Mar 2, 2014

পোহৰৰ ছাঁত - দ্বিতীয় অধ্যায়

ৰাজীৱ ফুকন
Pohoror Sat Assamese Detective Novel by Rajiv Phukan
মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
দ্বিতীয়  অধ্যায়

"উহু, ন্যুড একেবাৰে কম আঁকো৷ ভীষণ ৰেয়াৰ৷ হঠাৎ ন্যুডক লৈ কথা ওলাল যে?"
 
"আপুনি যদি বেয়া নাপায় আৰু প্ৰশ্নটোৰ কাৰণে মোৰ ধৃষ্টতাক ক্ষমা কৰি দিয়ে, তেনেহ'লে কথা এটা সুধিব পাৰিম নেকি?"
 
"আৰে, ফৰ্মেলিটি বাদ দি প্ৰশ্নটো সুধিয়ে দিয়া৷ মই খোলা খুলি মানুহ৷ নাথিং টু হাইড৷ অলপ আগতেচোন মোৰ চেক্স লাইফক লৈও প্ৰশ্ন কৰিছা, বেয়া জানো পাইছো?"
 
"এইটো অলপ পাৰ্ছনেল৷"
 
"গো এহিড৷"
 
"আপুনি কেতিয়াবা আপোনাৰ পত্নীৰ ন্যুড আঁকিছেনে?"
 
"এইটো কথা? হাঁ হাঁ হাঁ.. অ', বিয়াৰ পিছত এবাৰ আঁকিছিলো৷ একেবাৰে সৰুকৈ৷"
 
"আপোনাৰ পত্নীয়ে আপত্তি কৰা নাছিল?"
 
"আৰে নাই৷ তেওঁৰ কেইটামান পোট্ৰেট আঁকিছিলো৷ তাৰ পিছত তেওঁ এদিন নিজেই ক'লে, তেওঁ মোৰ ন্যুড মোডেল হ'ব খোজে৷ কথাটো কি জানা? তেতিয়া ইলা নামৰ ছৱালী এজনী মোৰ মডেল আছিল৷ ছি ৱাজ কোৱাইট এট্ৰাক্টিভ৷ বোধহয় মোৰ পত্নী তাইক লৈ অলপ জেলাছ আছিল৷ সেয়ে তাইক আঁতৰাই নিজে মডেল হ'ব খুজিছিল৷"
 
"তাৰ ৰিজাল্ট কেনেকুৱা আছিল?"
 
"খুব বেয়া৷ যেতিয়া মোৰ পত্নীক মডেল কৰি ন্যুড ছবিখন আঁকিলো তেতিয়া তেওঁ আঁকোৰগোজ হৈ লাগিলে সেইখন বেছিব নোৱাৰিম৷ এক্সিবিছনতো দিব নোৱাৰিম৷ দি চেন্টিমেন্ট ৱাজ কোৱাইট ল'জিকেল৷"
 
"ছবিখনৰ পিছত কি হ'?"
 
"মুখখন সলাব লগা হ'ল৷"
 
"এনেকুৱা ঘটনা আৰু পিছত কেতিয়াও ঘটা নাই?"
 
"নাই৷ ইনফেক্ট বিয়াৰ এবছৰ পিছৰ পৰা মই পত্নীৰ কোন ছবিয়েই অঁকা নাই৷ ন্যুডৰ কথাতো বাদেই৷ কিন্তু কিয় এইবোৰ কথা সুধিছা? জানিব পাৰো নে শৱৰ?"
 
"আপোনাৰ দুজনী ছোৱালী আৰু এটা ল'ৰা৷ ছোৱালী দুজনীৰ এজনী এতিয়া গাভৰু আৰু আনজনী কিশোৰী৷ নহয় জানো?"
 
"অঁ!"
 
"কোনো দেউতাকৰ পক্ষে তেওঁৰ নিজৰ গাভৰু বা কিশোৰী জীয়েকৰ ন্যুড ছবি অঁকাটো আপুনি সম্ভৱ বুলি ভাবেনে?"
 
