(এক)
“হ’ব পাৰে, প্ৰতিটো ঘটনাতে হত্যাকাৰী বেলেগ বেলেগ। ক’ৰবাত ঘৈনীয়েকে গিৰীয়েকেক হত্যা কৰিছে। ক’ৰবাত কৰ্মচাৰীয়ে মালিকক হত্যা কৰিছে। আনকি ক’ৰবাত অচিনাকি ব্যক্তিয়েও অচিনাকি ব্যক্তিক হত্যা কৰিছে৷ কিন্তু প্ৰতিটো হত্যাকাণ্ডতে হত্যাকাৰীৰ মোডাছ অ’পাৰেণ্ডিটো একেটাই। আটাইকেইটা ঘটনাতে ছুৰী ব্যৱহাৰ কৰা হৈছে। একেধৰণেৰে মৃতদেহৰ পিঠিৰ একেখিনি স্থানতেই চিৰিয়েলি নম্বৰ অংকন কৰা হৈছে। গতিকে এই কেছবোৰ চিৰিয়েল কিলিঙত নপৰি কিহত পৰিব?” কথাখিনি কৈ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক মৃণাল কলিতাই পানী এঢোক খাই ল’লে।
টেলিভিছনৰ আলোচনাচক্ৰটো আগবঢ়াই নিয়া সাংবাদিকজনে সুধিলে, “কপিকেট কিলিং বুলি ক’ব পাৰিনে?”
“ঠিক কপিকেট বুলিনো কেনেকৈ কয়? কাৰণ হত্যা কৰাৰ বহু পিছলৈকে হত্যাকাৰীয়ে গমেই নাপায় যে তেওঁলোকে কি কৰিলে৷ হত্যাৰ কোনো ক্লিয়াৰ ম’টিভ নাই তেওঁলোকৰ ওচৰত। যদি তেওঁলোকে কনছিয়াছ্লি কাৰোবাক কপি কৰিলেহেঁতেন, তেতিয়াহে আমি কপিকেট কিলিং বুলি ক’ব পাৰিলোহেঁতেন।”
“এনেকুৱা হ’ব পাৰে নেকি যে হত্যাবোৰ প্ৰকৃততে অইন কোনোবাই কৰিছে,” ষ্টুডিঅ’ত বহি থকা আন এজন ব্যক্তিয়ে ক’লে। “আৰু এই মানুহকেইজনক কিবা প্ৰকাৰে ফচাই দিয়া হৈছে৷ ধৰক, কিবা ড্ৰাগছজাতীয় বস্তু খোৱাই তেওঁলোকৰ হাতত অস্ত্ৰ তুলি দিয়া হৈছে।”
“নাই, তেনেকুৱা নহয়,” মৃণাল কলিতাই ক’লে। “ৰেস্তোৰাঁৰ কিচ্ছেনৰ কেছটোত এজন সাক্ষীৰ সন্মুখতেই গোটেই ঘটনাটো সংঘটিত কৰিছে। তদুপৰি আজিৰ প্লেটফৰ্মৰ কেছটোৰ চিচিটিভি ফুটেজ আমি চবেই দেখিছোঁ ইন্টাৰনেটত। ৱাচৰূমৰ ভিতৰলৈ দুজন মানুহ সোমাই গৈছে আৰু এজন ওলাই আহিছে হাতত ছুৰী লৈ।”
“হয়,” সাংবাদিকজনে ক’লে। “এতিয়া এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যে কোনেও কাকো বিশ্বাস কৰিব নোৱাৰে। পত্নীকেই বিশ্বাস কৰিব নে পুত্ৰক বিশ্বাস কৰিব, নে ভাই ভনীক?”
“হয়।”
“এই ক্ষেত্ৰত আমি আজি বিভিন্নজনৰ মতামত ল’বলৈ চেষ্টা কৰিছিলোঁ,” সাংবাদিকজনে পুনৰ ক’লে। “চ’চিয়েল মিডিয়াৰ যোগেদিও চাৰ্ভে কৰা হৈছিল। তাত সকলোৱেই একেমুখে স্বীকাৰ কৰিছে যে তেওঁলোকে শান্তিত শুব পৰা নাই। খাব পৰা নাই। পিছফালে কোনোবা এজন থিয় হ’লেই ভয়ত জিকাৰ খাই উঠে৷ ৰূমৰ পৰা ওলাবলৈকে সাহস কৰা নাই বহুত মানুহে৷ দুৱাৰৰ তলেৰে, খিৰিকিৰে খাদ্যবস্তু ভৰাই দিবলগীয়া হৈছে তেওঁলোকক৷ আৰু এই ঘটনাবোৰক লৈ বিভিন্নধৰণৰ কন্সপাইৰেছী থিয়’ৰিও মানুহৰ মাজত বিয়পি পৰিছে, যেনে অলপ আগতে মোৰ চকুত পৰিছিল, কোনোবা এজনে লিখিছে এলিয়েনে মানুহৰ ব্ৰেইন হেক কৰি এই হত্যাকাণ্ডবোৰ সংঘটিত কৰাইছে, কিছুমানে ব্লু হোৱেল টাইপ ভিডিঅ’গেমৰ প্ৰভাৱ বুলি ক’ব খুজিছে, কিছুমানে আকৌ কিবা ভাইৰাছৰ কাৰণেও এনেকুৱা হ’ব পাৰে বুলি সন্দেহ কৰিছে, যাৰ প্ৰভাৱত মানুহ কিছুসময়ৰ কাৰণে জম্বিৰ নিচিনা হৈ পৰিব পাৰে বুলি তেওঁলোকৰ ধাৰণা৷”
একেৰাহে কথাকেইটা কৈ সাংবাদিকজন ৰৈ গ’ল। কাণত লাগি থকা এয়াৰ ফোনডালত টেপা মাৰি ধৰি তেওঁ সিমূৰে কিবা শুনিবলৈ চেষ্টা কৰিলে।
টেলিভিছনৰ আলোচনাচক্ৰটোত অংশগ্ৰহণ কৰা এজন অধিবক্তা, যি ইমান পৰে মনে মনে আছিল, তেওঁ কিবা এটা ক’বলৈ মুখ মেলিছিল। সাংবাদিকজনে হাতেৰে বাধা দি কৈ উঠিল, “বিগ ব্ৰেকিং নিউজ...”
অধিবক্তাজনৰ আৰু কথা কোৱা নহ’ল। নিউজ এংকৰজনে একে উশাহে কৈ যাবলৈ ধৰিলে, “এইমাত্ৰ আমাৰ হাতলৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। আজি দুপৰীয়া ৰে’লৱেৰ প্লেটফৰ্মত উদ্ধাৰ কৰা পঞ্চমটো মৃতদেহৰ পিঠিত অংকন কৰা সংখ্যাটো পাঁচ নহয়, তেওঁৰ পিঠিত পাঁচৰ সলনি অংকিত কৰা আছিল ছয়। হয়, ঠিকেই বুজিছে। সেইটো আছিল ছয় নম্বৰ হত্যাকাণ্ড। ইয়াৰ মানে মাজতে আৰু এটা হত্যা হৈ গৈছে। যিটো ঘটনা এতিয়ালৈকে ৰিপোৰ্ট কৰা হোৱা নাই৷ সাধাৰণতে বাকীকেইটা মাৰ্ডাৰত হত্যাকাৰীয়ে নিজে ছাৰেণ্ডাৰ কৰা দেখা গৈছিল। কিন্তু পাঁচ নম্বৰ হত্যাকাণ্ডটো কোনে, কাক, কেতিয়া, ক’ত কৰিছে, এতিয়ালৈকে একো জানিব পৰা যোৱা নাই৷ এটা বিগ ব্ৰেকিং নিউজ...”
