Mar 3, 2016

SHUTTER LIFE: DSLR কেমেৰাৰ আয়ুস

ৰাজীৱ ফুকন


Shutter Life : DSLR কেমেৰাৰ আয়ুস by Rajiv Phukan
Shutter Life : DSLR কেমেৰাৰ আয়ুস
বহুতে নাজানে যে  DSLR কেমেৰাৰ এটা নিৰ্দিষ্ট আয়ুস সীমা থাকে আৰু ই ইমান চুটি যে লেখাটো পঢ়াৰ পিছত আপোনাৰো বুকু
কঁপি উঠিব ৷ বেলেগ বেলেগ কেমেৰাৰ এই আয়ুস বেলেগ বেলেগ ৷মেনুফেক্সাৰাৰ্ছ সকলে দাবি কৰা মতে, কম দামৰ এন্ট্ৰি লেভেল কেমেৰাবোৰৰ আয়ুস প্ৰায় ৫০ হাজাৰ চাটাৰ এক্সুৱেচন (shutter actuations), আৰু প্ৰফেচনেল কেমেৰা বোৰৰ,ডেৰ লাখৰ পৰা তিনি লাখৰ ভিতৰত ৷  actuationsবা shutter count  মানে কেমেৰাটোৰে তুলা ফটোৰ পৰিমাণ ৷ পঞ্চাছ হাজাৰ এক্সুৱেচনৰ কেমেৰা এটাই মাত্ৰ পঞ্চাছ হাজাৰখন ফোটোহে তুলিব পাৰিব ৷ দৈনিক ১৩৭ খন ফটো তুলিলে ৫০,০০০ এক্সুৱেচনৰ কেমেৰাটোৰ আয়ুস হ'ব মাত্ৰ এবছৰ কাল ৷

DSLR কেমেৰাৰ চাটাৰ
সেয়ে DSLR টোৰ সন্মুখত ফেচবুকৰ বাবে পোজ দিয়াৰ আগতে এতিয়াৰে পৰা সাৱধান ৷ এই চাটাৰ লাইফ অৱশ্যে মোবাইল ফোনৰ কেমেৰা বা আন ডিজিটেল কেমেৰাৰ ক্ষেত্ৰত সীমিত নহয় ৷ কাৰণ মোবাইল বা বেছিভাগ ডিজিটেল কেমেৰাৰ ভিতৰত ফিজিকেল চাটাৰৰ পৰিবৰ্তে ইলেক্ট্ৰনিক চাটাৰহে থাকে ৷ চাটাৰ হ'ল কেমেৰাটোৰ চেন্সৰত পোহৰ সোমাব পৰা  এখন দুৱাৰ ৷ ফটো এখন তুলাৰ লগে-লগে এই দুৱাৰখন তীব্ৰ বেগে দাং খাই যায়, আৰু মুহূৰ্ত্ততে বন্ধ হৈ যায় চাটাৰ এখন কিমান বেগত পৰিব, সেয়া ছুটিং স্থানৰ পোহৰৰ পৰিমাণ অনুযায়ী, ফটো তুলিবৰ পৰত নিৰ্ধাৰণ কৰা হয় ৷ যেনে ১/৫০, /৬০০, /২০০০ আদি ৷ ১/৩০০ মানে এক চেকেণ্ডৰ ৩০০ ভাগৰ এভাগ ৷ কল্পনা কৰক এনেকুৱা তীব্ৰ বেগী পঞ্চাছ হাজাৰ আঘাতৰ ফলত চাটাৰ খনৰ কেনেকুৱা অৱস্থা হ'ব পাৰে ৷ এই আঘাতৰ ফলতে চাটাৰ খন এটা সময়ত দুৰ্বল হৈ যায়  আৰু কেমেৰাটোৱে ফটো তুলিবলে অক্ষম হৈ পৰে ৷