"এই কথাটো কিয় সুধিছা নাজানো৷ হ'লেও বহুত আৰ্টিষ্টৰ সেইবোৰ সংস্কাৰ নাথাকে৷ কিন্তু মোৰ কথা যদি সুধিছা তেনেহ'লে কওঁ মোৰ সেইবিলাক ৰুচি কেতিয়াও হোৱাও নাই আৰু নহ'বও৷"
 
"আপোনাৰ মুখৰ পৰা এই কথাষাৰ শুনিবলৈকে আহিছিলো৷ আপোনাক লৈ কলিকতাত এটা লেতেৰা কোন্ট্ৰভাৰ্চি চলিছে৷"
 
"কি হৈছে খুলি কোৱাচোন৷"
 
"ৰামপ্ৰাসদ সিংঘানিয়া নামৰ এজন ডাঙৰ আৰ্ট কালেক্টৰ আছে, চিনি পায় জানো?"
 
"নাপাওঁ৷ আজি কালি আৰ্ট কালেক্টৰৰ অভাৱ জানো?"
 
"ৰামপ্ৰসাদ সিংঘানিয়াই তেওঁৰ কালেক্সন অৱ আৰ্টছৰ এটা এক্সিবিছন পাতিছে৷"
 
"ওঃ৷ হয় নেকি?"
 
"সিংঘানিয়াৰ এই এক্সিবিছনত প্ৰায় আশীখন ছবি ডিছপ্লে কৰা হৈছে৷ তাৰ ভিতৰত ত্ৰিশখনেই আপোনাৰ৷"
 
"কি কোৱা? এজনৰ লগতেই মোৰ ইমান কেইখন ছবি?"
 
"মানুহজন কেৱল কালেক্টৰে নহয়, ছবিৰ ব্যৱসায়ো আছে তেওঁৰ৷"
 
"'৷ ছবিতো এতিয়া ব্যাসায়ৰে সামগ্ৰী৷"
 
"আপোনাৰ এই ত্ৰিশখন ছবিৰ মাজত দহখন ছবিৰ এটা চিৰিজ আছে৷ চিৰিজটোৰ নাম মেনি ফেছেছ অৱ ইভ৷"
 
"যিমান দূৰ মনত পৰে তেনেকুৱা কোনো চিৰিজতো মই অঁকা নাই!"
 
"ভালকৈ ভাবি চাওঁক৷"
 
"ফটোৰ ৰেকৰ্ড নাৰাখিলেও মোৰ মেম'ৰী বহুখিনি ভাল৷ আৰু ছবিৰ টাইটেলৰ এখন লিষ্ট মোৰ ডায়েৰীত লিখা থাকে৷ ফৰ ৰেফাৰেন্স৷ কাৰণ, গমেই পাইছা, ছবি এখন হাইলি কমাৰ্ছিয়েল কমোডিটি৷"
 
"জানো৷ তেনেহ'লে মেনি ফেছেছ অৱ ইভ বুলি কোনো চিৰিজ অঁকা নাই আপুনি?"
 
"নাই৷ চিৰিজটোত ন্যুড ছবি আছে নেকি?"
 
"হয়৷ অকল ন্যুডেই নহয়৷ ছবি কেইখন আপোনাৰ পত্নী আৰু ছোৱালীক লৈ অঁকা৷"
 
"মাই গড! এইটোতো সাংঘাতিক কথা৷"
 
"কিমান সাংঘাতিক সেইটো আপুনি ইয়াতে বহি অনুমান কৰিব নোৱাৰিব৷"
 
"হয় নেকি? ছবি কেইখন
 অত্যন্ত অশ্লীল নেকি?"
 
"অত্যন্ত জঘন্য৷"
 
"সিংঘানিয়াক তোমালোকে এৰেষ্ট কৰা নাই কিয়?"
 