টিভিটো বন্ধ কৰি দিলে সি৷ ঘড়ীত তেতিয়া সন্ধিয়া আঠ বাজিছে। চকু দুটা টানি নিব খুজিছিল তাৰ৷ উঠি গ’ল সি বাথৰূমলৈ৷ বেচিনটো খুলি চকুত পানী মাৰিবলৈ ধৰিলে উপৰ্যুপৰি৷ আইনাত নিজৰ চেহেৰাটোলৈ চালে সি৷ এটা উন্মাদৰ দৰে দেখা গৈছে তাক৷ চকু দুটা ৰঙা পৰি গৈছে। এতিয়াই যেন ফাটি তেজ ওলাই আহিব। একেৰাহে একসপ্তাহ সাৰে আছে সি। আৰু নোৱাৰা হৈছে। বেচিনটোত ধৰিয়েই সি টোপনিৰ জালিত হালি পৰিব খুজিছে৷ জোৰকৈ চকু দুটা মেলি সি নিজৰ গালত নিজে চৰিয়াবলৈ ধৰিলে। অথচ সি পৰা নাই থিয় হৈ থাকিবলৈ। সামান্য সুযোগ পালেই যেন নিদ্ৰাদেৱীয়ে তাক হেঁচি ধৰিব। উপায়হীন হৈ বেচিনৰ ওচৰতে থকা দাঢ়ি কটা কেঁচীখনৰ পিনে হাত মেলিলে সি আৰু খচকৈ গুজি দিলে নিজৰ উৰুত৷ তাৰপিছত এটা চিৎকাৰ কৰি বাগৰি পৰিল মাটিত৷
(দুই)
ষ্টুডিঅ’ৰ পৰা ওলাই আহোতে মৃণাল কলিতাৰ চাৰে আঠটা বাজিছিল। ৰাস্তাত উঠি তেওঁ মোবাইলটো খুলি চালে।
ঘৈণীয়েকৰ এটা মেছেজ। ঔষধকেইটা আনিবলৈ নাপাহৰিব।
কিবা এটা ৰিপ্লাই দিব লওতেই তেওঁৰ ফোনটো বাজি উঠিল। এটা আনন’ন নম্বৰ। ফোনটো ৰিচিভ কৰিলে তেওঁ।
“ছাৰ, মই মনজিৎ বৈশ্য।”
মনজিৎ। মনজিৎ। নামটো ক’ৰবাত শুনিছে তেওঁ।
“ছাৰ, মই আপোনাৰ লগত কাম কৰিছিলোঁ। সেই যে প্ৰফুল্ল দুৱৰাৰ কেছটো।”
“অঁ, অঁ মনজিৎ !” চিনি পাই উৎফুল্লিত হৈ উঠিছিল মৃণাল কলিতা। “আজি কালি ক’ত তুমি?”
“আপোনালোকৰ চহৰতেই। এই চিৰিয়েল কিলিঙৰ কেছটো মোৰ হাততেই পৰিছে। ভাবিলো, আপুনি যেতিয়া চহৰতেই আছে। আপোনাৰ অকণমান হেল্প ল’ব পৰা যায়।”
এটা হুনুিয়াহ কাঢ়িলে মৃণাল কলিতাই। তেওঁ ক’লে, “প্ৰস্তাৱটো লোভনীয়। কিন্তু...”
“কিন্তু কি ছাৰ? মই ভাৱিছিলোঁ আপুনি একে আষাৰে হাঁ ক’ব।”
কেনেকৈ কয় মনজিতক তেওঁৰ হাতত যে আৰু বেছি সময় নাই!
“কিন্তু আৰু কি? বয়স, অসুখ, ডাক্তৰৰ বাধা। তাতে আকৌ শ্ৰীমতীকতো জানাই, অকণমানতে কিমান চিন্তা কৰি থাকে। তেওঁৰ মতেতো মই ষ্টুডিঅ’লৈকো আহিবই নালাগে। সম্ভৱ জানো আমাৰ দৰে পুলিচত কাম কৰা মানুহৰ বাবে বিছনাতে শুই শুই দিনটো কটাই দিয়া?”
কথাৰ মাজতে মৃণাল কলিতাই দেখিলে, অলপ আঁতৰত গছ এজোপাৰ তলত এজন মানুহ ৰৈ আছে। পিন্ধনত অপৰিপাটি পোছাক। চকুৰ দৃষ্টিত বিভ্ৰান্তিৰ ভাব। মানুহজনে বাৰে বাৰে নিউজ চেনেলৰ বিল্ডিংটোলৈ চাইছে আৰু অস্থিৰভাৱে লৰচৰ কৰি আছে একেখিনি ঠাইতে। সতৰ্ক হৈ পৰিল কলিতাৰ পুলিচী মনটো।
মনজিতে কিবা কৈছিল। কলিতাই কথাটোত গুৰুত্ব নিদি ক’লে, “এজন মানুহ দেখিছোঁ। সন্দেহযুক্ত। মোৰ বোধেৰে নিউজ চেনেলত সি কিবা কনফেছ কৰিবলৈ আহিছে।”
এইবাৰ মানুহটোৰ চকু কলিতাৰ ওপৰত পৰিল। অলপ পৰ তেওঁলৈ চাই থাকি মানুহজন লেঙেৰিয়াই লেঙেৰিয়াই সেইপিনে আহিবলৈ ধৰিলে।
“সি মোৰ পিনে আহিবলৈ ধৰিছে,” কলিতাই ক’লে।
“ছাৰ, সাৱধান। তাৰ হাতত কিবা অস্ত্ৰ - শস্ত্ৰ আছে নেকি?”
কলিতাই কিবা উত্তৰ দিবলৈ পোৱাৰ আগতেই মানুহজন আহি তেওঁৰ ওচৰ পালে। মানুহজনে হাতযোৰ কৰি তেওঁৰ সন্মুখত বহি পৰিল। তাৰ পিছত বিৰবিৰাই ক’বলৈ ধৰিলে, “ছাৰ, মোক মাৰি পেলাওক। মাৰি পেলাওক মোক। মোৰ টোপনি লাগিছে। ভীষণ টোপনি। মোক শুবলৈ নিদিব। মোক মাৰি পেলাওক।”
মৃণাল কলিতাৰ অনুমানেই সত্য আছিল। মানুহজনে কনফেছ কৰিবলৈ আহিছিল মিডিয়াৰ আগত। তাৰ কনফেছন শুনি একে চোঁচাই টানি লৈ গৈ তাক নিজৰ গাড়ীত বহুৱালে কলিতাই। তেওঁ জানে, এই কনফেছন মিডিয়াৰ কাণত পৰিব লাগিলে গোটে গোটে গিলি পেলাব মানুহজনক।
ইমান বছৰৰ অভিজ্ঞতাৰ পৰা কলিতাই বুজি পাইছিল যে মানুহজন হাৰ্মলেছ। কিন্তু তাক তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন। শাৰীৰিক মানসিক দুয়োধৰণৰ চিকিৎসাৰ। সেয়ে তাক চিধাই লৈ আহিল নিকটৱৰ্তী হস্পিতালখনলৈ।
হস্পিতালত তাক ভৰ্তি কৰাই কলিতা ৱেইটিং ৰূমৰ চকী এখনত বহি পৰিছিল। ইমান দৌৰা-ধপৰা তেওঁৰ বাবে নহয়। যথেষ্ট ভাগৰ লাগিছিল তেওঁৰ। শ্ৰীমতীয়েও বাৰে বাৰে ফোন কৰি আছে।
কোবাকুবিকৈ স্থানীয় থানাখনৰ অ’চি মনজিৎ সোমাই আহিল ৱেইটিং ৰূমলৈ।
“কনফেছ কৰিছে?” সি সুধিলে।
মনজিতৰ প্ৰশ্নৰ উত্তৰত নীৰৱে মূৰ দুপিয়ালে তেওঁ।
“পাঁচ নম্বৰ মাৰ্ডাৰটোৰ?” সি পুনৰ সুধিলে।
“নহয়।” মূৰ জোকাৰিলে কলিতাই। “আটাইকেইটা মাৰ্ডাৰৰ।”
“কি?” উচপ খাই উঠিছিল মনজিৎ। “কি বলিয়ালি! পাগল নেকি মানুহজন?”
