Jan 24, 2014

REAR - উইণ্ড' (ষষ্ঠ অধ্যায়)

ৰাজীৱ ফুকন
Rear Window Assamese Mystery Novel      
*মূলঃ কৰ্ণেল উলৰিছ*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

ষষ্ঠ অধ্যায়

ছেম যোৱা দহ মিনিটমান হৈছিলহে।আকৌ ঘূৰি আহিল। সি নিশ্চয় কিবা এৰি থৈ গৈছে। হয়তো তাৰ হেটটো, নহ'লে তাৰ ঘৰৰ চাবিপাত। আজি মদেই জগৰ লগালে। সি জানে যে মই নামি গৈ তাক দুৱাৰ খুলি দিব নোৱাৰো। আৰু সি মোক আমনি কৰিবও খোজা নাই। ভাবিছে চাগে মই শুলো বুলি৷ মাত্ৰ মূল দুৱাৰখনৰ চাবি পকোৱাৰ জনজননি শব্দটো শুনিবলৈ পালো। আমাৰ ঘৰটো পুৰণিকলীয়া ষ্টুপ হাউছ। বাহিৰৰ ফালে এখন দুৱাৰ থাকে, যিখন গোটেই ৰাতি খোলাই থাকে। তাৰ পিছত এখন বাৰান্দা। আৰু তাৰ পিছত ভিতৰৰ মূল দুৱাৰখন। য'ত তল লগোৱা হয়। মদৰ ৰাগীত চাগে তাৰ আঙুলিবোৰ কঁপিছিল। সেয়ে তলাটো খোলাত অসুবিধা পাইছে। জুইশলা কাঠি এটা জ্বলোৱা হ'লে ফুটাটো বিচাৰি পালেহেঁতেন। কিন্তু ছেমে চিগাৰেট নাখায়।তাৰ লগত জুইশলা বাহ নাথাকে।

শব্দটো নাইকিয়া হ'ল। সি কিন্তু ভিতৰলৈ অহা নাই। সোমাই অহা হ'লে মই গম পালোহেঁতেন। আহোতে সদায় সি দুৱাৰখন ধাপকৈ জপাই থৈ আহে। আজি তেনেকুৱা কোনো শব্দ নুশুনিলো। সি চাগে খুলিব নোৱাৰি উভতি গ'ল, যি হয় কালি দেখা যাব বুলি।

তেতিয়াই মোৰ মনৰ আভ্যন্তৰত এক বিস্ফোৰণ ঘটিল। কিন্তু এই মুহূৰ্ততহে কিয় নাজানো। হয়তো আমাৰ অবচেতন মনৰ কাম কৰাৰ ধৰণেই এইটো। অপেক্ষা কৰি থকা বাৰুদৰ দম এটাত হঠাতে যেন স্ফুলিংগ এটাই আঘাত কৰিলে।  ছেমৰ কথা, মূল দুৱাৰখনৰ কথা আৰু আন সকলো কথা মোৰ মনৰ পৰা ধোঁৱা হৈ উৰি গ'ল। আজি আবেলিৰ পৰাই এই বিস্ফোৰণৰ আয়োজন চলি আছিল। কিন্তু বিস্ফোৰণ ঘটিল এতিয়াহে— আকৌ সেই ডিলেইড এক্সন।

ভাড়াঘৰৰ মালিক আৰু থৰৱাল্ডে একেলগেই ড্ৰয়িং ৰূমৰ খিৰিকিখনৰ ওচৰৰ পৰা আগবাঢ়িছিল। মাজতে অলপ সময়ৰ বাবে বেৰৰ আঁৰ হৈছিল। দুয়ো পুনৰ আবিৰ্ভাৱ হৈছিল পাকঘৰৰ খিৰিকিখনৰ ওচৰত, এজন আনজনৰ ঠিক মূৰৰ ওপৰত। কিন্তু তাত কিবা এটা ত্ৰুটি বা বিসংগতি ৰৈ গৈছিল, যিয়ে মোক আমনি কৰি আছিল। চকুৱে সঠিক তথ্যই যোগান ধৰিছিল। তাত সময়ৰ কোনো বিসংগতি হোৱা নাছিল। আছিল তেওঁলোকৰ গতিৰ সমান্তৰলতাত - বা উচিত শব্দটো কি হ'ব মই নাজানো। বিসংগতিটো অনুভূমিক নহয়, উলম্ব আছিল। এখোপ ওপৰলৈ।