"সেইটো পিছত হ', আপুনি ছবি কেইখন আইডেন্টিফাই কৰাৰ পিছত৷ কিন্তু দি ডেমেজ ইজ অলৰেডি ডান৷"
 
"মানুহজনতো ক্ৰিমিনেল যেন লাগিছে৷"
 
"সেইটোতো হয়েই চাগে৷ কিন্তু তাৰ ফলত আপোনাৰ পত্নী আৰু ছোৱালী দুজনীৰ সামাজিক মৰ্যদা ভীষণ ভাৱে বিনষ্ট হৈছে৷  আপোনাৰ পত্নী এগৰাকী কো-এডুকেছন কলেজৰ অধ্যাপিকা৷ তেওঁ কলেজলৈ যাব পৰা নাই৷ আপোনাৰ ডাঙৰজনী ছোৱালী কলেজত পঢ়ে, সৰুজনী স্কুলত৷  সিহঁত স্কুল কলেজ দূৰৈৰ কথা, বাটলৈকে ওলাব পৰা নাই৷"
 
"ছবি কেইখনে ইমান পাব্লিচিটি পালে কেনেকৈ?"
 
"সিংঘানিয়াই ছবি কেইখন ডিছপ্লে কৰাৰ পিছৰে পৰা কাকতে পত্ৰই ছবি কেইখনক লৈ আলোচোনা চলে৷
কেবাখনো কাগজত চিৰিজটোৰ ফটো ওলাইছে৷ ক্ৰিটিকছৰ বহুতেই আপোনাৰ পত্নী আৰু ছোৱালী কেইজনীক চিনি পায়৷ সিহঁতেই প্ৰথম পইন্ট আউত কৰে যে সৰ্বজিতৰ ইভ আচলতে তেওঁৰেই পত্নী আৰু ছোৱালী দুজনী৷"
 
"নাউ আই এম ভেৰি এংৰি শৱৰ৷ সিংঘানিয়াক এটা শিক্ষা দিয়া উচিত৷"
 
"উত্তেজিত নহ'ব৷ আগতে শুনক৷ আপোনাৰ পত্নীয়ে প্ৰথমতে ছবি কেইখন কিনি ল'ব খুজিছিল৷ সিংঘানিয়াই বিক্ৰী নকৰিলে৷ কাৰণ এই এক্সিবিছনৰ ছবিখিনি বিক্ৰীৰ বাবে নাছিল৷ সিংঘানিয়া ক্ৰিমিনেল হয় নে নহয় সেইটো পিছত দেখা যাব৷ কিন্তু পৰিস্থিতি বৰ জটিল৷ ক্ৰিটিক্সে আপোনাৰ বিষয়ে কাকতত বিষোদগাৰ কৰিছে, আপোনাৰ ৰুচি, বিকৃত যৌনতা, প্ৰতিহিংসা প্ৰৱণতা আৰু অপ্ৰকৃতিস্থতাৰ কথা তেওঁলোকে তীক্ষ্ণ ভাষাত লিখিছে৷"
 
"মইতো সেইবিলাক নাজানো৷ জনা হ'লে এক্সিবিছনটো ইনজাংছন দি বন্ধ কৰি দিলোহেঁতেন৷"
 
"সেইটো কৰা হৈছে৷ আপোনাৰ পত্নীয়ে লিগেল এক্সন লৈছে৷ কিন্তু তেতিয়ালৈকে যি হ'ব লগীয়া আছিল হৈ গৈছে৷ আপোনাৰ পত্নীয়ে ভাবে নিজৰ পৰিয়ালৰ ওপৰত প্ৰতিহিংসাপৰায়ণ হয়েই আপুনি এই কাম কৰিছে৷ আপোনাৰ ছোৱালীকেইজনীয়ে এই ঘটনাটোৰ পিছত ভীষণ কন্দা-কটা কৰিছে৷ আপোনাৰ পত্নীয়ে আপোনাৰ বিপক্ষে মানহানিৰ গোচৰ দিছে৷ একেলগে হয়তো ডিভোৰ্ছৰ গোছৰো৷"
 
"ছবি কেইখন যে মই অঁকা নাই, সেইটো সিহঁতে বুজা উচিত আছিল৷ মোৰ অঁকাৰ কিছুমান কেৰেক্টাৰষ্টিক আছে৷"
 
"আমি সেই এংগলটোও চাইছো৷"
 
"কি পালে?"
 