“নাজানো। তুমি নিজেই কথা পাতি লোৱা।”
(তিনি)
“সেইটো কি?” বেজীটোলৈ চাই মানুহজনে সুধিলে।
“লোকেল এনাস্থেছিয়া,” নাৰ্ছজনীয়ে ক’লে।
“নিদিব চিষ্টাৰ, এনাস্থেছিয়া নিদিব। সাৰে থকা কিবা আছে যদি দিয়ক।”
“কিন্তু আমি আপোনাৰ ভৰিৰ ঘাঁ টুকুৰা চিলাই কৰিবলৈ লৈছোঁ।”
“তেনেকৈয়ে কৰক। মই সহ্য কৰিম।”
“আপোনাৰ যি ইচ্ছা।”
নাৰ্ছেগৰাৰীয়ে আৰম্ভ কৰি দিলে চিলাই কৰিবলৈ। চিৎকাৰ কৰি উঠিব খুজিছিল সি। কিন্তু কোনোমতে দাঁত মুখ কৰচি সহ্য কৰি ৰ’ল।
তেনেতে মনজিৎ আৰু কলিতা ড্ৰেছিং ৰূমৰ ভিতৰলৈ সোমাই আহিল।
“এইটো ড্ৰেছিং ৰূম হয়,” নাৰ্চ গৰাকীয়ে আপত্তি কৰি উঠিলে।
“ক্ষমা কৰিব চিষ্টাৰ,” মনজিতে ক’লে। “ইটছ আৰ্জেন্ট। আপোনাৰ আৰু কিমান সময় লাগিব?”
নাৰ্ছগৰাকীয়ে মুখেৰে একো নামাতিলে। খচখচকৈ চিলাই কৰি যোৱাত লাগিল। মানুহজনে বিষত উহ্ আহ্ কৰিবলৈ ধৰিলে।
“লৰচৰ নকৰিব,” ধমকি দি উঠিল তাই। তাৰ পিছত মুখৰ ভিতৰতে ভোৰভোৰোৱাৰ দৰে কিবা কৈ চিলাইটো সম্পূৰ্ণ কৰি বেণ্ডেজ এটা লগাই কোঠাটোৰ পৰা ওলাই গ’ল।
“কেনেকৈ দুখ পালে?” অ’চি মনজিতে সুধিলে।
“কেঁচী মাৰিছিলোঁ,” লাহেকৈ ক’লে সি।
“কিয়?”
“সাৰে থাকিবলৈ।”
মনজিৎ আৰু মৃণাল কলিতাই পৰস্পৰৰ মুখলৈ চোৱাচুই কৰিলে।
“নাম কি?” মনজিতে সুধিলে।
“ইমাদুল ইছলাম।”
“কি কাম কৰে?”
“চেলুন এখন আছে। নাপিত।
দুৱাৰ মুখত পহৰা দি থকা চিপাহীজনলৈ চাই মনজিতে দুৱাৰখন জপাবলৈ ইংগিত দিলে। তাৰ পিছত ইমাদুললৈ চাই ক’লে, “শুনিছোঁ, আপুনি নিউজ চেনেললৈ গৈছিল কনফেছ কৰিবলৈ?”
“হয় ছাৰ। মোক মাৰি পেলাওক।”
“মাৰিম বাৰু। আগতে কওক কি কনফেছ কৰিবলৈ গৈছিল?”
“ছাৰক কৈছোৱেই।”
“এতিয়া আকৌ কওক। কেমেৰাৰ আগত।”
মনজিতে মোবাইলৰ কেমেৰাটো অন কৰি লৈছিল। সেইটো তাৰ পিনে পোনাই লৈ সি ক’লে, “বাৰু কৈ যাওক আপোনাৰ কনফেছন। ৱান বাই ৱান। প্ৰথমটোৰ পৰা।”
ইমাদুল অলপ পৰ মনে মনে ৰ’ল। তাৰ পিছত ক’বলৈ আৰম্ভ কৰিলে, “দুমাহমান আগৰ কথা। মই এটা সপোন দেখিছিলোঁ। মানুহ এজনে ছাদৰ ওপৰত খাট এখনত বহি মদ খাই আছিল। মই তেওঁৰ পিনে আগবাঢ়ি গৈছোঁ। আৰু তেওঁক চুৰি এখনেৰে হত্যা কৰিছোঁ। তাৰ পিছত ছুৰীৰে তেওঁৰ পিঠিত এটা নম্বৰ অংকন কৰিছোঁ - ’১’। সেইটো মই সপোন বুলিয়েই ধৰি লৈছিলোঁ। সপোনটো ইমানেই জীৱন্ত আছিল যে এতিয়াও সেই মানুহজনৰ আৰ্তনাদ, মৃত্যুৰ সময়ৰ ধৰফৰনি মোৰ কাণত বাজে। ছাদৰ ওপৰৰ সেই ছাঁ - পোহৰৰ মাজত তেওঁৰ দুচকুত ফুটি উঠা আতংক, অবিশ্বাসৰ চাৱনি এতিয়াও মোৰ চকুৰ আগত জল্জল্ পট্পট্কৈ ভাঁহি থাকে।”
অলপ সময়ৰ কাৰণে নিশ্চুপ হৈ পৰিছিল ইমাদুল।
“টোপনি ধৰিছে?” মনজিতে সুধিলে।
“দুদিনমান পিছত শুনিছিলোঁ ক্লাছ এইটত পঢ়ি থকা ল’ৰা এটাই নিজৰ দেউতাকক হত্যা কৰিছে। কথাটোত বিশেষ গুৰুত্ব দিয়া নহ’ল সেই সময়ত। কেইদিনমান পিছত আৰু এটা সপোন দেখিলো। ৰেষ্টোৰেন্টৰ কিচ্ছেন এটাত মই কিবা চব্জি কাটি আছোঁ। মোৰ পিন্ধনত ৰান্ধনীৰ পোছাক। হঠাতে জানো কি হ’ল, চব্জি কাটিবলৈ এৰি মই ছুৰীখন লৈ পিছলৈ ঘূৰিলো। পিছফালে থিয় হৈ ক’ট পিন্ধা মানুহ এজনে ৱেইটাৰ এজনক কিবা বুজাই আছে। মই সিহঁতৰ পিনে আগবাঢ়ি গ’লো। ৱেইটাৰজনে মোলৈ চাই হাঁহিলে। মই কিন্তু সেইপিনে মন কৰা নাই। মোৰ লক্ষ্য সেই মানুহজন। তেওঁৰ ওচৰ পোৱাত ছুৰীখন তেওঁৰ পিঠিত মই বহাই দিলো। এবাৰ দুবাৰ নহয়। বাৰে বাৰে। মোৰ বগা এপ্ৰ’নটো তেজেৰে ৰাঙলী নোহোৱালৈকে। ৱেইটাৰজনে চাই ৰৈছিল অবাক হৈ। হয়তো তাৰ মগজুটোৱে বুজি উঠিবই পৰা নাছিল তাৰ চকুৰ সন্মুখত কি ঘটি গ’ল। অতি কষ্টেৰে মানুহজনৰ পিঠিত মই লিখিলোঁ নম্বৰ - ’২’।”
“কষ্টেৰে কিয়? ক’ট ফালিবলৈ অসুবিধা হৈছিল?”