বস্তুটো মই পাই গ'লো। আৰু দেৰি কৰিব নোৱাৰি। পুলিচে এটা মৃতদেহ বিচাৰিছিল? মই তেওঁলোকক সেইটো দিম। 

যি নহওক, বয়নেতো এতিয়া মোৰ কথা শুনিবই লাগিব। মই অকোণো পলম নকৰি তাৰ দপ্তৰলৈ ফোন লগালো — আন্ধাৰতেই অনুমানত তাৰ নম্বৰটো ডায়েল কৰিলো।

অফিচাৰ এজনে ক’লে, “তেওঁ কেতিয়াবাতেই ঘৰলৈ গৈছে।"

বয়নক পোৱাটো মোৰ বাবে অত্যন্ত জৰুৰী৷ “ঠিক আছে, মোক তাৰ ঘৰৰ নম্বৰটো দিয়ক।”

তেওঁ এক মিনিট সময় ল'লে, আৰু উভতি আহি ক'লে, “ট্ৰেফেলগাৰ”। তাৰ পিছত ৰৈ গ'ল।

"উম?  ট্ৰেফালগাৰ কি?” সিমূৰৰ পৰা কোনো শব্দ ভাঁহি নাহিল।

"হেল্ল'?  হেল্ল'?" মই মাতিলো।

“অপাৰেটৰ, ফোন কটা গৈছে, আকৌ কানেক্ট কৰক।" অপাৰেটৰৰ পৰাও কোনো উত্তৰ নাহিল।

ফোন কাট খাই যোৱা নাছিল৷ মোৰ ফোনৰ তাঁৰডাল কাটি পেলোৱা হৈছিল।  তাকো হঠাতে, কথাৰ মাজতে— আৰু তাঁৰডাল কাটিবলৈ হ’লে ঘৰৰ ভিতৰৰ পৰা কাটিব লাগিব। যিহেতু বাহিৰত তাঁৰডাল মাটিৰ তলেৰে গৈছে।

ডিলেইড এক্সন। এইবাৰ ঘটিল একেবাৰে পলমকৈ, শেষ মুহূৰ্তত, য'ত আৰু বচাৰ কোনো উপায় নাই। এটা নীৰৱ ফোন ক'ল। এটা অন্তৰ্ভেদী দৃষ্টি। ছেমৰ ঘূৰি অহা কাণ্ড। 

আচম্বিতে মৃত্যু আহি মোৰ ঘৰত প্ৰৱেশ কৰিলে৷ এইপিনে মই লৰচৰ কৰিব নোৱাৰো। চকীখনৰ পৰা উঠিবই নোৱাৰো। বয়নক ফোনত পোৱা হ'লেও কামত নাহিলহেঁতেন, ইতিমধ্য বহুত দেৰি হৈ গৈছে। এতিয়া সেইবোৰ চিন্তা কৰিও লাভ নাই৷ মোৰ চৌপাশৰ নিদ্ৰামগ্ন খিৰিকিবোৰলৈ চাই মই চিঞৰিব পাৰো। তেওঁলোক হয়তো খিৰিকিমুখলৈ উঠি আহিব। কিন্তু সময়ত এইখিনি আহি নাপায়৷ কোনটো ঘৰৰ পৰা চিঞৰটো আহিছে, সেইটো বুজি উঠাৰ আগতেই মোৰ কণ্ঠ ৰোধ হৈ যাব চিৰকাললৈ। সেয়ে মই মুখ নেমেলিলো৷ এয়া মোৰ সাহস নহয়, চিঞৰাটো অৰ্থহীন কাৰণেহে।

অলপ পিছতেই সি ওপৰলৈ উঠি আহিব৷ সি নিশ্চয় এতিয়া চিৰি বগাই আছে। যদিও কোনো সাৰি-শব্দ নাই। সামান্য শব্দ এটা হোৱা হ'লেও অলপ সকাহ হ’লহেঁতেন। অন্ততঃ সি কিমানখিনি পাইছে বুজি পালোহেঁতেন। মোৰ এনেকুৱা অনুভৱ হ'ল যেন অন্ধকাৰ কোঠা এটাত মই বহি আছো আৰু ওচৰতে ফেটি সাঁপ এডাল কিলবিলাই আছে। নিশব্দে।

