ৰমাণে কয়, নম্ৰতা আৰু বিজিতে বহু ৰাতিলৈ চুইমিং পুলৰ পাৰত বহি আছিল৷ সিহঁতৰ মাজত দৈনন্দিন লগাৰ দৰে কাজিয়া-পেচালো লাগে৷ তাৰ পিছত নম্ৰতা শুবলৈ গুচি যায়৷ ৰাতিপুৱা বিজিতৰ মৃতদেহ চুইমিং পুলত পোৱা যায়৷"
 
"চেড৷"
 
"অঁ, চেড৷ বিজিতে আপোনাৰ সৈতে টেলিফোনত বহুত কথা পাতিছিল, নহয়নে?"
 
"অঁ, মোৰ মডেলিঙৰ ক্ষেত্ৰত তেওঁ হেল্প কৰিছিল৷"
 
"কিয়?"
 
"হি হেড এ ক্ৰাচ অন মি৷ পুৰুষৰতো সেইটোৱেই দোষ৷ মইতো একো লুকুওৱা নাই, মিঃ দাশগুপ্ত৷"
 
"নাই৷ আপুনি এতিয়ালৈ সিমান একো লুকুওৱা নাই৷ লুকুওৱাৰ দৰকাৰো নাই আপোনাৰ৷ আপুনি এই বিশ বছৰ বয়সতেই পুৰুষৰ ক্ষেত্ৰত বেছ হতাশ হৈ পৰিছে দেখিছো৷"
 
"অকণমান হতাশাতো আহিবই, '?'
 
"অঁ৷ সেইটো ঠিকেই৷ ডাক্তৰ চৌধুৰীয়ে যদি তেওঁৰ পত্নীক হত্যা কৰিছিল তেনেহ'লে তাৰ আঁৰত তেওঁৰ এটা বিশেষ উদ্দেশ্য আছিল, নাৰ্ছিংহোমত আক্ৰমণ কৰি যে চৌধুৰীক মাৰধৰ কৰিছিল, তাৰ আঁৰতো এটা বিশেষ উদ্দেশ্য আছিল৷ হয়তো ডাক্তৰ চৌধুৰীক ভয় দেখুৱাবলৈ৷ পিছত তেওঁক হত্যা কৰাৰ প্ৰয়োজনে দেখা দিলে৷ যিয়ে হত্যা কৰিছিল, তেওঁৰো এটা উদ্দেশ্য আছিল৷ সেয়া হয়তো কোনোবা এগৰাকী নাৰীক সুখী কৰিবলৈ আৰু সেই নাৰীগৰাকীক নিষ্কন্টক কৰিবলৈ, হয়তো নাৰীগৰাকীৰ অনুৰোধতেই চৌধুৰীক হত্যা কৰাইছে৷ হত্যা কৰোৱা ব্যক্তিজনো পাৱাৰফুল, প্ৰচুৰ টকাৰ মালিক, বেকত প্ৰতিপত্তিশীল শহুৰেক৷"
 
"আপুনি বিজিতৰ কথা কৈছে নেকি?"

"অনুমান মাত্ৰ৷ সঁচা নে মিছা কোনে ক'? মোৰ সন্দেহটো হ', নম্ৰতাই এদিন গম পালে যে তেওঁৰ স্বামী বিজিতে কোনো বিশেষ এগৰাকীৰ প্ৰেমত হাবুডুবু খাইছে৷ মোৰ সন্দেহ যাৰ প্ৰেমত সি পৰিছিল, তেওঁ নিজেই নম্ৰতাক জনাই দিয়ে৷ জনাই নিদিয়া হ'লে বিজিতে তেওঁৰ জীৱন বিষময়ী কৰি দিলেহেঁতেন৷ ক্ৰমশঃ বিজিতে বহুত লোভনীয় কন্ট্ৰেক্ট তেওঁক দি পেলাইছিল৷ সেই জাল ফালি ওলাই যাব নোৱাৰিলে ছোৱালীজনীৰ ৰক্ষা নাছিল৷ আৰু আপুনি জানেই নম্ৰতা কেনেকুৱা ছোৱালী৷ পজেচিভ, খঙাল, খেয়ালী, জেলাছ আৰু ক্ৰুয়েল৷ বিজিত কেৱল আৰু কেৱল তেওঁৰ সম্পত্তি৷ বিজিতে ছোৱালী এজনীৰ পিনে চালেও তেওঁ সহ্য কৰিব নোৱাৰে৷"
 
কঠোৰ মাতেৰে গাৰ্গীয়ে কৈ উঠিল, "মিষ্টাৰ দাশগুপ্ত, আপুনি মোক এইবিলাক জঘন্য ঘটনাত সাঙুৰিব বিচাৰিছে নেকি?"
 