সি মূৰ জোকাৰিলে। “মই মোক ৰখাব পৰা নাছিলোঁ। নিজৰ ওপৰতে যেন নিজেই নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিলোঁ।”
“হুম। তাৰ পিছত?”
“সেই ৱেইটাৰজনক দেখিলো পিছদিনাখন আমাৰ চেলুনৰ টিভিত। মিডিয়াৰ আগত বাইট দিছে। দেখি চিনি পালো। কথাটোৱে মোক আচৰিত কৰিলে। খবৰ খাতি কৰি গম পালো, মোৰ সপোনটোৰ দৰেই হুবহু হত্যাকাণ্ড এটা সংঘটিত হৈছে ৰেস্তোৰাঁ এখনত। এইটো দুই নম্বৰ হত্যাকাণ্ড আছিল। এক নম্বৰটোৰ কথাও মিডিয়াত আকৌ ওলাইছিল। সেইজন মানুহকো চিনি পালো মই।”
পুনৰ নিশ্চুপ হৈ পৰিল ইমাদুল।
“তাৰ পিছত?”
“শুবলৈও ভয় লগা হ’ল। তাৰ পিছত সম্পূৰ্ণ দুটা দিন উজাগৰে আছিলোঁ। কিন্তু তৃতীয় দিনাখন আৰু নোৱাৰিলোঁ। ৰাতিপুৱাই চকু টানি লৈ গ’ল। দিনৰ দিনটো শুই আবেলি চাৰিটা বজাত সাৰ পালো। তাকো আন এটা ভয়ংকৰ সপোন দেখি। লাইব্ৰেৰীত এজন মানুহক হত্যা কৰি পেলালোঁ মই। অলপ পিছতেই নিউজত আহিল ঘটনাটো। দিন দুপৰতে পাব্লিক লাইব্ৰেৰী এটাৰ ভিতৰত ঘটা হত্যাকাণ্ড। তাৰ পিছত একেদৰেই ঘটি গৈ থাকিল চতুৰ্থটো, পঞ্চমটো, ষষ্ঠটো। এতিয়াতো মই থিয়ৈ থিয়ৈ সপোন দেখিবলৈ ধৰিছোঁ। আৰু কেৱল সেইবোৰ সপোনহে।”
মনজিতে ক’লে, “মিডিয়াৰ এটেন্সন লাগে?সেইকাৰণে নিউজ চেনেললৈ গৈছিল নহয়নে?”
“নহয় ছাৰ। আল্লা কছম। মই এইবোৰৰ অন্ত বিচাৰোঁ। মই আৰু নোৱাৰা হৈছোঁ। কি কৰা উচিত অনুচিত একো ডিছিছন ল’ব নোৱাৰা হৈছোঁ। এবাৰ ভাবিছোঁ মিডিয়াৰ ওচৰলৈ যাওঁ, এবাৰ ভাবিছোঁ পুলিচৰ ওচৰলৈ যাওঁ, এবাৰ ভাবিছোঁ ডাক্তৰৰ ওচৰলৈ যাওঁ নতুবা মছজিদলৈ যাওঁ। আজি তাত ছাৰক দেখা পাই মই আৰু নোৱাৰিলোঁ নিজক ৰখাবলৈ।”
“ছাৰক কেনেকৈ চিনি পায়?”
“টিভিত দেখিছিলোঁ তেওঁক। মোক মাৰি পেলাওক ছাৰ।”
“যদি মৰিবই বিচাৰিছে কেঁচীখন উৰুত মৰাতকৈ বুকুত বহুৱাই দিব লাগিছিল।”
সি একো নক’লে। মাথো নিশ্চুপ হৈ ৰ’ল।
“চব মিডিয়া এটেন্সনৰ কাৰণে ছাৰ,” মনজিতে মৃণাল কলিতালৈ চাই ক’লে। “জানেই তাৰ ওপৰত কোনো কেছ নচলিব।”
“নাই ছাৰ, নাই ছাৰ, নাই।”
“চুপ।” ডবিয়াই উঠিল মনজিতে।
মৃণাল কলিতাই ইমান পৰে একো কোৱা নাছিল। তেওঁ ডিঙিটো পৰিষ্কাৰ কৰি লৈ ইমাদুলৰ পিনে চাই ক’লে, “পাঁচ নম্বৰ ডেড বডিটো এতিয়ালৈকে পুলিচে পোৱা নাই। আপুনি ক’ব পাৰিব ক’ত সংঘটিত হৈছে সেইটো হত্যাকাণ্ড?”

“পাম ঘৰ এটাত,” একে আষাৰে কৈ উঠিল সি। “এক্সেক্ট ঠাইখন ক’ব নোৱাৰিম। মানুহজন টপা আছিল। গালত দাঢ়ি আছে। পিন্ধনত কেৱল লুঙী এখন। হয়তো মাছুৱৈ আছিল মানুহজন। পাম ঘৰটো তৰ্জাৰ। জাল তাল কিবা ওলোমাই থৈছিল বেৰত।”
“ঠাইখন ক’ত কিবা ধাৰণা?” মৃণাল কলিতাই সুধিলে।
সি মূৰ জোকাৰিলে। “কিন্তু এটা কথা মনত আছে। মানুহজনে মোক বিটু বুলি মাতিছিল।”
কলিতাই মনজিতলৈ চালে।
“আপুনি কি বিশ্বাস কৰিছে নেকি ছাৰ?” মনজিতে সুধিলে। “যত চব মিডিয়াৰ এটেন্সন লাভ কৰাৰ চেষ্টা।”
“নহয়। নহয়, নহয়।” সি প্ৰতিবাদ কৰি উঠিছিল।
“চুপ।”
কলিতাই মনজিতক বাহিৰলৈ মাতি লৈ গ’ল।
“এবাৰ এওঁক বিশ্বাস কৰি চোৱাতনো কি অসুবিধা আছে?” কলিতাই ক’লে। “এনেওতো এই কেছবোৰ অবিশ্বাস্যই। প্ৰতিজন হত্যাকাৰীয়েই কৈ আছে যে তেওঁলোকে নিজেই নাজানে তেওঁলোকে সেই সময়ত কি কৰি আছিল। ক’ত আছিল। খবৰ খাতি কৰি চোৱা, কোন এই বিটু। তাৰ কথাবোৰ যদি সঁচা হয়। বিটুৱেই হত্যাটো কৰিছে।”
কথাৰ মাজতে মৃণাল কলিতাৰ ফোনটো বাজি উঠিল। ঘৈণীয়েকৰ ফোন।
ফোনটো তুলিলে তেওঁ, “আৰে, গৈছোঁ বাবা... হস্পিতালত আছোঁ এতিয়া... আৰে মোৰ একো নাই হোৱা... গৈ ক’ম সকলো... ঠিক আছে... উম...”
কলিতাই ফোনটো কটাৰ লগে লগেই মনজিতে ক’লে, “কিন্তু এই বিটুক এতিয়া ক’ত বিচাৰোঁ?”