মোৰ লগত কোনো অস্ত্ৰ নাই৷ ঢুকি পোৱাতে কিতাপ আছে, অন্ধকাৰত পোট গৈ। মই কিতাপ নপঢ়ো। সেইবোৰ পূৰ্বৰ মালিকৰ। ৰুছ’ নে মণ্টেস্কিউৰ আৱক্ষ মূৰ্তি এটাও আছে। নিশ্চিতকৈ ক'ব নোৱাৰিম কাৰ! দীঘল চুলিৰ তেনেকুৱা ব্যক্তিবোৰক মই একেই দেখো। মূৰ্তিটো ডাঙৰ। পোৰা মাটিৰ। কিন্তু এইটোও মই ইয়ালৈ অহাৰ আগৰে।

কঁকালৰ ওপৰছোৱা দাঙি চকীত বহি থকাৰ পৰাই মই মূৰ্তিটোৰ পিনে হাত মেলিলো। দুবাৰকৈ মোৰ আঙুলি পিছলি আহিল। তৃতীয়বাৰত অলপ ওচৰলৈ টানি আনিলো। আৰু চতুৰ্থবাৰত সেইটোৰে সৈতে মই চকীত বহি পৰিলো। মোৰ তলত এখন কম্বল আছিল। এই গৰমত তাৰ বিশেষ কাম নাই, মাত্ৰ কুচন হিচাপে ব্যৱহাৰ কৰি আছিলো৷ তলৰ পৰা সেইখন টানি উলিয়ালো আৰু চাদৰৰ দৰে গাত মেৰিয়াই ল'লো। তাৰ পিছত যিমান পাৰি চকীখনত চাপৰি বহিলো। দেৱালৰ ফালে কাটি হৈ। মোৰ মূৰটোৰ স্থানত মূৰ্তিটো দাঙি ধৰিলো। তাৰ কাণলৈকে কম্বলখন টানি দিলো, এন্ধাৰত যাতে মই বহি থকা যেনেই লাগে।

মই দীঘল দীঘলকৈ উশাহ লৈছিলো, টোপনিত লালকাল মানুহৰ দৰে। এনেও দুশ্চিন্তা আৰু মূৰ্তিটো দঙাৰ পৰিশ্ৰমত মোৰ উশাহ নিশাহ তেনেকুৱাই হৈছিল।

দৰ্জাৰ তলা, কব্জা, হেণ্ডেল আদিত তাৰ হাতখন ভাল। দুৱাৰ খোলাৰ সামান্য শব্দও মই নুশুনিলো। তলৰ মহলাৰ কথাটো বেলেগ আছিল। এইখন দুৱাৰতো ঠিক মোৰ পিছফালেই আছে। আন্ধাৰৰ মাজতে সামান্য বতাহ এচাতিয়ে মোক চুই গ'ল। বতাহচাতি এই কাৰণেই অনুভৱ কৰিব পাৰিলো যে মোৰ মূৰটো, মানে মোৰ আচল মূৰটো ঘামত তিতি আছিল।

যদি চুৰিৰে আঘাত কৰে বা লাঠিৰে মূৰত কোবায়, তেন্তে মই আন এটা সুযোগ পাম, আৰু মই তেনেকুৱা হোৱাটোকে বিচাৰিছিলো। মোৰ হাত দুখনত জোৰ আছে। প্ৰথম আঘাতৰ পিছতে তাক মই গপা মাৰি ধৰি মোৰ ফালে টানি আনি ডিঙিটো মুচৰি পেলাব পাৰিলোহেঁতেন।কিন্তু যদি সি পিষ্টল আনিছে। তেনেহ'লে যেনেকৈ নহওক শেষত তাৰেই জয় হ'ব। মাথো অলপ সময়ৰ আগ-পিছ। তাৰ যে এটা পিষ্টল আছে সেইটো মই জানো। সেইটোৰে সি মোক মুকলিত, লেকছাইড পাৰ্কত গুলীওৱাৰ কথা ভাবিছিল। অথচ মই আশা কৰি আছিলো, অন্ততঃ ঘৰৰ ভিতৰত তাৰ নিজৰেই পলায়নৰ সুবিধাৰ্থে সি সেইটো... 