শৱৰ দাশগুপ্তই একে দৃষ্টিৰে কিছু সময় গাৰ্গী মিত্ৰৰ পিনে চাই ৰ'ল৷ গাৰ্গীৰ চকু লাহে লাহে কোলাৰ পিনে নামি গ'ল৷
 
শৱৰে মৃদু হাঁহি এটা মাৰি ক'লে, "আপোনাক দেৱী প্ৰতিমাৰ দৰে লাগিছে৷ নাই, আপুনি চিন্তা কৰিবলগীয়া একো নাই৷ কেৱল কওঁ, মোৰ কল্পনা শক্তিয়ে এটা ঘটনা প্ৰত্যক্ষ কৰিছে৷ চুইমিং পুলৰ পাৰত মাতাল বিজিত বহি আছে৷ বহুত ৰাতি৷ অন্ধকাৰত দ্ৰুত খোজেৰে এজনী লাহি দেহৰ ছোৱালী তাৰ কাষলৈ গ'ল৷ ছোৱালীজনী নম্ৰতা৷ হয়তো মদৰ সৈতে টোপনিৰ ঔষধ দিয়া হৈছিল বিজিতক৷ নম্ৰতাই তাক চুইমিং পুললৈ চকীৰে সৈতে পেলায় দিয়ে৷ তাৰ পিছত পানীত নামি মায়া ভৰা মুখেৰে  বিজিতৰ মূৰটো পানীৰ তলত হেঁচি ধৰি থাকে কিছু সময়৷ তাৰ পিছত ৰূমলৈ গুচি যায়৷ ইট ৱাজ এজ ইজ এজ ডেট৷"

"তেনেহ'লে আপুনি নম্ৰতাৰ ওচৰলৈহে যোৱা উচিত আছিল৷ তেওঁক এৰেষ্ট কৰিব লাগে আপুনি৷"
 
হাত দাঙি শৱৰে ক'লে, "লাহে, মিছ মিত্ৰ, লাহে৷ এতিয়াও বিজিতৰ অটপ্সি ৰিপ’ৰ্ট আহি আমাৰ হাতত পৰা নাই৷ কোনো সাক্ষী নাই, প্ৰমাণ নাই৷ তাৰোপৰি বিমলাপ্ৰসাদৰ জীয়েকৰ টকা আৰু কানেক্সনৰ জোৰ ইমান বেছি যে সামান্য পুলিচৰ পক্ষে তেওঁক ফচোৱা প্ৰায় অসম্ভৱ৷ হয়তো তেওঁক ধৰিলেও বেনিফিট অব ডাউটত ৰেহাই পাই যাব৷ কাৰণ বিজিতৰ মৃত্যুটো হত্যা নে এক্সিডেন্ট সেইটোৱেই ডাঙৰ প্ৰশ্ন৷ ছুইমিং-পুল তাৰ প্ৰিয় ঠাই আছিল, সি মাতাল আছিল, এক্সিডেন্ট হোৱাৰ সম্ভাৱনাও আছে৷"
 
"কিয় যে মোৰ ইয়ালৈ আহিলে!"
 
"কেৱল এইটোকে জানিবলৈ, এইবিলাক ঘটনাৰ ক'তো যে আপুনি নাই৷ আপুনি সম্পূৰ্ণৰূপে নিষ্কলংক৷ দেৱী প্ৰতিমাৰ দৰেই লাগিছে আপোনাক৷"
 
"কিয় তেনেকৈ কৈছে? মোৰ যে কেনেকুৱা লাগিছে?"
 
"কেনেকুৱা লাগিছে, মিছ মিত্ৰ? বেয়া! কিন্তু এইবিলাক ঘটনাৰতো এটা ভাল দিশো আছে৷ বিউটি কনটেষ্টৰ তিনিজন অসাধু বিচাৰকৰ এজনে অন্ততঃ চৰম শাস্তি পাইছে৷ অন্যায়ভাৱে যে আপোনাক হেৰুৱাই বিউটি কুইন হৈছিল তেওঁ নিজ হাতে তেওঁৰ প্ৰিয়তম পুৰুষক হত্যা কৰি উন্মাদৰ দৰে দেৱালত মূৰ খুন্দিয়াই প্ৰলাপ বকিছে৷ এয়াতো প্ৰকৃতিৰেই প্ৰতিশোধ-- নহয় নে? আপুনি যদি সেই প্ৰক্ৰিয়াটোত অকণমান সহযোগো কৰিছে তেনেহ'লেও ইণ্ডিয়ান পেনেল ক'ডে আপোনাক চুবকে নোৱাৰিব৷ অভিনন্দন মিছ মিত্ৰ, অভিনন্দন৷"

গাৰ্গী মিত্ৰই হঠাৎ দুহাতেৰে তেওঁৰ মুখ ঢাকি ধৰিলে৷
 
"মই আহিছো মিছ মিত্ৰ৷ আপুনি আৰু অলপ বেছিকৈ কান্দক৷ কান্দিলে মন পাতল হয়৷"

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                                 সূচীপত্ৰলৈ                                      উপন্যাস সমূহ