Aug 4, 2021

ৰূপ - ডিটেক্টিভ গল্প (শৱৰ দাশগুপ্ত চিৰিজ)

ৰাজীৱ ফুকন
Roop Assamese Ditective Story by Rajiv Phukan 
*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

মিছ গাৰ্গী মিত্ৰ। কাহিনীটো আগবাঢ়িছে এইগৰাকী ৰূপৱতী যুৱতীক কেন্দ্ৰ কৰি৷ এবছৰ আগতে এখন বিউটি কন্টেষ্টত অংশ লৈছিল তেওঁ৷ তাৰ এবছৰ পিছত সংঘটিত এটা মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ গৈ ডিটেক্টিভ শৱৰ দাশগুপ্তই তাৰ যোগসূত্ৰ বিচাৰি পায় অতীতত ঘটি যোৱা কেইটামান ৰহস্যময় মৃত্যুৰ ঘটনাৰ লগত৷ আৰু তাৰ গুৰি বিচাৰি বিচাৰি তেওঁ উপস্থিত হয়গৈ সেই বিশেষ দিনটোত। কি ঘটিছিল সিদিনা সেই বিউটি কন্টেষ্টখনত? মৃত্যু হোৱা মানুহবোৰেই বা কোন? আৰু কি সম্পৰ্ক আছিল তেওঁলোকৰ গাৰ্গী মিত্ৰৰ সৈতে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈকে পঢ়ক ডিটেক্টিভ গল্প 'ৰূপ'।


** সূচী **



~~~~~~~

চিৰিজটোৰ অন্যান্য উপন্যাসসমূহঃ

ঋণ 4.5/5




Apr 17, 2021

প্ৰজাপতিৰ মৃত্যু আৰু পুনৰ্জন্ম - ডিটেক্টিভ উপন্যাস (শৱৰ দাশগুপ্ত চিৰিজ)

ৰাজীৱ ফুকন
Projapotir Mrityu aru Punarjanma by Rajiv Phukan 
*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

ঘৈণীয়েকৰ মতে সি এটা নৰপশু, ছেক্সুৱেলী ব্ৰুটেল, চেডিষ্ট। সেয়ে বিয়াৰ পিছদিনাই তাৰ লগত সকলো সম্পৰ্ক ছেদ কৰিছিল তাই। সেই মানুহজনৰ গেৰেজৰ কাষতেই ৰিংকু নামৰ এজনী ছোৱালীৰ ডেডবডি পোৱা গ'ল। ব্ৰুটেলি ৰেপড। পুলিচে তাকেই সন্দেহ কৰিছে। সন্দেহ কৰিবলৈ প্ৰমাণো আছে যথেষ্ট। পুলিচৰ মতে সেইটো এটা অপেন এণ্ড চাট কেছ। কিন্তু ডিটেক্টিভ শৱৰ দাশগুপ্তই কেছটো ইমান সহজভাৱে ল'ব পৰা নাই। তেনেহলে আচল কাহিনী কি? কেছটো অনুসন্ধান কৰিবলৈ গৈ তেওঁ মুখামুখি হ'ব লগীয়া হৈছে সেই অদ্ভুত, নিৰ্বিকাৰ, চেডিষ্ট ব্যক্তিজনৰ লগত।

 
** সূচী **








 

Mar 1, 2021

পোহৰৰ ছাঁত - ডিটেক্টিভ উপন্যাস (শৱৰ দাশগুপ্ত চিৰিজ)

ৰাজীৱ ফুকন
Pohoror Sat Assamese Detective Novel by Rajiv Phukan

*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

কোনো শিল্পীয়ে নিজৰ পত্নী আৰু কন্যাৰ অশ্লীল ছবি আঁকি বজাৰত বেচিব পাৰিব জানো? কিন্তু পত্নীৰ মতে, প্ৰতিহিংসাৰ দাৱানলত জ্বলি চিত্ৰশিল্পী সৰ্বজিৎ সৰকাৰৰ পক্ষে সেয়া কৰাতো একো অসম্ভৱ নহয়। যি কথা সৰ্বজিতে একে আষাৰে অস্বীকাৰ কৰে। তেনেহ'লে কোনে আঁকিলে সেই ছবি, তাকো ইমান নিখুঁতকৈ। তাৰ অনুসন্ধাতে নামি পৰিল ডিটেক্টিভ শৱৰ দাশগুপ্ত। তেওঁৰ অনুসন্ধানত ওলাই পৰিল এটাৰ পিছত এটাকৈ কিছুমান জঘন্য ঘটনা৷

** সূচী **

May 13, 2020

ঋণ - ডিটেক্টিভ উপন্যাস (শৱৰ দাশগুপ্ত চিৰিজ)

ৰাজীৱ ফুকন
Rin Assamese thriller detective novel - Rajiv Phukan

*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 
শৱৰ দাশগুপ্ত - প্ৰসিদ্ধ বাঙালী সাহিত্যিক শীৰ্ষেন্দু মুখোপাধ্যায়ৰ সৃষ্ট এটা কাল্পনিক ডিটেক্টিভ চৰিত্ৰ৷ এই চৰিত্ৰটোক লৈ তেওঁ কেবাখনো উপন্যাস ৰচনা কৰিছে৷ চৰিত্ৰটো প্ৰথম আবিৰ্ভাৱ হৈছিল ঋণ নামৰ উপন্যাসখনত৷ য'ত মিতালী ঘোষ নামৰ এগৰাকী সম্ভ্ৰান্ত ঘৰৰ মহিলাৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ গৈ ডিটেক্টিভ শৱৰ দাসগুপ্তই আৱিষ্কাৰ কৰে কিছুমান লজ্জাজনক ঘটনা৷
ঋণ উপন্যাসখনক পৰৱৰ্তী কালত "এবাৰ শবৰ" নামৰে চলচিত্ৰৰ ৰূপ দিয়ে পৰিচালক অৰিন্দম শীলে৷ এই চৰিত্ৰটোক লৈ তেওঁ এতিয়ালৈ তিনিখন ছবি নিৰ্মাণ কৰিছে৷

** সূচী **