“হুম,“ কলিতাই চিন্তা কৰি চাই ক’লে। “লেটছ ফাইণ্ড আউট।”
পুনৰ ড্ৰেছিং ৰূমলৈ সোমাই গ’ল তেওঁলোক। ইমাদুল বিছনাখনৰ ওচৰত থিয় হৈ আছিল। মাজে মাজে নিজৰ গালত চৰিয়াই সাৰে থকাৰ চেষ্টা কৰিছে।
“ছাৰ, মোক মাৰি পেলাওক।”
কলিতা আৰু মনজিতে ইজনে আনজনৰ মুখলৈ চালে।
(চাৰি)
ইমাদুলক এটা কেবিনলৈ চিফ্ট কৰা হ’ল।
ডাক্তৰ ৰবিন বৰুৱাই তেওঁক পৰীক্ষা কৰি ক’লে, “মই মেডিচিন এটা প্ৰেছক্ৰাইব কৰি দিছোঁ, কিন্তু লগে লগে এফেক্ট নকৰিব। দুই তিনি ঘণ্টা সময় লাগিব। তেতিয়ালৈকে কথা-বতৰা পতাই সাৰে ৰাখিব লাগিব।”
“ঠিক আছে,” মনজিতে ক’লে। “আৰু এই ঔষধটোৱে এফেক্ট কৰিবলৈ আৰম্ভ কৰাৰ পিছত কিমান দিনলৈ জগাই ৰাখিব পাৰিম।”
“মেক্সিমাম দুদিন। কাৰণ অলৰেডি তেওঁ দুদিন শুৱা নাই বুলি কৈছেই। লাহে লাহে মাইক্ৰ’ স্লিপ, হেলুচিনেছন, মেম’ৰী লেপ্স আদি বিভিন্ন স্লিপ ডিপ্ৰাইভেছন দেখা যাব। আৰম্ভ কৰিছেই তেওঁৰ কথা বতৰাবোৰ সংগতিবিহীন হ’বলৈ। কিন্তু কি কাৰণে তেওঁক এনেদৰে সাৰে ৰাখিবলৈ চেষ্টা কৰা হৈছে?”
মৃণাল কলিতাই অলপ ভাৱি ক’লে, “আপুনি অলৌকিকতাত বিশ্বাস কৰে ডাক্তৰ? ভূত - প্ৰেত বা ভগৱানক?”
ডাক্তৰ বৰুৱা অলপ থমকি ৰ’ল। তাৰ পিছত ক’লে, “নাজানো। কিন্তু মই নাস্তিক নহয়। অ’টিত সোমাওতে ভগৱানক সেৱা কৰোঁ। নামঘৰ-মন্দিৰত শৰাই-পূজা আগবঢ়াওঁ। সেই বুলি মই অন্ধ বিশ্বাসৰো চাপোৰ্টাৰ নহয়।”
সামান্য হাঁহিলে মৃণাল কলিতাই। “ঠিক আছে। আপোনাক ক’ম। কিন্তু তাৰ আগতে আমি নিজে দুটামান কথাত নিশ্চিত হৈ ল’ব বিচাৰিছোঁ। আৰু ঠেংক ইউ আপোনাক, আমাক ইমানখিনি সহযোগ কৰাৰ কাৰণে।”
“অঁ, আৰু এটা কথা,” মনজিতে ক’লে। “আমি মানুহজনক অবজাৰ্ভেছনত ৰাখিব খুজিছোঁ। গতিকে কেবিনত চিচিটিভি কেমেৰা লগাব লাগিব। আই হ’প, এইক্ষেত্ৰত আপোনালোকৰ কোনো আপত্তি নাই।”
ডাক্তৰ বৰুৱাই ক’লে, “লগাওক। কিন্তু আশা কৰিছোঁ আপোনালোকে মোক সোনকালে সকলো কথা খুলি ক’ব।”
“নিশ্চয় ডাক্তৰ,” মনজিতে ক’লে। “পেচেন্টৰ ওপৰত চকু ৰাখিবলৈ...”
“হ’ব, মই নাৰ্ছ বা ৱাৰ্ড বয় এজনক কৈ দিম,” মনজিতৰ কথাৰ ওপৰতে কথাখিনি কৈ ডাক্তৰ বৰুৱা গুচি গ’ল।
মনজিতে তেওঁৰ লগত অহা এ.এছ.আই.জনক দুই এটা নিৰ্দেশ দিলে। কেবিনৰ বাহিৰত দুজন চিপাহীক পহৰা দিবলৈ লগাই দি মনজিত আৰু মৃণাল কলিতা পুনৰ বহিল ইমাদুলৰ ওচৰত।
মৃণাল কলিতাই আৰম্ভ কৰিলে, “এই যে মাৰ্ডাৰবোৰ হৈছে। এই মানুহবোৰৰ লগত আপোনাৰ কিবা সম্পৰ্ক আছে নেকি? কেতিয়াবা লগ পাইছে কাৰোবাক?”
“নাই পোৱা,” মূৰ জোকাৰি ক’লে ইমাদুলে।
চিন্তাত পৰিল মৃণাল কলিতা। কিবা এটাতো কানেক্সন থাকিব লাগিব।
হঠাৎ ইমাদুলে কৈ উঠিল, “অঁ, অঁ, এজনক চিনি পাইছোঁ। এজনক চিনি পাইছোঁ। মোৰ মনত পৰিছে। মোৰ মনত পৰিছে।”
“কোন?”
“লাইব্ৰেৰীৰ পিয়নটো।”
“তাৰমানে ভিক্টিমজন নহয়। হত্যাকাৰীজনহে আপোনাৰ চিনাকি আছিল?”
“হয়।”
“আৰু বাকী কেইজন হত্যাকাৰী?” কলিতাই সুধিলে।
“নাজানো। মই সিহঁতৰ মুখবোৰ দেখা নাই।”
মনজিতে লগে লগে ফোনটো বাহিৰ কৰিলে আৰু ফটো এখন উলিয়াই তাৰ পিনে আগবঢ়াই দিলে।
“নিপু,” ইমাদুলে কৈ উঠিল। “মোৰ তাত নিয়মিত চুলি কটা গ্ৰাহক আছিল।”
নিপু ক্লাছ এইটত পঢ়া ল’ৰাটো। যি তাৰ বাপেকক হত্যা কৰিছিল।
“এইটো?” আন এখন ফটো আগবঢ়াই দিলে।
অলপ সময় চাই থাকি সি মূৰ দুপিয়ালে, “নামটো নাজানো। কিন্তু চিনি পাইছোঁ।”
তাৰ পিছত আৰু তিনিখন ফটো দেখুৱালে মনজিতে। আটাইকেইখন সি চিনি পালে।
“ককা-আইতাৰ মুখত শুনিছিলোঁ,“ মনজিতে ক’লে। “চুলিয়েই আমাক আত্মাৰ লগত বান্ধি ৰাখে। আমাক স্মৃতিৰ লগত বান্ধি ৰাখে। চুলিত শক্তি থাকে। সেয়ে কটা চুলি য’তে ত’তে পেলাব নাপায়। মঙলবাৰ, শণিবাৰ আদিত চুলি কাটিব নাপায়। নহ’লে সেই গ্ৰহবোৰ অসন্তুষ্ট হ’ব পাৰে। অপশক্তিয়ে লাই পায়। এতিয়া দেখিছোঁ এওঁ যাৰে চুলি কাটিছে, তেৱেই এওঁৰ সপোনৰ বশ হৈ পৰিছে। এতিয়া বা নেক্সট হত্যাকাৰী কোন ওলায়?”
“আপোনাৰ চেলুনখন পুৰুষ মহিলা উভয়ৰ কাৰণে আছিল নেকি?” কলিতাই সুধিলে।
“নাই। অকল পুৰুষৰ।”
“চতুৰ্থজন হত্যাকাৰী বৰষা বৈশ্যৰো চুলি কাটিছিল নেকি কেতিয়াবা?”
“তেওঁ পুতেক দুটাৰ চুলি কটাবলৈ আহিছিল প্ৰায়ে।”
মৃণাল কলিতাই মনজিতৰ মুখলৈ চালে। “বাকীবোৰ বাৰু চুলিৰ বাবেই এওঁৰ সপোনৰ বশ হ’ল। এই মানুহগৰাকী কেনেকৈ বশ হ’ল?”
মনজিতে একো উত্তৰ নিদিলে।
কলিতাই পুনৰ সুধিলে, “কোনোবা বিটুক জানে? আপোনাৰ কাষ্টমাৰ?”