আপোনাৰ কেমেৰাটোৰ কিমান সংক্ষক চাটাৰ এক্সুৱেচন এতিয়ালৈ ব্যয় হ'ল, সেয়া কেমেৰাটোৰে তুলা  প্ৰতিখন ফোটোৰ EXIF ডাটাত সংৰক্ষণ হৈ থাকে ৷ গতিকে কেমেৰাটোৰে তুলা শেহতীয়া ফটো এখন পৰীক্ষা কৰিলেই এই তথ্য জানিব পৰা যায় ৷ EXIF ডাটা অধ্যয়ন কৰিবলৈ EXIF TOOL  বা EXIF READERঅৰ প্ৰয়োজন ৷ ইন্টাৰনেটত  সন্ধান কৰিলেই আপোনাৰ মডেলটো চাপোৰ্ট কৰা EXIF TOOL বিচাৰি পাব ৷ ইয়াতে মই অনলাইন EXIF TOOLৰ লিং এটা আগবঢ়ালো, য'ত আপোনাৰ ফটোখন আপল'ড কৰি এই তথ্য আহৰণ কৰিব পাৰিব ৷ এই ৱেবচাইটটোৱে প্ৰায়ভাগ কেমেৰাৰ মডেলেই চাপৰ্ট কৰে





তলত মই কেইটামান জনপ্ৰিয় কেমেৰাৰ চাটাৰ আয়ুস উল্লেখ কৰিলোঁ ৷


কেমেৰাৰ মডেল
চাটাৰ আয়ুস
Nikon D3 – series
300,000 cycles
Nikon D4
400,000 cycles
Nikon D800
200,000 cycles
Nikon D700
150,000 cycles
Nikon D600
150,000 cycles
Nikon D300(s)
150,000 cycles
Nikon D7000
150,000 cycles
Nikon D90
over 100,000 cycles
Nikon D5100, D5000, D3000, D3100
over 100,000 cycles

Canon EOS Rebel T3i / 600D

100,000 cycles
Canon EOS Rebel T2i / 550D
100,000 cycles
Canon EOS Rebel T1i / 500D
100,000 cycles
Canon EOS Rebel XSi / 450D
100,000 cycles
Canon EOS Rebel XS / 1000D
100,000 cycles
Canon EOS Rebel XTi / 400D
50,000 cycles
Canon EOS Rebel XT / 350D
50,000 cycles
Canon EOS 70D, 60D, 50D, 40D
100,000 cycles
Canon EOS 20D
50,000 cycles
Canon EOS 7D Mark II
200,000 cycles
Canon EOS 7D
150,000 cycles
Canon EOS 6D
100,000 cycles
Canon EOS 5D Mark III
150,000 cycles
Canon EOS 5D Mark II
150,000 cycles
Canon EOS 5D
100,000 cycles
Canon EOS 1D X
400,000 cycles
Canon EOS 1D Mark IV
300,000 cycles
Canon EOS 1D Mark III
300,000 cycles
Canon EOS 1D Mark II N
200,000 cycles
Canon EOS 1DS Mark III
300,000 cycles
Canon EOS 1DS Mark II
200,000 cycles




আমাৰ অন্যান্য পোষ্ট সমূহ 

চিনেমা:


বিজ্ঞান:

CRISPR/Cas9(খণ্ড-৩)- জিন ড্ৰাইভ কি?


CRISPR/Cas9(খণ্ড-১)- জিন এডিটিং কি আৰু ক্ৰিস্পাৰে কেনেদৰে কাম কৰে

আগমেন্টেদ ৰিয়েলিটি কি জানোঁ আহক

Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক

মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????

3D প্ৰিণ্টাৰ কি?

ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ

৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ

Pokémon GO আৰু এপাল জোম্বি


শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷


সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate 


মোবাইলত অসমীয়া লিখিবলৈ মাল্টিলিংগ কী-ব’ৰ্ড


বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ কাৰণে কেইটামান এপছ আৰু টিপছ


IoT- ইন্টাৰেনট অফ থিংছ












  1. অতিশয় সুন্দৰ কথা জনালে । ধন্যবাদ

    ReplyDelete
    Replies
    1. আপোনালৈও ধন্যবাদ থাকিল.....:)

      Delete