"কলকাতত কোনো ছবি বিশেষজ্ঞ- মানে পেচাদাৰী বিশেষজ্ঞ নাই৷ আমি সেয়ে ক্ৰিটিক্স আৰু আন আন আৰ্টিষ্টৰ মতামত লৈছো৷ আটায়ে কৈছে, ছবি কেইখন সৰ্বজিৎ সৰকাৰেই অঁকা৷ মানে আপুনি যি কেৰাক্টাৰিষ্টিকৰ কথা কৈছিল, সেইবোৰ আটাইকেইখনতে আছে৷ নৱ দাসে এখন বিখ্যাত ইংৰাজী কাকতত লিখিছে, সৰ্বজিৎ সৰকাৰ কেতিয়াবাৰে পৰাই যৌন বিকাৰৰ চিকাৰ আছিল৷ তেওঁ তেওঁৰ ঘৈনীয়েক আৰু জীয়েক দুজনীক বজাৰলৈ নমাই দি বিকৃত তৃপ্তি পাইছে, এইটো তেওঁৰ দৰে নিম্নৰুচিৰ মানুহৰ বাবে নিতান্তই স্বাভাৱিক কথা৷"
 
"হুম! কথাটো তেনেহ'লে জটিল হৈ পৰিছে৷"
 
"উম, বহুত জটিল৷ নহ'লে মই ইমান দূৰ আহিবলগীয়া নহ'লহেঁতেন৷"
 
"এইটো তোমাৰ অফিচিয়েল ভিজিত নে ব্যক্তিগত?"
 
"ব্যক্তিগত৷ এইটো ঠিক পুলিচ কেছ নহয়৷ মোৰ এটা সন্দেহ আছিল, ছবি কেইখন নকল৷"
 
"কিয় সন্দেহ হ'?"
 
"আপোনাক মই আগৰে পৰা জানো কাৰণে৷"
 
"তুমি বিশ্বাস কৰা নে যে এই কামটো মোৰ পক্ষে সম্ভৱ নহয়?"
 
"মানুহৰ পক্ষে সকলো সম্ভৱ৷ হ'লেও মই আপোনাৰ কথা বিশ্বাস কৰিছো৷ এতিয়া কওঁকচোন এই কামটো কোনে কৰিব পাৰে আৰু কিয়?"
 
"কেনেকৈ কওঁ কোৱাচোন৷ মোৰ কোন শত্ৰু থাকিব পৰে? মই খঙাল মানুহ আছিলো হয়, কিন্তু কাৰোবাৰ কিবা অনিষ্ট কৰা বুলিতো মনত নপৰে৷"
 
"আৰু এটা কথা৷"
 
"কি কথা?"
 
"চাৰিখন ছবিত ইভৰ লগত আদমকো দেখা গৈছে৷ কোন জানেনে?"
 
"কোন?"
 
"এজন আপোনাৰ বন্ধু সুধাময় ঘোষ৷"
 
"কি?"
 
"দুখন ছবিত সুধাময় ঘোষ আৰু আপোনাৰ পত্নীক ঘনিষ্ঠ ভাবে অঁকা হৈছে৷"
 
"আৰু?"
 
"আপোনাৰ ছোৱালী দুজনীৰ লগত আৰু দুটা আদমক আমি পাইছো৷ এজন আপোনাৰ ডাঙৰ ছোৱালীজনীৰ বন্ধু বান্টু সিং৷ আনজন সৰু ছোৱালীজনীৰ বন্ধু ডেভিড৷"
 
"সিহঁতকতো মই চিনিয়েই নাপাওঁ৷"
 
"আপুনি নিচিনিলেও যিয়ে আঁকিছে সি চিনি পায়৷"
 
"তুমি এইটো এটা সৰযন্ত্ৰ বুলি ভাবা নে শৱৰ?"
 