অলপ ভাৱি সি ক’লে, “নামে মানুহে ধৰিব পৰা নাই। কোন বা আছিল বিটু!”
“কোনোবা মাছুৱৈক জানে?”
“মাছৰ হাণ্ডি লৈতো কেবাজনো আহে। কিন্তু...”
ইমাদুলে চকু দুটা মুদি দিলে। হয়তো জোৰ কৰি কিবা মনত পেলোৱাৰ চেষ্টা কৰিলে।
“অই শুলে নেকি?” মনজিতে ডবিয়াই উঠিল।
“মোৰ চেলুনৰ ওচৰত এখন পাণ দোকান আছে। তাত সুধি চাব পাৰে।”
কিবা এটা সুধিবলৈ মৃণাল কলিতাই মুখ মেলিছিল, হঠাৎ তেওঁৰ ফোনটো বাজি উঠিল। ঘৈণীয়েকৰ ফোন। মুখত এটা বিৰক্তিৰ ভাৱ ফুটি উঠিল।
ফোনটো তোলাৰ লগে লগে সিমূৰৰ পৰা কৈ উঠিল, “চাৰে দহটা বাজি গৈছে। ক’ত আছে ইমান পৰলৈ?”
“মৰা নাই এতিয়াও। জীয়াই আছোঁ। কাম এটা কৰি আছোঁ। অলপ পিছত যাম। নিজে যাম আৰু ফোন কৰিব নালাগে।” বিৰক্তিৰে ফোনটো কাটি দিলে তেওঁ।
“কি কৈ আছিলোঁ? অঁ... চাওক, আপোনাৰ কথাখিনি বিজ্ঞানৰ ফালৰ পৰা মানি ল’ব নোৱাৰি। কিন্তু যিহেতু গোটেই ঘটনাটোৱেই আমাৰ বোধগম্যতাৰ বাহিৰত। সেয়ে ধৰি ল’লো আপোনাৰ কথাটো সঁচা। কিন্ত ইয়াৰ আৰম্ভণি হ’ল কেনেকৈ? অলৌকিক হ’ল বুলিয়েইতো আগগুৰি নোহোৱাকৈ কিবা এটা আৰম্ভ নহয়গৈ। আপুনি এই বিষয় কিবা ভাৱিছেনে? এইবোৰৰ সূত্ৰপাত কেনেকৈ হৈছিল? বা আপোনাৰ লগতেই কিয় হ’ল?”
ইমাদুলে কলিতাৰ মুখলৈ চাই ৰ’ল।
কলিতাই অলপ সহজ ভাষাৰে আকৌ ক’লে, “আপোনাৰ কথাবোৰ শুনি এজন সাধৰণ মানুহৰ মনত প্ৰথম ইয়াকেই আহিব যে আপোনাৰ গাত কিবা ভূত-প্ৰেত লম্ভিছে। যিয়ে এই সকলোবোৰ নিয়ন্ত্ৰণ কৰি আছে। সেয়ে জানিব বিচাৰিছিলোঁ, সেইবিলাকৰ সংস্পৰ্শলৈ আহিব পৰা ধৰণৰ কিবা কৰিছিল নেকি আপুনি?”
পুনৰ কলিতাৰ ফোনটো বাজি উঠিল। ঘৈণীয়েকৰ ফোন।
ফোনটো চাইলেন্ট কৰি লৈ তেওঁ ক’লে, “বাৰু আপুনি ভাৱক। লগতে এইটো কথাও ভাৱি চাব, সেই বিশেষ মানুহবোৰকেই আপোনাৰ সপোনটোৱে বাচনি কৰিলে কিয়? তাৰোতো কিবা এটা কাৰণ নিশ্চয় আছে। গতিকে আপুনি ভাৱক সেইবোৰ কথা। কিবা থাকিলে মোক বা এওঁক যোগাযোগ কৰিব।”
কলিতাই মনজিতলৈ চাই ফোন নম্বৰ কেইটা তেওঁক দি দিবলৈ কৈ দিলে। তাৰ পিছত তেওঁ কেবিনৰ পৰা ওলাই আহিব খুজি দুৱাৰ মুখতে ৰৈ গ’ল। আৰু পিছলৈ ঘূৰি চাই ক’লে, “কোনোবাই আপোনাৰ পৰা কথা উলিয়াবলৈ চেষ্টা কৰিব পাৰে। কোনো কাৰণতে লিক্ নকৰে যেন।”
(পাঁচ)
“ছাৰ, বিটুক এৰেষ্ট কৰিলোঁ,” পিছদিনা ৰাতিপুৱাই মনজিতৰ ফোন আহিল কলিতালৈ। “তাৰ সম্পূৰ্ণ নাম বিতুপৰ্ণ দাস। সিহঁতৰ পামত তাৰ পাৰ্টনাৰটোক হত্যা কৰা বুলি সি সৈ কাঢ়িছে। সি ভয়তে পুলিচক জনোৱা নাছিল। ইমাদুলে চাগে সঁচা কথাই কৈছিল ছাৰ।”
গোটেই চাকৰি জীৱনটোত কলিতাই কেতিয়াও এনেকুৱা ঘটনাৰ সন্মুখীন হোৱা নাছিল। এজন পুলিচ অফিচাৰ হিচাপে সকলো কথা যুক্তিৰে চালি-জাৰি চাবলৈকে তেওঁ ট্ৰেইনিং লৈ আহিছিল। এই ঘটনাটো তেওঁৰ বোধগম্যতাৰ বাহিৰত। কিন্তু এজন ব্যক্তিৰ মনৰ মাজত চলি থকা অন্তৰ্দ্বন্দক অনুভৱ কৰিব পৰাটো তেওঁৰ বোধগম্যতাৰ বাহিৰত নহয়। সেয়ে তেওঁ প্ৰথম দৃষ্টিতেই ইমাদুলক চিনাক্ত কৰিব পাৰিছিল। তাৰ ভিতৰৰ অন্তৰ্দ্বন্দক বিচাৰি উলিয়াব পাৰিছিল। সেয়ে তেওঁৰ যুক্তিশালী মনটোৱে একমাত্ৰ যুক্তিবাদৰ স্বাৰ্থতেই তাৰ কথাখিনিক উৰুৱাই পেলোৱা নাছিল।
“ছাৰ, এবাৰ আহিব নেকি?” মনজিতে ক’লে।
সেইটোৱেইতো মস্কিল। যোৱাকালিৰে পৰা মুখ ফুলাই বহি আছে শ্ৰীমতী।
“আজি নাযাওঁ দিয়া। কিবা থাকিলে মোক ফোন কৰিবা।”
মনজিতক মানা কৰি দিলে যদিও মনটো ভিতৰি ভিতৰি কুটকুটাই থাকিল মৃণাল কলিতাৰ। ইমাদুলৰ লগত তেওঁৰ অলপ বহিবলগীয়া আছিল।
ইমাদুলক কালি দুটা প্ৰশ্ন সুধি আহিছিল তেওঁ। কিয় তাৰ সপোনে সেই মানুহকেইজনকহে বাচনি কৰিছে? সেইটো জানিব পাৰিলে ভৱিষ্যতৰ হত্যাকাণ্ডবোৰ হয়তো আগতীয়াকৈ চিনাক্ত কৰি ৰোধ কৰিব পৰা যাব পাৰে। দ্বিতীয়তো প্ৰশ্ন, এই সকলো ঘটনাৰ আৰম্ভণি ক’ত? আৰম্ভণিতো বিচাৰি উলিয়াব পাৰিলে তাৰ অন্তও হয়তো বিচাৰি পোৱা যাব।
শোৱনি কোঠালৈ শ্ৰীমতী সোমাই আহিল। হাতত কেইটামান পিল আৰু এগিলাছ পানী।
মুখেৰে একো নকৈ হাতখন তেওঁৰ পিনে আগবঢ়াই দিলে।
পিলকেইটা হাতত লৈ তেওঁ ক’লে, “এনেও হাতত বেছি দিন নাই। যিকেইটা দিন আছোঁ সেইকেইটা দিনো এনেকৈ মুখ ওফোন্দাই মাতবোল নকৰাকৈয়ে কটাবা নেকি?”