সময় উকলি গ'ল।

কোঠাটো ইমানেই আন্ধাৰ আছিল যে গুলীচালনাৰ পোহৰত গোটেইটো উজ্জ্বলি উঠা যেন লাগিল। এক ছেকেণ্ডৰ বাবে। যেন বিজুলী মাৰিছে। আৱক্ষ মূৰ্তিটো মোৰ হাততে টুকুৰা টুকুৰ হৈ গ'ল।

মই ভাবিলো যে সি খঙতে জপিওৱা-জপি কৰিবলৈ ধৰিছে। কিন্তু যেতিয়া দেখিলো যে সি মোৰ কাষেৰেই দৌৰি খিৰিকিখনেৰে পলোৱাৰ চেষ্টা কৰিছে, তেতিয়াহে মন কৰিলো শব্দটো প্ৰকৃততে তলৰ মহলাৰ পৰা আহিছে। কোনোবাই যেন তলৰ মূল দুৱাৰখনত গুৰিওৱা গুৰি কৰিছে। কিন্তু এতিয়াও মোক পাঁচবাৰমান গুলীয়াবলৈ সময় আছে তাৰ হাতত।

মই মোৰ চকীখন আৰু বেৰৰ মাজৰ সৰু ফাকটোত লুকাব পাৰি নেকি চালো। কিন্তু মোৰ ভৰি দুখন আৰু মূৰটো তেতিয়াও ওপৰতেই আছিল।

সি ঘূৰি চালে। আৰু মোৰ ফালে গুলীয়াই দিলে। মোৰ যেন মুখৰ আগতহে সূৰ্য্য উদয় হ'ল। মই শৰীৰত কোনো বিষ অনুভৱ কৰা নাই। গুলীটো হয়তো নালাগিল।

“তোক—” সি মুখৰ ভিতৰতে ভোৰ ভোৰালে। মোৰ বোধৰে এইটোৱেই তাৰ শেষ কথা। তাৰ পিছত সি কথা ক'বলৈ এৰি কামত লাগিল।

সি তললৈ জঁপিয়াই দিলে। দুমহলীয়া জাঁপ। তাৰ ভাগ্য ভাল আছিল যে সি পকি চোতালত নপৰি সোঁমাজৰ কৃত্ৰিম ঘাঁহনিখনত পৰিল। মই চকীৰ বাহুটোত কোনোমতে ভেজা দি খিৰিকিখনৰ ফালে জঁপিওৱাৰ দৰে আগবাঢ়িলো, আৰু প্ৰথম খুন্দাটো থুঁতৰিতে খালো।

সি উঠি দৌৰ লগালে। যেতিয়া জীৱন মৰণৰ কথা আহি পৰে, তেতিয়া আপোনাক কোনেও ৰখাব নোৱাৰে। প্ৰথম বেৰখন পাৰ হৈ সি লুটি বাগৰ মাৰি দ্বিতীয়খন পালে। সেইখনো মেকুৰীৰ দৰে জঁপিয়াই পাৰ হৈ গ'ল আৰু তাৰ এপাৰ্টমেন্টৰ পিছ চোতালত উঠিল। জাঁপ মাৰি লোৰ চিৰিটোত উঠি ল'লে, আৰু ওপৰলৈ দৌৰিবলৈ ধৰিলে। লেণ্ডিঙবোৰত পাকটো মাৰি আকৌ ওপৰলৈ উঠে। ছেমে আহিবৰ পৰত খিৰিকিকেইখন জপাই থৈ আহিছিল, পিছত থৰৱাল্ডে বতাহ সোমাবলৈ আকৌ খুলিছিল। সি নভবাকৈ কৰা সেই কামটোৰ ওপৰতেই এতিয়া তাৰ জীৱন নিৰ্ভৰ কৰিছে—

সি তাৰ নিজৰ খিৰিকিখনৰ ওচৰ পালে। কিন্তু আচৰিত কথা, সিচোন তাত নৰ'ল, পাক এটা মাৰি ওপৰলৈ যোৱা চিৰিটোত উঠিল। তাৰ খিৰিকিখনৰ ভিতৰৰ আন্ধাৰৰ মাজত কিবা এটা উজ্জ্বলি উঠিল, আৰু বেছ ড্ৰামৰ শব্দৰ দৰে অট্টালিকাবোৰৰ চৌপাশ ৰজনজনাই উঠিল এটা গুলীৰ শব্দত।