"সেইটোতো হয়েই৷"
 
"সিংঘানিয়াক তোমালোকে ক্ৰছ কৰা নাই?"
 
"কৰিছো৷ তেওঁ স্পষ্ট কৰিছে যে আপোনাৰ এজেন্টৰ জড়িয়তেই তেওঁ ছবি কিনিছিল৷ আপোনাক ব্যক্তিগত ভাৱে তেওঁ নাজানে৷"
 
"মোৰ এজেন্টে কি ক'লে?"
 
"আপোনাৰ এজেন্ট ৰতন শেঠ হাৰ্টৰ ট্ৰিটমেন্ট কৰিবলৈ আমেৰিকালৈ গৈছে৷ তেওঁৰ ল'ৰা কেইটাই কৈছে ছবি কেইখন অৰিজিনেল৷"
 
"কি!"
 
"ইয়াৰ পৰাই পেক কৰি বোলে সিহঁতে ছমাহ আগতে ছবি কেইখন লৈ গৈছিল৷"
 
"কি হৈছে মই একো ধৰিব পৰা নাই৷"
 
"সমস্যাটো হ', কেৱল এই ইভ চিৰিজৰ ছবি কেইখনৰ বাবেই আপোনাৰ পাওনা দহ লাখ টকা সিহঁতে আপোনাৰ বেঙ্ক একাউন্টত ভৰাই দিছে৷"
 
"টকা দিয়াতো ডাঙৰ কথা নহয়, প্ৰমাণো নহয়৷ সিহঁতে এনেও মোৰ পৰা ছবি লৈ যায় আৰু পিছত সময়ে সময়ে টকা ভৰাই দি থাকে৷"
 
"সেইটো হয়৷ আপুনি কি কয় সিহঁতে মিছা কৈছে নেকি?"
 
"' শৱৰ৷ এইটো এটা চক্ৰান্ত৷"
 
"সেইটোতো বুজিলো৷ কিন্তু আপুনি সোণৰ কণী পৰা হাঁহ৷ অন্ততঃ সিহঁতৰ বাবে৷ আপোনাক ফঁচাই সিহঁতৰ লাভ কি হ'?"
 
"সিহঁতে আন কাৰোবাৰ পৰা টকা খাই এইটো কৰিছে৷"
 
"নাই, মই তেনেকৈ নাভাবো৷"
 
"তুমি কি ভাবা?"
 
"আপোনাৰ ছবি ট্ৰেন্সপোৰ্ট কৰাৰ সময়ত বা এজেন্টৰ গুডাউনত বা আন কৰ'বাত চুইছ কৰা হৈছে৷"
 
"মাই গড!"
 
"কাৰণ আপোনাৰ এজেন্ট বা সিংঘানিয়া কোনো এজনে বৰ এটা মিছা কোৱা যেন লগা নাই৷ আপুনি চক্ৰান্ত বুলি সন্দেহ কৰিছে৷ ময়ো তাকে কৰিছো৷ আপুনি কেতিয়ালৈকে কলকাতালৈ যাব পাৰিব?"
 
"যাবতো ইমিডিয়েটলি লাগিছিল শৱৰ৷"
 
"মেক ইট টুডে অৰ টুমোৰো৷"
 
"গৈ কি কৰিব লাগিব কোৱাচোন৷"
 
"এটা প্ৰেছ কনফাৰেন্স পাতক৷ ছবি কেইখন যে আপোনাৰ নহয় সেইটো ষ্ট্ৰংলি কওঁক৷"
 
"ছবি কেইখন মই চাব লাগিছিল৷"
 
"সেইটো এৰেঞ্জ কৰি দিম৷ মই আপোনাৰ কাৰণে ছবি কেইখন ফটো তুলি প্ৰিন্ট কৰি আনিছো৷ চাওঁক৷"
 