লগে লগে মানুহগৰাকীয়ে একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। পিলকেইটা মুখত ভৰাই পানী গিলাছ খাই উঠি মৃণাল কলিতাই দেখে যে শ্ৰীমতীয়ে ঠাইতে ৰৈ কঁপি কঁপি কান্দিবলৈ ধৰিছে।
“হেই হেই কি হ’ল তোমাৰ?” মৃণাল কলিতাই খপজপকৈ উঠি সাৱটি ধৰিলে তেওঁক।
(ছয়)
মানুহজনে তিনিখন পাঁচশ টকীয়া নোট গুজি দিছিল তাৰ হাতত। কোনেও কাকো এনেয়ে টকা নিদিয়ে। নিশ্চয় কিবা দুই নম্বৰী কামৰ কাৰণে যাচিছে। কিন্তু দুই নম্বৰী কামটো কিমান বেছি দুই নম্বৰী সেইটোহে মূল কথা।
মেডিকেলৰ সন্মুখৰ গুমটি দোকানখনত পাণ এখন খাবলৈ আহিছিল কন্দৰ্পই। নাইট ডিউটি শেষ কৰি অলপ আগতে আজৰি হৈছে সি। কি পাগল এটাৰ লগত ডিউটি পৰিছিল তাৰ। নিজেও নুশুৱে। আনকো শুবলৈ নিদিয়ে।
পাণখন মুখত ভৰাই উভতিব খোজতেই এই মানুহজন আহি ওলাল তাৰ সন্মুখত। চুটি চাপৰ। গাৰ বৰণ ক’লা। বয়স চল্লিছৰ ওপৰত হ’ব। কান্ধত এফালে ওলোমাই লোৱা এটা বেগ। মুখত এটা মিচিকিয়া হাঁহি।
হাঁহি মাৰি কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে টকা এমুঠি তাৰ হাতত গুজি দিছিল মানুহজনে।
এইটো আকৌ কেনেকুৱা ধৰণৰ পাগল? মনতে ভাৱিলে কন্দৰ্পই। মক্কেল ক’ৰবাৰ। কোনো কথাৰ অৱতাৰণা নকৰাকৈ সিও টকাখিনি জেপত ভৰাই ল’লে।
তাৰ পিছতো মানুহজনে হাঁহি ভৰা মুখেৰে তাৰ সন্মুখত থিয় হৈ থকা দেখি সি সুধিলে, “কাম কি?”
“চিম্পল। দুটামান ইনফৰ্মেছন উলিয়াই দিব লাগে?”
“কি ইনফৰ্মেছন?”
“১৩ নং কেবিনৰ পেছেন্টজনৰ বিষয়ে।”
ফিক্কৈ পিক অকণমান পেলাই হাঁহি উঠিল কন্দৰ্পই।
“চালা সি একো পেছেন্ট নহয়। পেছেন্ট হ’বলৈহে আহিছে। ইনছোমনিয়াৰ।”
“মানে?”
“কালি ৰাতি মোক সুধিছে, টোপনি নহা কিবা বেমাৰ আছে নেকি? মই ক’লো ইনছোমনিয়া। তাক বোলে সেই বেমাৰটো লাগে। সি সাৰে থাকিব খোজে। নিজৰ ভৰিত নিজে চাকু-টাকু মাৰি খুন কৰি লৈছে।”
“কিয়?”
“টোপনি নাহিবলৈ।”
মানুহজনৰ হাঁহিটোৱে বিস্তৃতি লাভ কৰিলে তাৰ ক’লা মুখখনত। ওলাই পৰিল ওপৰ পাৰি দাঁতৰ ক’লা আলুকেইটা। পুনৰ এখন পাঁচশটকীয়া নোট কন্দৰ্পৰ জেপত ভৰাই দি সি ক’লে, “এই চিৰিয়েল কিংলিং কেছটোৰ লগত তাৰ কি সম্পৰ্ক আছে, সেইটো বাহিৰ কৰা। আৰু যিমান যি খবৰ উলিয়াব পাৰা সকলো মোক জনাবা। ভাৱি লোৱা কুবেৰ দেৱতা ধন্য হৈ গৈছে তোমাৰ ওপৰত।”
এইবাৰ মানুহজনে কাৰ্ড এখন গুজি দিলে তাৰ হাতত।
“অকে বছ।” কাৰ্ডখন হাতত লৈ সি পঢ়ি চালে, “বিনয় শইকীয়া। জাৰ্নেলিষ্ট।”
“ৰাইট। এতিয়া মানুহজনৰ নামটোও কোৱা?”
“ইমাদুল ইছলাম।”
কন্দৰ্পৰ মনটো ভাল লাগি থাকিলে, তাৰ ওঁঠত আপোনা-আপুনি এটা সুহুৰি বাজি উঠে। আজিও লিফ্টেৰে ওপৰলৈ উঠি গৈ থাকোতে সুহুৰিয়াবলৈ মন গৈছিল তাৰ। কিন্তু মুখত পাণসোপা থকাত নোৱাৰিলে। তাৰ হাতত অকণমানি সৰু ঘূৰণীয়া যন্ত্ৰ এটা। আহিবৰ সময়ত বিনয় শইকীয়াই দি পঠাইছিল। ইমাদুলৰ কোঠাত লুকুৱাই থ’বলৈ। যাতে শইকীয়াই সিহঁতৰ কথা বতৰাবোৰ শুনি থাকিব পাৰে।
লিফ্টৰ পৰা ওলাই ইফালে সিফালে চাই সি নিডিল পেলোৱা ডাষ্টবিনটোত পিক্ এসোঁতা পেলালে। ডাষ্টবিনকেইটাৰ ওপৰতেই কোনটো ৰঙৰ ডাষ্টবিনত কি পেলাব লাগে লিখা আছিল। সেইখনলৈ চাই তৃপ্তিৰ হাঁহি এটা মাৰিলে সি। এই নিয়মৰ খেলি মেলি হ’লে চাফাই কৰ্মীবোৰে গালি খাবলগীয়া হয়। আৰু চাফাই কৰ্মী লতিকা বাইৰ খং তুলি ৰং চোৱাৰ মজাই বেলেগ। ডাক্তৰো সাৰি নাযায় তাইৰ ৰঙা চকুৰ আগৰ পৰা।
সুহুৰি এটা বজাই বজাই কৰিডৰেৰে আগবাঢ়ি গ’ল সি। হাতত ব্ৰেকফাষ্টৰ ট্ৰে এখন লৈ নাৰ্চ এজনী ইমাদুলৰ কেবিনত সোমাব খুজিছিল। কন্দৰ্পই গৈ আগভেটি ধৰিলে। তাৰ পিছত ট্ৰেখনৰ পিনে হাত মেলি ক’লে, “চাওঁ, ট্ৰেখন মোকেই দে। আজি তোৰ ভাগৰ ডিউটিটো ময়েই কৰি দিওঁ।”
সন্দেহৰ দৃষ্টিৰে চাই নাৰ্চজনীয়ে ক’লে, “মই কিন্তু তোৰ হৈ নাইট ডিউটি কৰি দিব নোৱাৰোঁ।”
“নালাগে অঁ। মোৰ আজি বেলেগ কাম নাই কাৰণেহে। সদায় কিন্তু নেপাও দেই এই চান্স।”
“ঠিক আছে। হ’ব হ’ব।”
ট্ৰেখন তাৰ হাতত তুলি দি নাৰ্চজনী গুচি গ’ল। কেবিনৰ দুৱাৰ মুখত পহৰা দি থকা চিপাহীজনক চেলুট এটা দি কন্দৰ্প ভিতৰলৈ সোমাই গ’ল।
“ইমাদুল ভাই,” হাঁহি মাৰি মাতিলে কন্দৰ্পই।
ইমাদুল চকী এখনত বহি আছিল। সিও হাঁহি এটা মাৰিলে।
“এতিয়া কেনেকুৱা? টোপনি আহিছে?”