পঞ্চম মহলা, ষষ্ঠ মহলা পাৰ হৈ সি চাদ পালেগৈ। দ্বিতীয়বাৰৰ বাবে সি বাচিল৷ সি জীৱনটো ভাল পায়! তাৰ ঘৰত লুকাই থকা মানুহকেইজনেও তাক ধৰিব নোৱাৰিলে। সি সিহঁতৰ মূৰৰ ওপৰ পালেগৈ। আৰু সিহঁত কেবাটাও চিৰি তলত।

মই তাক চোৱাত ইমানেই ব্যস্ত আছিলো যে মোৰ ওচৰে পাজৰে কি ঘটি আছে মনেই কৰা নাছিলো। হঠাতে মোৰ ওচৰত কাৰোবাৰ উপস্থিতিৰ উমান পালো, বয়নে ভোৰভোৰাইছে: “এইটো কামেই মই আটাইতকৈ টান পাওঁ, সি বহুত তলত পৰিব।”

চাদৰ বাউণ্ডাৰী ৱালখনত ভাৰসাম্য ৰক্ষা কৰি কোনোমতে থিয় হৈছিল সি। তাৰ মূৰৰ ওপৰতে এটা তৰা। হয়তো এটা অশুভ তৰা। সি এক মিনিটমান তাৰ ওপৰতেই ৰ'ল। জীয়াই থকাৰ শেষ যুঁজখন দিব খুজিছে সি। বা হয়তো সি জানিছিল যে মৰাটো মৰিবই।

এটা বন্দুক গৰজি উঠিল। আমাৰ খিৰিকিৰ পাল্লাবোৰ জোকাৰ খাই উঠিল। কাঁচবোৰ গুৰি হৈ উৰি গ'ল। এখন কিতাপ উফৰি আহি মোৰ ওচৰতে পৰিল।

বয়নে কৰিবলৈ টান পোৱা কামটোৰ কথা আৰু নুলিয়ালো। তাৰ বাহুটো মোৰ মুখৰ ওচৰতে আছিল। বন্দুকৰ ধাক্কাত কিলাকুটিয়ে মোৰ মুখতে খুন্দা মাৰিলে। ধোঁৱাৰ মাজেৰে বাট উলিয়াই মই থৰৱাল্ডলৈ চালো।

কি যে ভয়ংকৰ! সি একমুহূৰ্তমান দেৱালখনৰ ওপৰতে থিয় হৈ ৰ'ল। তাৰ পিছত হাতৰ পিষ্টলটো এৰি দিলে। যেন নিজকে কৈছে, “মোক আৰু এইটোৰ প্ৰয়োজন নহ'ব।” তাৰ পিছত সিও পিষ্টলটোৰ দৰেই খহি পৰিল। চিৰিটোৰ কাষেৰেই চিধা তললৈ নামি আহিল। তলত টক্টা নে কিবা এখনত পৰি ওপৰলৈ এবাৰ উফৰি গ'ল। তাৰ পিছত একেবাৰে চকুৰ আঁৰ হ'ল।

মই বয়নক ক’লোঁ, “পাই গৈছো। বডিটো ক'ত ৰাখিছে গম পাইছো৷ পঞ্চম মহলাৰ ফ্লেটটোত, যিটোৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই৷ তাৰ পাকঘৰৰ পকী মজিয়াখনত। সেইখন বাকীবোৰতকৈ ওখ। নৱীকৰণ কৰোতে পাকঘৰৰ ফ্ল'ৰবোৰ ওখ কৰি আজিকালিৰ দৰে ড্ৰপড ড্ৰয়িং ৰূমৰ এফেক্ট এটা দিব বিচাৰিছিল। সেইখন খান্দিলেই পাবি—"

সি লগে লগে তললৈ নামি গ'ল। সময় ৰাহি কৰিবলৈ পিছফালৰ ৰাস্তাটোকে ল'লে। বেৰ কেইখন বগাই পাৰ হৈ গ'ল। পঞ্চম মহলাটোত বিজুলীবাটিৰ সংযোগ দিয়া নাছিল। টৰ্চেৰেই কাম চলাবলগীয়া হ'ল। বেছি সময় নালাগিল৷ আধা ঘণ্টামান নৌহওঁতেই সি খিৰিকিখনৰ ওচৰলৈ আহি মোক হাতেৰে ইংগিত দি বুজালে - মৃতদেহটো সিহঁতে পাইছে।