সৰ্বজিতে চালে৷ বাৰ বাই আঠ ইঞ্চিৰ পৰিষ্কাৰ ৰঙীণ প্ৰিণ্ট৷ কোনো সন্দেহ নাই যে ছবি কেইখন যিয়ে আঁকিছে তেওঁ সৰ্বজিতৰ অঁকাৰ শৈলী জানে৷ অতিশয় নিপুন এই চতুৰালি তেওঁৰ নিজৰ বাদে আন কাৰো পক্ষে ধৰা সম্ভৱ নহয়৷ দুয়োখন ছবিতে অত্যন্ত ঘনিষ্ঠভাৱে সুধাময় আৰু তেওঁৰ পত্নী ইৰা আলিঙ্গনবদ্ধ হৈ আছে৷
 
নিজৰ দুই কন্যা নিনা আৰু টিনাৰ ছবিকেইখনলৈ চাই লাজ আৰু ঘৃণাত গা বেজ বেজাই গৈছিল সৰ্বজিতৰ৷ এবাৰ দুবাৰ চকু ফুৰাইয়েই ছবি কেইখন তেওঁ শৱৰ দাশগুপ্তাক ওভোতাই দিলে৷
 
"ছবি কেইখন দেখি কি ভাব হৈছে?"
 
"কি আৰু হ'ব৷ নকল৷"
 
"কলিকতাৰ কিছুমান কাকতে কিন্তু ব্যক্তিগত এংগলটো এৰি ছবি কেইখনৰ প্ৰশংসাও কৰিছে৷"
 
"হয় নেকি?"
 
"বেয়া নাপাব, আপোনাৰ পত্নীৰ এতিয়া বয়স কিমান?"
 
"হিচাপ মতে আঠত্ৰিশ৷"
 
"ছি লুকছ ইয়ং৷"
 
"উম৷ ছি হেজ গুড লুকছ৷"
 
"সুধাময় ঘোষৰ সৈতে আপোনালোকৰ পাৰিবাৰিক সম্পৰ্ক কেনেকুৱা?"
 
সৰ্বজি অকণমান আচৰিত হ'ল৷ ভাবি ক'লে, "ইৰাৰ সৈতে প্ৰেম আছে নেকি জানিব খুজিছা?"
 
"হয়৷"
 
"আই কেন্ট হেল্প ইউ৷ কাৰণ মই নাজানো৷ বিয়াৰ চাৰি পাঁচ বছৰৰ ভিতৰতেই ইৰাৰ সৈতে মোৰ সম্পৰ্ক ইমান বেয়া হৈ যায় যে মই তেওঁক লক্ষ কৰিবলৈকে এৰি দিলো৷ বেছিভাগ সময়তো বণ্ডেল ৰ'দৰ ষ্টুদিঅ'তে পৰি থাকো৷ প্ৰেম হ'লেও মোৰ একো কৰিব লগীয়া নাছিল৷"
 
"ছবি কেইখনত আপোনাৰ পত্নীৰ কন্টেম্পৰাৰী চেহেৰা আছে নে কম বয়সৰ?"
 
"কন্টেম্পৰাৰী, ছবি কেইখনকেইখন
 ৰিয়েলিষ্টিক ধৰণে অঁকা৷ মুখ আৰু অৱয়ব খুব প্ৰমিনেন্ট৷ ইৰাৰ বাওঁফালে বুকুত এটা জৰুণ আছে৷ সেইটোও আঁকিছে৷ ইট মিনছ দি বাষ্টাৰ্ড ন'জ হাৰ ৱেল৷"
 
"সুধাময় ঘোষৰ বিষয়ে কওঁকচোন৷"
 
"কি ক'? সুধাময় ইজ এ নাইছ ফেল'৷ বিগ শ্বট ইন দি ইলেক্ট্ৰনিক বিজনেছ৷ কোটিপতি৷"
 
"আপোনাৰ পত্নীৰ প্ৰতি তেওঁৰ অকণো ক্ৰাছ নাছিল?"
 

***

এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।