“নাই, ঔষধে কাম দিছে হয়তো। পিছে দুৰ্বল লাগিছে অলপ।”
“এইটো ভাৱ থাকিবই ভাই। এতিয়া এইখিনি খাই লোৱা।”
ব্ৰেকফাষ্টৰ ট্ৰেখন আগবঢ়াই দি কন্দৰ্পই চকীখনত বহি ল’লে। তাৰ পিছত চেগ বুজি চকীখনৰ তলতেই আঠাৰে লগাই দিলে যন্ত্ৰটো।
ওপৰলৈ উঠি আহোতে সি দেখিছিল, ৰিছেপ্সনৰ টিভিত এটা বিগ ব্ৰেকিং নিউজ বাজি আছে। পঞ্চমটো হত্যাকাণ্ডৰ হত্যাকাৰীক আটক কৰা হৈছে। তাকে অৱলম্বন হিচাপে লৈ সি কথাৰ অৱতাৰণা কৰিলে, “পাঁচ নম্বৰ মাৰ্ডাৰটো চ’ল্ভ হ’ল হে। মৰা মানুহটো কোনোবা জগদীশ দাস।”
ঘুগুনীৰ চামুচখন মুখত ভৰাব খুজি ৰৈ গৈছিল ইমাদুল। তাৰ মনৰ মাজৰ ছটফটনিৰ উমান পালে কন্দৰ্পই।
“কি হ’ল ভাই। ভয় লাগিছে? ভয় লাগিবৰে কথা। চালা আকৌ লকডাউন দি দিব লাগে। নহ’লে কোনে কাক কেতিয়া বহাই দিয়ে একো ভৰসা কৰিব নোৱাৰি। আনৰ কথা কি ক’বা? নিজৰ সোঁহাতখনকেই বাওঁহাতখনে বিশ্বাস কৰিব নোৱাৰা পৰিস্থিতি হৈছে আজিকালি। তুমিওতো নিজৰ গাতেই নিজে চাকু বহাই দিছিলা ভাই।”
“কেঁচী,” ইমাদুলে লাহেকৈ ক’লে।
চালা এই জগতত যদি বৰ্তমান বিশ্বাস কৰিব নোৱাৰা কোনোবা আছে, এইটোৱেই আছে, কন্দৰ্পই মনতে ভাৱিলে। পাৰিলে চামুচখন হাত কৰিয়েই ল’ব লাগিছিল তাৰ পৰা। কোন মুহূৰ্তত কিহেৰে এটেক কৰি দিয়ে ঠিকতো নাই।
“কি চাইছে?” ইমাদুলে সুধিলে। “খাব নেকি?”
“নাই ভাই,” কন্দৰ্পই ক’লে।
“চিন্তা নকৰিব। মই আৰু নুশুওঁ। লাগিলে মৰি যাম।”
“ভাই তোমাৰ ষ্ট’ৰীটো কিনো?”
ইমাদুল মনে মনে ৰ’ল।
কন্দৰ্পই বুজিলে। তাৰ পৰা এনেদৰে কথা উলিয়াব পৰা নাযাব। ইমান সময়ে সি বুজি উঠিছে যে মানুহটো পাগল যদিও অলপ ইমোছনেল ধৰণৰ। প্ৰথমে তাৰ বিশ্বাস আহৰণ কৰিব লাগিব।
“আৰু লাগিব কিবা? লুচি? ঘুগুনী? আমালেট?”
ইমাদুলে মূৰ জোকাৰিলে।
খাই বৈ প্লেটখন টেবুলৰ ওপৰত থৈ সি সুধিলে, “ইয়াৰ পইছাটো কোনে দিব?”
“কি জানো? পুলিচে দিব কিজানি।”
কথাষাৰ কৈ তাৰ নিজৰেই হাঁহি উঠিল। পুলিচেও কাৰোবাক খুৱাই নে? পিছত এই নাপিতৰ পৰাই বাহিৰ কৰিব সূতে-মূলে।
“হাঁহিলে যে?” ইমাদুলে সুধিলে।
“নাই, বেলেগ এটা কথা মনত পৰিছিল। বাৰু ভাই কোৱাচোন। ঘৰত কোন কোন আছে তোমাৰ?”
“কোনো নাই। আব্বা আম্মা সৰুতে ঢুকাল। ভাই এটা আছিল। ক’ত থাকে কি কৰে খবৰেই নোহোৱা হ’ল। এবাৰ বঙাইগাঁৱত লগ পাইছিলোঁ। কাচাৰৰ এড্ৰেছ এটা দিছিল। আজিলৈ বিচাৰি যাবলৈ সময় নিমিলিল।”
“নাযাবাও ভাই। যি দিনকাল আহিল। নিজকেই নিজে বিশ্বাস কৰিব নোৱাৰা হৈছে।”
“আপোনাৰ ঘৰত কোন কোন আছে?” ইমাদুলে সুধিলে।
“মানুহজনী আৰু ল’ৰা এটা। ল’ৰাটোৰ কথা কি ক’বা? জগতৰ বদমাছ হৈছে।”
“কিমান ডাঙৰ?”
“এই ফাগুনত এঘাৰত সোমাব।”
“সেইটো বয়সততো অলপ উৎপতীয়া হ’বই।”
“উৎপতীয়াহে নে? মোৰতো তাকেই ভয় লগা হৈছে এতিয়া। কোনদিনা পিঠিত চাকু মাৰি দিয়ে কি ঠিক।”
“হেই, নাপায় তেনেকুৱা কথা ক’ব।”
“নক’বানে? চাইকেল বিচাৰি হাহাকাৰ কৰি আছে বহুদিনৰ পৰা। এই আঠহাজাৰ টকাৰ দৰমহাৰে কেনেকৈ তাক মই গিয়াৰ থকা চাইকেল কিনি দিওঁ তুমিয়েই কোৱা। তাকে লৈ অশান্তিকৰ কাজিয়া মাকৰ লগত। মাজে মাজে ভাৱো ময়েই গলত টেপা মাৰি ধৰো নেকি!”
লগে লগে ইমাদুল জাপ মাৰি উঠিল। তাৰ পিছত আতংক ভৰা দৃষ্টিৰে কন্দৰ্পলৈ চাই পিছুৱাই যাবলৈ ধৰিলে।
“কি হ’ল ভাই?” কন্দৰ্পই সুধিলে।
ভয় তাৰো লাগিছিল। সেয়ে ট্ৰেখনৰ ওপৰত থকা চামুচখনলৈ হাত মেলিলে সি। সকলো পৰিস্থিতিৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখিব খুজিলে সি।
চামুচখন এহাতত লৈ চকীৰ পৰা উঠি কন্দৰ্পই পুনৰ সুধিলে, “কি হ’ল ভাই?”
“আপুনি এতিয়াই ইয়াৰ পৰা গুচি যাওক। আৰু নিজৰ ঘৰলৈ নাযাব। প্লিজ।”
***
উপন্যাসখনৰ পিছৰ অধ্যায়সমূহ 'কামিনী কাঞ্চন ৰহস্য' কিতাপখনত পাব। কিতাপখন ডাকযোগে ক্ৰয় কৰিবলৈ 8486292200 হুৱাটছএপ নম্বৰটোত যোগাযোগ কৰক।