বয়ন ৰাতিপুৱা আঠ বজাৰ পিছতহে মোৰ ওচৰলৈ আহিল; মৃতদেহ দুটা পঠিয়াই আজৰি হোৱাৰ পিছত৷ সি ক’লে: “জেফ, মোক বেয়া নাপাবি। সেই ট্ৰাংকটোৰ পিছত লগোৱা গৰুটোৰ কাৰণে এনেকুৱা হ'ল। অৱশ্যে তাৰো দোষ বুলি ক'ব নোৱাৰি। দোষটো মোৰেই৷ মানুহজনীৰ বৰ্ণনা তাক দিয়া হোৱা নাছিল। তাক মাত্ৰ ট্ৰাংকটো খুলি চাবলৈহে কোৱা হৈছিল। সি উভতি আহি নিজৰ ফালৰ পৰাই মানুহজনীৰ বিষয়ে দুই এটা কথা কৈছিল। মই ঘৰলৈ গৈ বিছনাত পৰিছিলোৱেই, আৰু তেতিয়াহে মনত খেলালে। পৰহি মই ভাড়াতীয়া কেইগৰাকীমানক সোধ পোচ কৰোতে এজনে মোক মহিলাগৰাকীৰ বিষয়ে কিছু ডিটেইলছ দিছিল। আৰু তাৰ লগত আমাৰ মানুহজনৰ ডিটেইলছৰ কেইটামান গুৰুত্বপূৰ্ণ পাৰ্থক্য চকুত পৰিল। চালা, ইমান দেৰি লাগি গ'ল কথাটো বুজি উঠাত!”

“মোৰ লগতো কেবাবাৰো তেনেকুৱা হৈছে,” মই দুখেৰে ক'লো। “মই ইয়াক ডিলেইড এক্সন নাম দিছো। মইতো মৰিবলৈয়ে ওলাইছিলো।"

“তোৰ কথা বাৰু বেলেগ। কিন্তু মই পুলিচৰ মানুহ হৈ...”

“সেই কাৰণেই তই টাইমত আহি পালি?”

"আমি তাক নিবলৈ আহিছিলো, সোধা-পোছাৰ বাবে৷ সি তাত নথকা দেখি বাকী কেইজনক তাতে ৰ'বলৈ কৈ মই তোৰ ওচৰলৈ আহিলো। এনেয়ে ৰৈ থকা সময়খিনি বুলো তোৰ লগতে আলোচনা কৰো। তই পাকঘৰৰ মজিয়াখনৰ কথা কেনেকৈ গম পালি?”

মই তাক আগদিনাৰ ঘটনাটো ক’লো।  “পাকঘৰত ঘৰৰ মালিকজনক থ’ৰৱাল্ডৰ তুলনাত ওখ দেখা গৈছিল। কিন্তু ড্ৰয়িং ৰূমত থাকোতে তেনেকুৱা লগা নাছিল। তেওঁলোকে যে পাকঘৰৰ মজিয়া কেইখন চিমেন্ট-বালিৰে ওখ কৰি আছে, সেইটো কোনো গোপন কথা নহয়। কিন্তু তাৰ পৰা এটা নতুন কথা ওলাল। যিহেতু ষষ্ঠ মহলাৰ কাম কেতিয়াবাতে শেষ হৈছে, সেয়ে পঞ্চমটোৱেই হ’ব লাগিব। এনেকৈয়ে কথাবোৰ মিলাই ধাৰণা এটাত উপনীত হৈছিলো। বহু বছৰ ধৰি মানুহগৰাকী অসুস্থ, তাৰোপৰি তাৰো কাম-ধাম নাই, এইবোৰ কথাই তাক অতিস্থ কৰি তুলিছিল। তেনেতে হয়তো দ্বিতীয় গৰাকীকো লগ পালে।"

"তাইকো আজি লৈ অহা হ'ব। এৰেষ্ট কৰিবলৈ মানুহ গৈছে —”

“সি চাগে বীমা কৰিছিল ঘৈণীয়েকৰ নামত, আৰু তাৰ পিছত তাইক অলপ অলপকৈ বিহ দিবলৈ আৰম্ভ কৰিলে, যাতে পৰীক্ষাত ধৰা নপৰে। আৰু মোৰ অনুমান, অনুমানহে দেই — যিদিনা গোটেই ৰাতি লাইট জ্বলি আছিল, সিদিনা তাই তাক ধৰা পেলালে। হয়তো বিহ দি থাকোতে, নতুবা তাৰ প্ৰেমৰ কথা কেনেবাকৈ জানিলে। তাৰ মূৰটো গৰম হৈ গ'ল, আৰু যিটো কাম সি ইমান বছৰে কৰিব খোজা নাছিল, সেইটোকে কৰি পেলালে। হিংস্ৰভাৱে হত্যা কৰিলে তাইক — ডিঙি চেপি বা কোবাই। পিছৰ কামখিনি খৰখেদাকৈ ঠিক কৰিবগীয়া হ'ল। সি ভবাতকৈও ভাল সুযোগ এটা তালৈ ৰৈ আছিল। ওপৰৰ এপাৰ্টমেণ্টটোৰ কথা মনলৈ অহাত সি ওপৰলৈ উঠি গ’ল আৰু চালে ক'ত কি কৰিব পাৰি।  

ফ্ল'ৰখন সিদিনাই ঢলা হৈছিল, চিমেণ্ট তেতিয়াও গোট মৰা নাই। তাৰোপৰি শিল, বালি, চিমেন্ট আদি তাত আছিলেই। সি মজিয়াত তাইৰ জোখৰ গাঁত এটা খান্দিলে, আৰু তাইক তাত ভৰাই তাৰ ওপৰত নতুনকৈ চিমেণ্ট মচলাৰ লেপন এটা দিলে। হয়তো জোখতকৈ এক দুই ইঞ্চি বেছিকৈয়ে মছলা দিলে। এটা চিৰস্থায়ী গোন্ধহীন কফিন। বনুৱাবোৰে পিছদিনা বিশেষ মন নকৰিলে আৰু তাৰ ওপৰত টাইলছ লগাই দিলে।

তাৰ পাছত সি তাৰ সংগিনীজনীক গাঁওখনলৈ পঠিয়াই দিলে, ট্ৰাংকটোৰ চাবিপাতেৰে সৈতে। সেই গাঁওখনলৈ গৰমৰ দিনত তাৰ ঘৈণীয়েক মাজে মাজে গৈ থকা আছিল। কিন্তু নতুনজনীক পঠালে আন এটা ফাৰ্ম হাউছলৈ, য'ত তাৰ ঘৈণীয়েকক চিনি নাপায়। তাৰ পিছত ট্ৰাংকটো তালৈ পঠিয়াই দিলে। আৰু পুৰণি পোষ্ট কাৰ্ড এখনৰ বছৰ আৰু তাৰিখটো চিনিব নোৱাৰা কৰি নিজৰ মেইলবক্সত ভৰাই থ'লে। এক-দুই সপ্তাহ যোৱাৰ পিছত তাই হয়তো তাত মানুহক দেখুৱাই ‘আত্মহত্যা’ কৰিলেহেঁতেন৷ অসুস্থতাৰ বাবে হতাশাত ভুগি। তালৈ চিঠি এখন লিখি থৈ গ'লহেঁতেন। আৰু চাগে কোনো নৈ বা হ্ৰদৰ পাৰত তাইৰ কাপোৰ কানিবোৰ উদ্ধাৰ হ'লহেঁতেন। অলপ ৰিস্কি, হ'লেও বীমাৰ টকাখিনি সংগ্ৰহ কৰাত সফল হ’লহেঁতেন কিজানি!"

নটা মানত বয়ন আৰু তাৰ সহকৰ্মী কেইজন গ'ল। মই তেতিয়াও চকীখনতে বহি আছিলো। শুবলৈ অস্থিৰ হৈ পৰিছিলো। তেনেতে ছেমে সোমাই আহি ক’লে, “ডক্টৰ প্ৰেষ্টন আহিছে।”

স্বভাৱ সুলভভাৱেই দুহাত মোহাৰি মোহাৰি তেওঁ সোমাই আহিল। “আজি তোমাৰ ভৰিৰ প্লাষ্টাৰটোকে খুলিম বুলি আহিছো। দিনৰ দিনটো চকীখনতে বহি বহি আমনি লাগি গৈছে নিশ্চয়।”
***সমাপ্ত***

*কৰ্ণেল উলৰিছৰ এই কাহিনীটোৰ আধাৰতেই আলফ্ৰেড হিট্সককে নিৰ্মাণ কৰিছিল তেখেতৰ এখন অন্যতম সফল ছবি Rear Window.

*১৯৫৪ চনত মুক্তি লাভ কৰা এই ছবিখনে চাৰিটাকৈ শিতানত অস্কাৰৰ বাবে মনোনীত হৈছিল।


***